মিছন বসুন্ধৰা-২ৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- মিছন বসুন্ধৰা-১ৰ সফলতাৰ পাছত মিছন বসুন্ধৰা-২ৰ শুভাৰম্ভ কৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনি মুকলি কৰে।এই আঁচনিৰ জৰিয়তে ঘৰত বহিয়েই অনলাইনৰ জৰিয়তে যিকােনাে লােকে নিৰ্ধাৰিত সেৱাসমূহৰ বাবে আবেদন জনাব পাৰিব।মিছন বসুন্ধৰা ২ৰ অধীনত সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন অৰ্থাৎ এই সেৱাৰ জৰিয়তে অসম চৰকাৰৰ প্ৰচলিত ভূমি নীতিৰ আধাৰত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক সাধাৰণ খেতি আৰু ঘৰ বস্তিৰ বাবে সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টনৰ ব্যৱস্থা কৰি ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।মিছন বসুন্ধৰা-২ৰ কাম অহা ৩১ ডিচেম্বৰলৈ চলিব।এই আঁচনিৰ দ্বাৰাএই আঁচনিৰ জৰিয়তে চৰকাৰী মাটি, ভিলেজ গ্রেজিং ৰিজাৰ্ভ (ভি জি আৰ) আৰু প্ৰফেছনেল গ্ৰেজিং ৰিজাভৰ (পি জি আৰ) মাটিত বসবাস কৰি অহা খিলঞ্জীয়া লোকসকলক মাটিৰ পট্টা প্ৰদান কৰা হ’ব।এই আঁচনিৰ দ্বাৰা জনজাতীয় লোকক স্থায়ী উত্তৰাধিকাৰী সূত্ৰে আৰু হস্তান্তৰযোগ্য অধিকাৰ প্ৰদানৰ বাবে ভূমি নীতি শিথিল কৰা হ’ব।ভূমি নীতি-২০১৯ শিথিল কৰি বিশেষকৈ চাহ, কফি আদি খেতি কৰা খেতিয়কৰ মাটি সম্পৰ্কীয় বিষয়বোৰ নিষ্পত্তি কৰা হ’ব।ভূমি ৰাজহ, স্থানীয় কৰ আৰু অন্যান্য মাচুল অনলাইন পৰিশোধৰ ক্ষেত্ৰত ই-খাজনাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি সংঘবদ্ধ ভূমি হস্তান্তৰ বাবে স্বয়ংক্রিয় নামজাৰি ব্যৱস্থা প্ৰৱর্তন কৰা হ’ব।ইয়াৰ উপৰি অস্থায়ীভাবে বসতি স্থাপন কৰা এলেকাৰ দখলদাৰী আৰু ৰায়তসকেল এই অভিযান কালতে অসম লোকসেবা প’ৰ্টেলৰ জৰিয়তে ভূমি স্বত্ব লাভ কৰিব পাৰিব।