মা তুমি অনন্যা-ৰশ্মি ৰেখা দুৱৰা

Pc Access to Thousand of Wallpaper
মা তুমি অনন্যা
ৰশ্মি ৰেখা দুৱৰা
             ডিব্ৰুগড়
কবিৰ কাব্যকাননত কবিতা নহয়
বিশাল সাগৰৰ গভীৰতা,
জোখাৰ সামৰ্থ নাই
অনুমান কৰাৰ প্ৰচেষ্টা।
কোন এই মমতাময়ী
বিশালতাৰ ঢৌৰে আবৃত,
অনন্য প্ৰেৰণাৰ উৎস
জীৱনদায়িনী।
তুমি ‘মাতৃ’ প্ৰবল শক্তিৰ!
তোমাৰ মৰমৰ গভীৰতা
শব্দৰে নহয়
আকুলতাৰে প্ৰতিষ্ঠিত।
কৰ্তব্য পৰায়ণতা,চিৰপ্ৰৱাসিনী,
জ্ঞানদায়িনী !
তোমাৰ জ্যোতিৰে আলোকিত
বিশাল সাগৰৰ গভীৰতা।