মিচিং যুৱ মহোৎসৱৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- ধেমাজি জিলাৰ কাৰেং চাপৰিত অনুষ্ঠিত দশম বার্ষিক মিচিং যুৱ মহোৎসৱৰ সামৰণী অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্ৰহণ কৰে। ভূমিপুত্ৰ মিচিং জনজাতিৰ জাতীয় সংগঠন টাকাম মিচিং পৰিণ কেবাঙৰ উদ্যোগত যোৱা ২৫ জানুৱাৰীৰ পৰা ৬দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। লক্ষাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত মুকলি সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহৰ উপস্থিতিয়ে মিচিং যুৱ মহোৎসৱৰ সৌষ্ঠৱ আৰু গুৰুত্ব দুগুণে বৃদ্ধি কৰিছে। মিচিং কলা-সংস্কৃতিৰ প্ৰতিফলনেৰে এই অঞ্চলটোক সজাই তুলি মহোৎসৱক অধিক বর্ণাঢ্য ৰূপত আয়োজন কৰিবলৈ ৰাজ্য চৰকাৰে ১০০ কোটি টকা প্রদান কৰিব। অসমৰ লোকসংস্কৃতি আৰু জনজাতীয় কলা-সংস্কৃতিৰ বিকাশ ৰাজ্য চৰকাৰৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। মিচিং জনগোষ্ঠীৰ লোকসকল যদি শদিয়াৰ পৰা গোলাঘাটলে নাথাকি ধুবুৰীপর্যন্ত সমগ্ৰ অসম জুৰি থাকিলেহেঁতেন তেন্তে ৰাজ্যত কেতিয়াও বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে খোপনি পুতিব নোৱাৰিলেহেঁতেন। মিচিং সম্প্ৰদায়ৰ লোকসকলে কঠোৰ পৰিশ্ৰমেৰে নিজৰ পৱিত্ৰ ভূমিক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণেই গোলাঘাটৰ পৰা শদিয়ালৈ ব্ৰহ্মপুত্ৰৰ এটাও চৰত অবৈধ বাংলাদেশী সোমাব পৰা নাই। মিচিংসকলৰ কৰ্ম-সংস্কৃতি অতিশয় অনুকৰণীয় আৰু সন্মানীয় বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে মিচিং জনগোষ্ঠীয়ে অতীজৰে পৰা অসমৰ ভাষা, কলা, সংস্কৃতিৰ সুৰক্ষাৰ প্ৰতি এক যুগমীয়া দায়িত্ব পালন কৰি আহিছে। শৰাইঘাটৰ যুদ্ধত যেতিয়া লাচিত বৰফুকনে পৰাক্ৰম দেখুৱাইছিল তেতিয়া তেওঁৰ কাষত বাঘ হাজৰিকা নাছিল। আছিল মিৰি সন্দিকৈ। শৰাইঘাটৰ যুদ্ধত মিৰি সন্দিকৈয়ে সমগ্র পাণ্ডুত মোগলক প্রতিহত কৰিছিল। আহোমে মিৰি বৰগোহাঁই পদ সৃষ্টি কৰিছিল আৰু স্বৰ্গদেউ চুবিনফাই হিঙ্গুলী নামৰ এগৰাকী মিচিং জীয়ৰীক বৰকুঁৱৰী পাতি সমন্বয়ৰ সাঁকো গঢ়িছিল মিচিংসকলৰ সৈতে। অসমৰ জাতীয় জীৱনলৈ মিচিং সম্প্ৰদায়ৰ অভূতপূর্ব অৰিহণা আছে বুলি তেওঁ মন্তব্য কৰে। এই প্রসংগত মুখ্যমন্ত্রী ড° শৰ্মাই মানৰ আক্ৰমণৰ বিষয়ে উল্লেখ কৰি কয় যে মানৰ আক্ৰমণৰ সময়তো মিচিংসকলে অত্যন্ত সাহসৰ পৰিচয় দাঙি ধৰিছিল। মানে তেজপুৰেদি উজাই আহোঁতে মুর্কংচেলেকত মিচিংসকলৰ সৈতে যুদ্ধ হৈছিল আৰু সেই যুদ্ধত মানক পৰাজিত কৰিছিল মিচিঙে। ৰাজ্য চৰকাৰে অসম বুৰঞ্জী বিদ্যালয়ৰ পাঠ্যক্ৰমত নতুনকৈ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লোৱাৰ কথা দোহাৰি তেওঁৰ ভাষ্য- এই বুৰঞ্জীয়ে মিৰি সন্দিকৈৰ বীৰগাঁথা আৰু মুর্কংচেলেকত মিচিঙে মানক প্রতিহত কৰাৰ ইতিহাস সন্নিৱিষ্ট কৰাটো আমাৰ জাতীয় দায়িত্ব। এইক্ষেত্রত যাৱতীয় পদক্ষেপ ল’বলৈ তেওঁ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডক আহ্বান জনায়। যোৱা ২৫ ডিচেম্বৰত মিচিং ৰাইজৰ এটি প্রতিনিধি দলে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক সাক্ষাৎ কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে সেই বৈঠকত মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক স্বীকৃতি দিবলৈ অনুৰোধ জনাইছিলোঁ। সেই সময়তে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে ঘোষণা কৰিছিল- মিচিং সমাজৰ সমস্যাসমূহ সমাধানৰ বাবে আলোচনাকাৰী নিয়োগ কৰা হ’ব আৰু কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰ মিলি মিচিং সমাজৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ একেলগে কাম কৰিব। ঘুণাসুঁতিৰ দলং, বগীবিলৰ পৰা মাজুলীলৈ ৰাজ্যিক ঘাইপথ ঘোষণা, যোৰহাট-মাজুলী সংযোগী দলং, প্রান্তীয় অঞ্চল অমৰপুৰলৈ বিদ্যুতীকৰণৰ ব্যৱস্থা আদি পদক্ষেপে সম্প্রদায়টোৰ জনসাধাৰণৰ অভাৱ-অভিযোগ দূৰ কৰি তেওঁলোকক আগুৱাই লৈ যোৱাৰ প্ৰয়াসকে প্রতিফলন কৰিছে। মিচিংসকলৰ অধিকাৰ আৰু অসমৰ অধিকাৰ সুৰক্ষাৰ বাবে বৰ্তমানৰ চৰকাৰে সদায়েই জনগোষ্ঠীটোৰ লোকসকলৰ সৈতে হাতে হাত মিলাই কাম কৰি যাব বুলি তেওঁ সদৰী কৰে। মিচিংসকলৰ দক্ৰি-প’ল’ সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ বাবে আৰু দঞি-প’ল’ সমাজৰ আৰ্থ-সামাজিক গৱেষণা, ইতিহাস আদিৰ ক্ষেত্ৰত কাম-কাজৰ বাবে আজিৰ সভাতে মুখ্যমন্ত্রী ড° শৰ্মাই ১০ কোটি টকাৰ অনুদান ঘোষণা কৰে। এই সভাত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ মিচিং সমাজ আৰু ৰাজ্যবাসীৰ হৈ কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহক ধন্যবাদ-কৃতজ্ঞতা জনায়। অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, ৰাজ্য চৰকাৰৰ মন্ত্রী ডাঃ ৰণোজ পেণ্ড, সাংসদ প্রদান বৰুৱা, বিধায়ক নৱ কুমাৰ দলে, ভুবন পেণ্ড, মানৱ ডেকা, ভুবন গাম, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, টাকাম মিচিং পৰিণ কেবাঙৰ সভাপতি তিলক দলেকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
