মা – লখিমী শৰ্মা

PC - The New Age Parents
মা
লখিমী শৰ্মা, যোৰহাট 
এই ধৰালৈ অনা আইমাতৃলৈ
শত সহস্ৰ প্ৰণাম নিবেদিলোঁ
তোমাৰ কোলাতেই ডাঙৰ দীঘল হৈ
এই ধুনীয়া পৃথিৱীখনৰ লগত
চিনাকি কৰাই দিয়া ,
তুমি সুখত থাকা ভালে থাকা সদায়
আজীৱন তোমাক ভালে ৰাখক,
 ভগৱানে তাকেই কামনা কৰিম ভগৱানক
সৎ সাহসত জীয়াই ৰখা ,
প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যাবলৈ
উৎসাহ দিয়া ,
অজস্ৰ মৰমৰ এনাজৰীৰে বান্ধি
হৃদয়খনক সবল শক্তিশালী কৰি তোলা
মোৰ মৰমৰ আইগৰাকীক সেৱা জনাইছোঁ ,
সৰ্বশক্তিশালী তুমি মা অনন্যা ,
সকলোকে ভালে ৰখাৰ প্ৰয়াসেৰে
তোমাৰ যি কষ্ট ত্যাগক
কৰযোৰে প্ৰাৰ্থনা জনাইছোঁ ,
জীৱনৰ জটিলতকৈয়ো জটিল সমস্যাক
কিদৰে নেওঁচি আগুৱাই যাব লাগে
তাক তুমি মনত কৰাই দিয়া বোৰত
মুগ্ধ হৈ ৰৈছোঁ ,
প্ৰতিটো কৰ্মতে উৎসাহ যোগোৱা
মা তোমাক শতকোটি প্ৰণাম জনাইছোঁ ।।