মিকিৰভেটাৰ শিলপুখুৰীৰ পৰা চাইবাৰ অপৰাধী আটক

মিকিৰভেটাৰ শিলপুখুৰীৰ পৰা চাইবাৰ অপৰাধী আটক

ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ মিকিৰভেটাৰ বৰিবজাৰ আৰক্ষী পহৰা চকী অন্তৰ্গত শিলপুখুৰীৰ পৰা আৰক্ষীয়ে এজন চাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে, বৰিবজাৰ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেবজিৎ শইকীয়াৰ নেতৃত্বত এটি আৰক্ষীৰ দলে শিলপুখুৰীত অভিযান চলাই ৰফিকুল ইছলামৰ পুত্ৰ তথা চাইবাৰ অপৰাধী ৱাহিদুৰ জামান আনচাৰীক ১২০টা চিম কাৰ্ড,ইইচ পি লেপটপ এটা আৰু এটা ৰিয়ালমী মোবাইল সহ আটক কৰিবলৈ সক্ষম হয়।সম্প্ৰতি আনচাৰীক মৰিগাঁও জিলা জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।