“মা” তুমি অনন্যা – জ্যোতিস্মিতা গোস্বামী শৰ্মা

“মা” তুমি অনন্যা

জ্যোতিস্মিতা গোস্বামী শৰ্মা

“কোনে মোক তুলি তালি কৰিলে ডাঙৰ
মৌ সনা মিঠা মাতে পাহৰি ভাগৰ;
কৰিছিল স্নেহ দুগালত চুমা খাই
তেৱে মোৰ পূজনীয়া মৰমৰ আই।”

কবিতা :”মৰমৰ আই “

কবি: আনন্দ চন্দ্ৰ আগৰৱালা।

“মা”আবেগ সনা এটি মধুৰ শব্দ।”মা” হৈছে মমতাময়ী। বৈদিক যুগৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে মাতৃক ঈশ্বৰৰ পাছতে স্থান দিয়া হৈছে। উপনিষদ,মহাভাৰতত মাতৃক প্রথম স্থান দিয়াৰ লগতে পৰম গুৰু হিচাবে গণ্য কৰিছে।

ওপজিয়েই দুখন লাৱনি হাতৰ কোমল স্পৰ্শত ডাঙৰ হোৱাৰ আঁৰত থকা মহিলা গৰাকীয়ে হ’ল “মা”।”মা”আমাৰ প্ৰেৰণাৰ উৎস। সন্তানক লৈ তেওঁৰ অপাৰ সপোন। বৃক্ষৰ দৰে তেওঁ নীৰৱে – নিমাতে ধুমুহা ঢেৰেকনি সাৱতি লয়।”মা”ক নিষ্ঠুৰ নিয়তিয়ে আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ’ল যদিও তেওঁ আমাৰ আশে পাশে ছাঁৰ দৰে থিয় দি আছে। “মা”মৰমৰ মহাসাগৰ। তেওঁ হেৰাই গ’লে পৃথিৱীৰ পৰা সঁচা মৰম হেৰাই যায়।এগৰাকী সুন্দৰ “মা”। তেওঁৰ কোমল আদৰ, চকুৰ অনন্ত মৰম, মধুৰ হাঁহি, আমাৰ পথ প্ৰদৰ্শক।”মা”ৰ সৰল জীৱন নম্ৰ আৰু বিনয়ী তথা সৰবৰাহী ব্যক্তিত্ব সদায়ে স্মৰণীয় হৈ ৰ’ব। তেওঁৰ বিদায় ক্ষতি অপুৰণীয়।”মা”ৰ ঋণ আমি কোনোতো জনমতে পৰিশোধ কৰিব নোৱাৰোঁ।

জন্মদাত্ৰী আই সৌন্দৰ্য্যহীন বা অশিক্ষিত হ’লেও সেই চিৰপুজ্য “মা”ক যথোচিত শ্ৰদ্ধা কৰাটো সন্তান মাত্ৰেই পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য।কবি নৱকান্ত বৰুৱা দেৱে তেখেতৰ “সবাতোকৈ আপোন”

নামৰ কবিতটিত লিখিছে—

“হয়তো ন’হব পাৰে মোৰ আই সবাতো শুৱনি
তথাপি আপোন মোৰ আই,
গছ – লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী
তেৱেই মোক দিলেহি চিনাই।”

“মা “এটা সৰ্বোত্তম শব্দ, যি গিৰি গুহা, পাহাৰ, পৰ্বততকৈও উচ্চ। এই গৰাকী মায়ে জীৱনৰ অন্তিম ক্ষণলৈকে সন্তানৰ সৰ্বতো প্ৰকাৰ মংগল কামনা কৰে। পৃথিৱীত “মা”ৰ মৰম কোনেও ৰূধিব নোৱাৰে। “মা” আছে  আমাৰ দুখৰ হুমুনিয়াহৰ মাজত। এগৰাকী সহজ সৰল নাৰীক “মা”হিচাবে পোৱাটো পৰম সৌভাগ্য যিয়ে কাৰো প্ৰতি বৈৰী ভাৱ নাৰাখি আমাক মিলি থাকিবলৈ শিকোৱাৰ লগতে ডাঙৰক সন্মান কৰিবলৈ শিকাইছিল।”মা”লৈ কৌটি কৌটি প্ৰণাম। কায়িক ভাৱে তুমি আমাৰ মাজত নাথাকিলেও নেদেখা দেশৰ পৰাই আমাক আশীৰ্বাদ দিয়া যেন।