মা কামাখ্যাক লৈ বিতৰ্কিত মন্তব্য কৰা ৱাজাহাট খানক গ্ৰেপ্তাৰ

মা কামাখ্যাক লৈ বিতৰ্কিত মন্তব্য কৰা ৱাজাহাট খানক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিতৰ্কিত ৱাজাহাট খানক গ্ৰেপ্তাৰ। কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৱাজাহাট খানক।কলকাতা আৰক্ষীয়ে প্ৰকাশ কৰা মতে, গলফ গ্ৰীণ থানাত ৰুজু হোৱা গোচৰত ৱাজাহাট খানক আমহাৰ্ষ্ট ষ্ট্ৰীট পি এছ এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। সামাজিক মাধ্যম যোগে ঘৃণামূলক বক্তব্যৰে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগত তেওঁৰ বিৰুদ্ধে বিএনএছ ধাৰা ১৯৬(১)(ক)/২৯৯/৩৫২/৩৫৩(১)(গ)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।বিতৰ্কিত ৱাজাহাট খানৰ বিৰুদ্ধে দাখিল কৰা গোচৰসমূহত হিন্দু দেৱতা, হিন্দু পৰম্পৰা আৰু সমাজক লক্ষ্য কৰি অপমানজনক, উচতনিমূলক আৰু যৌনগন্ধী ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। কলকাতাৰ লগতে অসম আৰু দিল্লীত ৱাজাহাট খানৰ বিৰুদ্ধে কেইবাখনো এফআইআৰ ৰুজু হৈছে। ৱাজাহাট খানে সামাজিক মাধ্যম যোগে কামাখ্যা মন্দিৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল ।