মা তুমি মহান
মাতৃ! এক ধৰাৰ ভগৱন্ত সম ৰতন,
ধৰাত যেন নাপাবা মাতৃৰ সম মহাধন।
মাতৃৰ হাত দুখনিত যেন মহাশক্তি আছে,
সহস্ৰ সুৰুজৰ তাপেও যেন একো কৰিব নোৱাৰে।
মাতৃৰ সম ধৰাত নাপাবা আপোন,
বুকু হম হম কৰে মাতৃৰশুনিলেই শিশুৰ কান্দোন।
সুন্দৰ ধৰাখনি দেখিবলৈ পাইছোঁ, মা তোমাৰ বাবে,
তোমাৰ প্ৰতিটো খোজত যেন অমৃত বৰষে।
মা তুমি যেন সৰগৰ এটি ফুল,
সন্তানৰ ভৱিষ্যতৰ বাবে যেন তুমিয়ে ব্যাকুল।
হলে সন্তান অসুস্থ, কেৱল মাতৃয়ে সহায়ৰ হাত,
মাতৃৰ মন যেন পুলকিত হয় শুনিলেই শিশুৰ মাত।
মাতৃ যেন কেতিয়াও নহয় ক্লান্ত,
মাতৃৰ বলৰ যেন কদাপি নাই অন্ত।
তোমাৰ বাবে মই এই জীৱন পাইছোঁ,
তোমাৰ বাবে এই সুন্দৰ ধৰা দেখিলোঁ।
মাতৃ দিৱস বাৰু কিয় এদিন হব পাৰে,
প্রতিদিন মাতৃ দিৱস মোৰ বাবে।
কিছু লোকে মাতৃক বৃদ্ধাশ্ৰমত থৈ আহে,
অসৎ লোক সেইবোৰ, কিয় ঈশ্বৰে জন্ম দিয়ে।
পৃথিৱীত নাপাবা মাতৃৰ সম ভগৱান,
এই যুগত, এই দেৱীৰে কিয় হয় অপমান।
মাতৃৰ প্ৰশংসাৰ যেন অন্ত নপৰে,
মাতৃৰ সম যুদ্ধা যেন ধৰাত নাথাকে।
মাতৃৰ সম কেতিয়াও সঁচা প্রেম নাপাবা,
মাতৃক কেতিয়াও আঘাত নিদিবা।
মাতৃ দিৱসৰ এই পৱিত্ৰ ক্ষণত,
সহস্র-কৌটি প্রণাম মা তোমাৰ চৰণত।
-নিতিষ্মান দাস
অষ্টম শ্ৰেণী