মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন

মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যখনৰ সবাতোকৈ বৰ্ষীয়ান কৰ্মৰত সাংবাদিক- মুখ্য সম্পাদক, বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা মিডিয়া এছ’চিয়েছন, অসমৰ মুখ্য উপদেষ্টা মহীৰূহ কনকসেন ডেকাৰ আজি ৯৩ সংখ্যক জন্ম জয়ন্তী অনুস্তুপীয়াকৈ পালন কৰা হয়৷ গনেশগুৰিৰ অগ্ৰদূত ভৱনত বিয়লি ৪ বজাত মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত আৰু বহুকেইজন বিশিষ্ট লোকৰ উপস্থিতিত কেক কাটি জন্মদিন উদযাপন কৰা হয়৷ আৰম্ভণিতে মিডিয়া এছ’চিয়েছন, অসমৰ সভাপতি হীৰেন চন্দ্ৰ কলিতা আৰু সম্পাদক প্ৰধান চন্দ্ৰ কুমাৰ শইকীয়াই ফুলাম গামোৰে ডেকাদেৱক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে৷ চন্দ্ৰ কুমাৰ শইকীয়াই প্ৰথমে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আৰু হীৰেন চন্দ্ৰ কলিতাই সম্বৰ্ধনা জনায়৷ বিভিন্ন লোকে গামোচা, শুভেচ্ছা পত্ৰ, শৰাই আদি উপহাৰ দি শুভেচ্ছা জনায়৷ জন্মদিনৰ শুভেচ্ছা গ্ৰহণ কৰি ৯৩ বছৰীয়া প্ৰবীন সাংবাদিক কনকসেন ডেকাই জীৱনৰ অভিজ্ঞতা সম্পৰ্কত, অপৰাধ সম্পৰ্কত, ৰাজনীতি আৰু নেতা মন্ত্ৰীৰ সম্পৰ্কত তথা আত্মনিৰ্ভৰশীল অসম অভিযান সম্পৰ্কত দীঘলীয়া বক্তব্য ৰাখে৷ ডেকাদেৱে গাৱঁৰ দুখীয়া পৰিয়ালক গাইগৰু আৰু তাঁতশাল উপহাৰ দি আদৰ্শ গাঁও আঁচনিৰ পোষকতা কৰে৷ তেওঁ মিডিয়া এছ’চিয়েছন, অসমে হাতত লোৱা পদক্ষেপৰ শলাগ লয় আৰু আগলৈ সংগঠনটোৰ লক্ষ্য- উদ্দেশ্য বাস্তৱত পৰিণত হোৱাৰ আশা ব্যক্ত কৰে৷ অনুষ্ঠানত ড° দয়ানন্দ পাঠকে কনকসেন ডেকাৰ এলাহাবাদ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা, মঙলদৈ ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰা আৰু পৰৱৰ্তীকালত সাংবাদিকতা বৃত্তি গ্ৰহণ কৰি সংগ্ৰাম আৰম্ভ কৰা আৰু চৰকাৰৰ লগত হোৱা সংঘাত সম্পৰ্কত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়৷ অনুস্তুপীয়াকৈ আয়োজন কৰা অথচ সুশৃংখলিত, সুন্দৰ জন্মদিনৰ অনুষ্ঠানটোত শিক্ষাবিদ ড° দয়ানন্দ পাঠক, লেখক- চিত্ৰনিৰ্মাতা সঞ্জীৱ সভাপণ্ডিত, প্ৰাক্তন আইএএছ দেৱজ্যোতি হাজৰিকা আদিয়ে অতি গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত গোপাল জালান, জ্যোতি মালাকাৰ কাকতি, কুমুদ বড়ো, ইন্দ্ৰেশ্বৰ হাজৰিকা, কৃষ্ণ কাকতি আদি প্ৰায় দুকুৰিৰো অধিক লোক উপস্থিত আছিল৷