মা – অনুপমা ৰাজখোৱা

PC The Times of India
মা
অনুপমা ৰাজখোৱা,
কলিয়াবৰ শাখা কবি সন্মিলন
তোলৈ আজি বৰ মনত পৰিছে
তোৰ হাতৰ পৰশত যে
মৰহি যোৱা গোলাপ ফুলপাহেও
ৰাতিপুৱা মিচিকিয়াই হাঁহিছিল
তই সকলো পাহৰি গলি!
তোৰ হাতেৰে বনোৱা ভাত এসাজ খাবলৈ
বৰ মন যায় অ মা
তই যে  তেল নিদিয়াকৈ কলা খাৰেৰে
বনাইছিলি অমিতাৰ তৰকাৰি
মাজে মাজে জিভাখনেও
সেই সোৱাদ বিচাৰে
তোৰ মনত পৰেনে কেতিয়াবা
সৌ তাহানিতে মোক যে তই কৱ
অ’ মাজনী তই যাচোন আমাৰ
সোনোৱালী ধাননি ড’ৰালৈ চৰাইবোৰ খেদিবলৈ
তোৰ দেউতাৰাই ইমান কষ্ট কৰি
মাটিত ঘাম পেলাই ধাননি ড’ৰা
সেউজীয়া কৰি তুলিছে,
মই যে কওঁ
“হুৰ হুৰ বতাহ চৰাই
আমাৰ ধান নাখাবি তোক দিম গোটা কৰাই”,
আজি সেই দিন নাই
তোৰ বহল বুকুত উম লবলৈ আজি
সপোনৰ সৈতে কথা পাতিব লাগিব
দেউতাইও এৰি গুছি গ’ল
আৰু তইও এৰি গুছি গ’লি
আমাক ঘাট মাউৰা কৰি
তঁহতৰ অবিহনেও আমি জীয়াই আছো
আমি হাঁহি হাঁহি সময়ৰ সৈতে
যুঁজি আছো
আচলতে তইয়েই আমাক হাঁহি হাঁহি
জীয়াই থাকিবলৈ শিকাই থই গলি
তোৰ চানেকী বুকুত বান্ধি
এজোপা আঁহত গছ হ’ব খুজিছো
তই দিয়া সাৰ পানী বোৰ যাতে অথলে নাযায়
তাৰ বাবে এটা সুন্দৰ তাজমহল বনাব বিছাৰিছো
জীৱনৰ শেষ উশাহ থকা লৈ
জীৱনৰ শেষ মূহুত্বলৈ…