মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

Pc The statsman

মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা৷ উদণ্ড প্ৰেমিকে হত্যাৰ চেষ্টা চলালে প্ৰেমিকাক৷ যোৱা নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা৷ মাৰ্ঘেৰিটাৰ ষ্টেচনপাৰাৰ আকাশ দত্ত নামৰ যুৱকজনে দাৰে ঘপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে এগৰাকী যুৱতীক। ডিঙি আৰু মূৰত যথেষ্ট আঘাত পাইছে যুৱতীগৰাকীয়৷ বৰ্তমান যুৱতীগৰাকীৰ অৱস্থা সংকটজনক৷ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰে যুঁজিছে প্ৰেমিকাই। প্ৰেমিক আকাশ দত্ত এজন ড্ৰাগছ আসক্ত যুৱক বুলি জানিব পৰা গৈছে। যুৱকজনে পূৰ্বেও আক্ৰমণ কৰিছিল প্ৰেমিকাক। ইফালে ঘটনা সংঘটিত কৰি পলায়ন কৰে প্ৰেমিক আকাশ দত্ত।