মা তুমি অনন্যা – লখিমী শৰ্মা

Pc Meer
মা তুমি অনন্যা 
লখিমী শৰ্মা
 যোৰহাট 
এই ধৰাৰ বুকুলৈ আনিলা তুমি আই
 অন্তৰৰ কোনোবা নিভৃত কোণৰ পৰা যেন ,
নিজৰি বয় দেৱ আৰাধনাৰ মন্ত্ৰোচ্চাৰণ
য’ত বাৰম্বাৰ প্ৰতিধ্বনিত হয়
 হে অন্তঃ জ্ঞান সলিলা আই মাতৃ
 তোমাক শত সহস্ৰ প্ৰণাম …….
 জন্ম হৈয়ে চকু মেলি দেখিলোঁ
তোমাৰ মুখমণ্ডল ,
     মা তোমাৰ হিয়াভৰা মৰমত
      আপোন পাহৰা হওঁ আমি ,
তুমি অতুলনীয়
তুমি অনন্যা ,
       তুমিয়েই মানৱ জাতিৰ
    হৃদয় , তুমিয়েই ধৰণী ধৰোঁতা …….
প্ৰথম স্পৰ্শ হ’লা তুমি
 প্ৰথম শব্দ হ’লা তুমি
প্ৰথম দেখা নাৰী
 গৰাকীয়েই হ’লা তুমি ,
এই ধৰণীৰ লগত
চিনাকি কৰাই ,
তুমিয়েই দিলা মোক
সৰ্বোতম উপহাৰ !
    নিজে লুকাই লুকাই উচুপি থাকি
     সন্তানৰ মুখত হাঁহি আনিবলৈ
    চেষ্টা কৰা গৰাকীয়েই হ’লা তুমি ,
 তোমাৰ চৰণত অৰ্পিত আমাৰ জীৱন
    ভালে থাকা আই মাতৃ আজীৱন ,
       মা তোমালৈ মনত পৰিলে
      স্মৃতিয়ে আমনি কৰে বৰকৈ ,
  পাৰিলে , সময় পালে মোৰ কাষলৈ
 উভতি আহিবাছোন ,
     মই যে ভাগৰি পৰিছোঁ সঁচাকৈ
এপলক জিৰাব দিয়া
তোমাৰ আচলৰ তলত ,
    শৈশৱৰ সেই নিচুকনি গীত গাই
মোক টোপনি যাবলৈ
 দিবানে আকৌ এবাৰ  ।।।