মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত নামনি মাজুলীৰ ২ নং বৰগঞাত মুৰংঘৰ নিৰ্মাণ শুভাৰম্ভ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মিচিং স্বায়িত্ব শাসিত পৰিষদৰ ২৩ নং লোহিত পৰিষদীয় সমষ্টি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ উন্নয়ন পুজিৰ ১০ লাখ টকাৰ আৰ্থিক সাহায্যৰে নামনি মাজুলীৰ ২ নং বৰগঞাৰ পামে চুবুৰীত মুৰং ঘৰ নিৰ্মাণ শুভাৰম্ভ কৰা হয়। আজি মিচিং জনগোষ্ঠীৰ পৰম্পৰা অনুসৰি চন্দ্ৰ -সূৰ্যক প্ৰাৰ্থনা কৰি উক্ত মুৰংঘৰৰ লাইখূঁটা স্থাপন কৰে ২৩ নং লোহিত পৰিষদীয় সমষ্টিৰ সাধাৰন সদস্য মুকুল পেগুয়ে । অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ নাগৰিক কনকেশ্বৰ পামেগামে ।

উক্ত, শুভাৰম্ভ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে টি এম পি কে’ৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সম্পাদক হৰেন নৰহ, ৮২ নং বৰগঞা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভৱ টাকো, খাৰজানপাৰ জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক অনিল পামে গাম, জ্যেষ্ঠ নাগৰিক কনকেশ্বৰ পামে গাম,গিৰিদেৱ পামে গাম, ৱাৰ্ড সদস্যা পিংকু টাকু আৰু গাওঁৰ গন্য মান্য ব্যক্তিসকল। শুভাৰম্ভ অনুষ্ঠানটিৰ আঁত ধৰে যুৱ সমাজকৰ্মী সত্যেন্দ্ৰ নাথ পামে গামে।

২নং বৰগঞা পামে চুবুৰীত মুৰং ঘৰৰ লাইখুঁটা স্থাপন কৰি মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২৩নং লোহিত পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য মুকুল পেগুৱে কয় যে- মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সকলো সমষ্টিৰ উন্নয়নৰ ধাৰা এনেদৰেই অব্যাহত থাকিব মাথো ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন। তেওঁ উক্ত, মুৰংঘৰটো সু নিৰ্দিষ্ট প্ৰাককলন অনুসৰি, উন্নত মানদণ্ডৰে নিৰ্দিষ্ট সময়ত নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ নিৰ্মাণ সমিতিক আহ্বান জনায়। উক্ত, উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে নিৰ্মাণ সমিতিৰ তৰফৰ পৰা উপস্থিত সকলোকে আদৰণী জনোৱা হয়। অনুষ্ঠানত শলাগ জ্ঞাপন কৰে সত্যেন্দ্ৰনাথ পামেগামে।
