মা- বুলু শইকীয়া

Pc Freepik
মা
অ মা তোমাৰ মাত শুনিলেই
সকলো দুখ পাহৰি যাওঁ মই
তোমাৰ দৰে আপোন
আৰু কোনো এই ধৰণিত নাই
তুমি বিহীন সকলোতে শূন্য
যি ফালেই চকু মেলি চাওঁ
তোমাৰ মমতা অবিহনে
একোৱেই বিচাৰি নাপাওঁ
তোমাৰ বুকুতেই জনম লভি
দেখিছো আজি বসুন্ধৰাৰ আলোক
তুমি কৰা যতনৰ বাবেই ডাঙৰ হৈ
ফুৰিব পাৰিছোঁ এই মায়াবী জগতত
ঈশ্বৰৰ পিছতে যে তোমাৰ স্থান
বিচাৰিলেও নোৱাৰিম মই
তোমাৰ অলেখ কষ্ট বা সেৱাৰ
ঋণ পৰিশোধ কৰিবলৈ
কোনো কালে
কামনা কৰিছোঁ মাথোঁ আন্তৰৰ পৰা
বিশ্বৰ বুকুত যেন জিলিকি থাকা
প্ৰতি জন পুত্ৰ পুত্ৰীত মন মগজুত
মমতা সন্মানৰ প্ৰতীক হৈ..
বুলু শইকীয়া, যোৰহাট