মিজোৰামত নিচা জাতীয় সামগ্ৰী জব্দ

মিজোৰামত নিচা জাতীয় সামগ্ৰী জব্দ

ৰঙিলী বাৰ্ত্তাসেৱা- বি এছ এফ, মিজোৰাম আৰক্ষী আৰু মিজোৰামৰ‌ বিশেষ নাৰ্কোটিকছ বিভাগে অভিযান চলাই বুজন পৰিমাণৰ নিচা জাতীয় সামগ্ৰী জব্দ‌ কৰে। বি এছ এফৰ এক সূত্ৰই সদৰী কৰা মতে, গোপন তথ্যৰ ভিত্তিত মিজোৰাম-কাছাৰ ফ্ৰন্টিয়াৰৰ আইজলত নিয়োজিত বি এছ এফৰ ৩৮ নম্বৰ বেটেলিয়ান, মিজো আৰক্ষী আৰু নাৰ্কোটিকছ বিভাগে আইজলৰ এডেনথৰত যুটীয়া অভিযান চলাই জব্দ কৰে নিচাজাতীয় সামগ্ৰীখিনি।‌ অভিযানত ৭২০ বটল কডেইন কফ চিৰাপ জব্দ‌ কৰা হয়।‌ জব্দ কৰা কফ চিৰাপৰ মূল্য কেইবা লাখ টকা হ’ব বুলি অনুমান‌ কৰা হৈছে। ইফালে, অবৈধ‌ কফ চিৰাপ সৰবৰাহৰ অভিযোগত এজন ভাৰতীয় লোকক গ্ৰেপ্তাৰ কৰা হৈছে।‌ জব্দ কৰা সামগ্ৰী আৰু ধৃত সৰবৰাহকাৰী জনক পিচত স্থানীয়‌ থানাত গতাই দিয়া হয়।