মিচিং জনগোষ্ঠীৰ বসন্ত উৎসৱ : আলি -আ:য়ে -লৃগাং – নিবেদিতা হাজৰিকা

Pc- অসমীয়া ৱিকিপিডিয়া-Wikipedia

মিচিং জনগোষ্ঠীৰ বসন্ত উৎসৱ : আলি -আ:য়ে -লৃগাং

নিবেদিতা হাজৰিকা, লখিমপুৰ

আলি আঃয়ে লৃগাং বা আলি আয়েঃ লৃগাং অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সকলৰ পৰম্পৰাগত উৎসৱ।এই উৎসৱ মূলত কৃষিৰ লগত জড়িত। ইয়াৰ  অৰ্থ হৈছে- আলি (শস্যৰ বীজ), আয়ে(ফল) আৰু লৃগাং (সিঁচা)। অৰ্থাৎ ই হৈছে শস্য সিঁচা উৎসৱ। মিচিং সকলৰ বাবে ই এক বসন্তকালীন উৎসৱ।এই দিনটোৰ পৰাই তেওঁলোকে আহু ধানৰ বীজ সিচিঁবলৈ আৰম্ভ কৰে।শস্যৰ অধিক উৎপাদন কামনা কৰিয়েই নৈপৰীয়া মিচিং জনগোষ্ঠীৰ লোক সকলে এই উৎসৱ পালন কৰে।এই উৎসৱ দুটা ভাগত পালন কৰে। উৎসৱৰ প্ৰথম দিনটোৰ বাবে বাৰীৰ এটুকুৰা মাটি বিশেষ ভাৱে চহাই ঘৰৰ মূৰব্বীজনে বিশেষ মন্ত্ৰ মাতি মাটি ডৰাত কণী ভাঙি আলু ,আদা,ধান আদি ৰোপণ কৰে আৰু ইয়াৰ পাছত ভগৱানলৈ বুলি ‘পুৰাং’ আৰু ‘আপং’ আগবঢ়াই কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়। দ্বিতীয়তে গাওঁখনৰ মুখিয়াল জনৰ ঘৰলৈ গৈ নৃত্য আদি কৰি  আৰ্শীবাদ লয় আৰু ক্ৰমান্বয়ে গোটেই গাওঁ খনতে নৃত্য আদি কৰি সাত দিনৰ দিনা বিহু সামৰে ঠিক আমাৰ অসমীয়া বহাগৰ বিহুৰ দৰে।বৃহৎ অসমীয়া  জনগোষ্ঠীৰ অংশীদাৰ এই মিচিং লোক সকলে পৰম্পৰাগত ভাৱে লোক  বিশ্বাসৰ ওপৰত ভিত্তি কৰিয়েই তেওঁলোকৰ প্ৰধান জাতীয় উৎসৱ সম এই উৎসৱটি সাত দিন ধৰি অতি উলহ -মালহেৰে পালন কৰে।সেই সাত দিনত তেওঁলোকে দৈনন্দিন কামৰ পৰা কিছু পৰিমানে  অব্যাহতি লৈ ঘৰে-ঘৰে নৃত্য কৰি, বিহু গায়  বিহুৰ আনন্দ উপভোগ কৰে।উল্লেখ্য যে  আলি -আয়ে-লৃগাং এ অসমীয়া লোক সংস্কৃতি, লোক বিশ্বাস ,নৃত্য-গীত ,সুৰ ,

বাদ্য আদি বিভিন্ন দিশত সমৃদ্ধ কৰি আহিছে, সমৃদ্ধ কৰি তুলিছে।এই বিহুত বহুতো লোক বিশ্বাস জড়িত হৈ আছে।মিচিং সকলে বিশ্বাস কৰে যে দেৱতাক  নাচ -গানেৰে  সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ নহ’ব। তেতিয়া শস্যৰ উৎপাদন নহ’ব।সেয়ে সম্পূৰ্ণ ৰীতি-নীতি, নৃত্য- গীতৰ মাজেৰে লখিমীক সন্মান প্ৰদৰ্শন কৰাৰ লগতে উপৰি পুৰুষ সকলৰ প্ৰতিও  নৈবেদ্য আগবঢ়াই যাতে তেওঁলোকৰ খেতি আদি ভাল হয় আৰু উপৰিপুৰুষৰ কোপ দৃষ্টিৰ পৰাও তেওঁলোক ৰক্ষা পৰে। উৎসৱৰ দিনা ভাত , বৰা চাউল তথা ছাই মদ( আপং) আদি আগবঢ়াই  ‘দঞি পল ‘ (সূৰ্য -চন্দ্ৰ) ৰ নাম লৈ স্তুতি গীত আগবঢ়ায়।শস্য সিঁচাৰ আৰম্ভণিৰ উলাহতে সকলোৱে মিলি-জুলি সমূহীয়াকৈ ভোজ-ভাত খাই নৃত্য-গীত পৰিৱেশন কৰে।

অসমত বাস কৰা মিচিং জনগোষ্ঠীৰ  পৰম্পৰাগত  লোকনৃত্য – গুমৰাগ প্ৰদৰ্শন কৰা হয়। উল্লেখ্য যে এই নৃত্য কেৱল লৃগাং তহে প্ৰদৰ্শন কৰা হয়।

মূলত: কৃষি ভিত্তিক  এই  উৎসৱে বিভিন্ন জনৰ  মাজত ঐক্য আৰু সম্প্ৰীতিৰ সাঁকো গঢ়ি , কৃষি কৰ্মৰ বাবে নিয়োজিত হ’বলৈ সকলো  মিচিং সম্প্ৰদায়ৰ লোকক সক্ৰিয় আৰু কৰ্মঠ কৰি তোলে।মিচিং জনগোষ্ঠীৰ এক অন্যতম পৰিচয় দাঙি ধৰা  উৎসৱ আলি আঃয়ে লৃগাং সম্প্ৰীতিৰো উৎসৱ।