মিঞা বুলি মুছলমানক অত্যাচাৰ নকৰিব, মুছলমান বুলি মিঞাক ৰক্ষণাবেক্ষণ নিদিব: মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰ বাকৰিত ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি’ৰ অধীনত এক চেক বিতৰণ কাৰ্যসূচীত বুধবাৰে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অন্তৰ্ভুক্ত আত্মসহায়ক গোটৰ মুঠ ৩৪,৭১১ গৰাকী মহিলাক ১০,০০০ টকাৰ চেক আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে । এই অনুষ্ঠানতে সংবাদ মাধ্যমৰ আগত মিঞাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি অহা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসমত মিঞা থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি কৰাৰ বাবে ৰাইজক আহ্বান জনায়। মিঞাক আশ্রয় নিদিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড° শর্মাই কয় যে বাংলাদেশৰ পৰা অহা মিঞাৰ লগত আমি কোনো যোগাযোগ ৰাখিব নালাগে। যদি মিঞা বাংলাদেশীক অত্যাচাৰ কৰিছে তাত মোৰ সমৰ্থন আছে। কিন্তু খিলঞ্জীয়াক অত্যাচাৰ কৰিলে আমি কেনেকৈ সমর্থন দিম? মুখ্যমন্ত্রী ড° শর্মাই কয় যে প্রত্যেক দিনাই মই ২০-৩০জন বাংলাদেশী বিতাড়িত কৰোঁ। মোৰ টুইটাৰ একাউন্ট ফল’ কৰিলেই এই বিষয়ে জানিব পাৰিব। কিন্তু বাংলাদেশী মিঞাক লাইন পাতি, ৰে’লেৰে বাংলাদেশলৈ পঠিয়াই দিব নোৱাৰোঁ। গতিকে মিঞাক ইয়াত অলপ অত্যাচাৰ কৰি থাকিব লাগিব, তাতো অলপ অত্যাচাৰ কৰিব লাগিব। তেতিয়াহে তেওঁলোক যাবগৈ। আমি পঠিয়াই দিয়াতকৈ নিজে যোৱাৰ ব্যৱস্থা এটা কৰিব লাগে। ইতিমধ্যে মিঞাৰ পৰা ডেৰ লাখ বিঘা মাটি উচ্ছেদ কৰিছোঁ। এতিয়া তেওঁলোকে মাটি নাপায়, যাব লাগিব। অসমৰ পৰা যাব লাগিব। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে আন্দোলনৰ ধাৰণা আৰু মোৰ ধাৰণাটো বেলেগ। মোৰ ধাৰণা হ’ল অসমত মিঞা থাকিব নোৱাৰা পৰিৱেশ এটা সৃষ্টি কৰা। মিঞাক মাটি নিদিব, গাড়ী নিদিব, ৰিক্সা নিদিব, ঠেলা নিদিব। মোৰ এই ধাৰণা সফলো হৈছে। প্রত্যেক দিনে মিঞা ধৰি আছোঁ। কিন্তু তেওঁলোকে আদালতত যাব পৰা নাই। সেয়ে এনেকুৱা পৰিৱেশ সৃষ্টি কৰক যাতে মিএণ অসমৰ ভিতৰত থাকিব নোৱাৰা হৈ যায়। এইক্ষেত্রত মহাত্মা গান্ধীৰ চিভিল ডিছঅ’বিডিয়েঞ্চ নীতি ব্যৱহাৰৰ পোষকতা কৰি মিঞাৰ ক্ষেত্ৰত সর্বাত্মক অসহযোগ-অবাধ্য নীতি গ্রহণ কৰিবলৈ জনসাধাৰণক তেওঁ আহ্বান জনায়। এই নীতি কার্যকৰী কৰিলে মিঞাসকল নিজে নিজে যাবগৈ। মুখ্যমন্ত্রী ড° শর্মাই মিঞা আৰু মুছলমানৰ পার্থক্য বুজিবলৈ আহ্বান জনাই কয় যে মিঞা বুলি মুছলমানক অত্যাচাৰ নকৰিব আৰু মুছলমান বুলি মিঞাক ৰক্ষণাবেক্ষণ নিদিব। সেইদৰে ভোটাৰ তালিকাৰ পৰা বাংলাদেশী মিঞাৰ নাম কৰ্তনৰ পোষকতা কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বিদেশীৰ নামমুক্ত এখন ভোটাৰ তালিকা কৰিবলৈ হ’লে মানুহলৈ জাননী যাবই লাগিব। জনসাধাৰণক এনে জাননী গ্রহণ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড° শর্মাই কয় যে যদি আমি এইক্ষেত্ৰত ত্যাগ নকৰোঁ, বাংলাদেশী কেনেকৈ খেদিম? জাননী যদি কালৈকো নাযায়, তেতিয়াহ’লে ভোটাৰ তালিকাৰ পৰা মানুহৰ নাম কেনেকৈ বাদ পৰিব? কাৰোবাৰ ঘৰলৈ জাননী এখন গ’লে তেওঁ ভাবিব লাগে দেশৰ বাবে এইটো মোৰ বৰঙণি। একেদৰে অসমতো এছআইআৰৰ পোষকতা কৰি মুখ্যমন্ত্রী ড° শর্মাই এতিয়া অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী হৈ আছে। নিৰ্বাচনৰ পাছত এছআইআৰ হ’ব। এছআইআৰ অসমত বহুত ভালদৰে হ’ব আৰু ডাঙৰ হ’ব। আমি নির্বাচন আয়োগক এতিয়াই এছআইআৰ কৰাৰ কথা কৈছিলোঁ। কিন্তু এনআৰচি প্রকাশ নোপোৱাৰ বাবে আয়োগে অসমত এতিয়াই এছআইআৰ নকৰিলে।
