মিছ ইণ্ডিয়া পোলেণ্ড ২০০৪ ৰ অসম কন্যা অনুৰাধা ৰায়ৰ মিছ ইণ্ডিয়া নিউইয়ৰ্ক যাত্ৰা

মিছ ইণ্ডিয়া পোলেণ্ড ২০০৪ ৰ অসম কন্যা অনুৰাধা ৰায়ৰ মিছ ইণ্ডিয়া নিউইয়ৰ্ক যাত্ৰা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ অনুৰাধা ৰয়ে শেহতীয়াকৈ মিছ ইণ্ডিয়া পোলেণ্ড ২০২৪ খিতাপ দখল কৰাৰ পিছত এই বছৰ নিউ ইয়ৰ্কত অনুষ্ঠিত হব লগীয়া বিশ্বজনীন মিছ ইণ্ডিয়া ৱৰ্ল্ড ৱাইড নিউইয়ৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। এই উদ্দেশ্যে আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত অনুৰাধাই সৌন্দৰ্য্য খণ্ডত নিজ যাত্ৰাৰ বিষয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে পোলেণ্ডত বাস কৰা ভাৰতীয়সকলৰ বাবে ইণ্ডিয়া পোলেণ্ড মহিলা ফেডাৰেচন আৰু ৰাজভি ইভেণ্টছৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সৌন্দৰ্য্য প্ৰতিযোগিতাত অনুৰাধাই প্ৰথম ভাৰতীয় হিচাপে এই খিতাপ লাভ কৰিছিল। অনুৰাধাই পোলেণ্ডৰ ৱাৰ্ছ’ত অনুষ্ঠিত একেখন প্ৰতিযোগিতাতে মিছ ফটোজেনিক খিতাপো লাভ কৰিছিল। ২৭ বছৰীয়া অনুৰাধাই এই প্ৰতিযোগিতাৰ বাবে প্ৰাৰম্ভিক বাচনিৰ স্ক্ৰীনিং পৰ্যায়ত ৪০০ গৰাকীতকৈ অধিক প্ৰতিযোগীৰ মাজৰ পৰা নিৰ্বাচিত কৰাৰ উপৰি ১৬ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ মাজত এই খিতাপ লাভ কৰে। অনুৰাধাই গুৱাহাটীৰ খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ত মাধ্যমিক শিক্ষা আৰু আৰ্মি পাব্লিক স্কুল নাৰেংগীৰ পৰা মানৱীয়তা (Humanities) বিষয়ত উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞানত অনাৰ্ছৰ সৈতে স্নাতক ডিগ্ৰী লাভ কৰা অনুৰাধাই ক্লিনিকেল চাইক’লজী আৰু অপৰাধ বিজ্ঞানত দুটা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। গুৱাহাটীত থকা সময়ত অনুৰাধা নৃত্য, সংগীতৰ প্ৰতি আকৰ্ষিত আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাত উৎসাহী আছিল আৰু ভাৰতনাট্যমতো বিশাৰদ ডিগ্ৰী লাভ কৰিছিল। অন্যহাতে স্কুলীয়া দিনৰ পৰাই অনুৰাধাই বিদ্যালয় আৰু সমসাময়িক বিভিন্ন সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে ভালেমান স্বীকৃতি লাভ কৰিছিল। সাংবাদিকৰ আগত নিজৰ মন্তব্য কৰি অনুৰাধাই কয় যে এই মঞ্চখনৰ যোগেদি অসমৰ গৌৰৱময় সংস্কৃতি, পৰ্যটন আৰু অসমীয়া মেখেলা চাদৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব বিচাৰে। ২০২১ চনত অনুৰাধাই অধিক অধ্যয়নৰ বাবে পোলেণ্ড চৰকাৰৰ পৰা বৃত্তি লাভ কৰে। বৰ্তমান পোলেণ্ডত জ্যেষ্ঠ কাৰিকৰী নিযুক্তিদাতা হিচাপে কাম কৰাৰ উপৰি মনোবিজ্ঞানী হিচাপেও কাম কৰি আছে।