মা তুমি অনন্যা- এহিয়া আহমেদ

Pc Istock
মা তুমি অনন্যা
মা তুমি অনন্যা
জোনাকী প্ৰেমৰ সাগৰ
তোমাৰ হৃদয়,
কঠোৰ শাসনবোৰো
প্ৰেমলৈ ৰূপান্তৰিত কৰি
তুমি জনম দুখিনী মা।
শত কষ্ট বুকুত লৈয়ো তুমি
আঁচলৰে মেৰিয়াই লোৱা
জাৰত কপি থকা নৱজাত শিশুটিক,
জীৱনৰ সকলো আশা আকাংক্ষা
সমূলি পাহৰি যোৱা
সন্তানৰ এমোকোৰা হাঁহিত।।
মা তুমি অনন্যা
সকলোবোৰ অফিচ বন্ধ থাকিলেও
মাৰ পাকঘৰৰ অফিচ
বন্ধ নহয়,
বিধাতাৰ সবাতোকৈ
শ্ৰেষ্ঠ সৃষ্টি মা।
সন্তানৰ কষ্টত কষ্ট পোৱা
সন্তানৰ দুখত দুখী হোৱা
সন্তানৰ সুখত সুখী হোৱা
নিঃস্বাৰ্থ প্ৰেমৰ সাগৰ
মা তুমি অনন্যা।
প্ৰসৱ বেদনাৰ যমৰ যাতনা
জানিও তুমি মাতৃত্বৰ
দায়িত্ব বহন কৰা,
পৃথিৱীৰ সৰ্বোত্তম নিৰাপদ
ঠাই তোমাৰ কোলা
মা তুমি অনন্যা।
এহিয়া আহমেদ
বৰথল কছাৰী গাওঁ, মৈৰাবাৰী, মৰিগাঁও