মালেগাঁও বিস্ফোৰণৰ ৭ অভিযুক্তক দোষমুক্ত ঘোষণা আদালতৰ

মালেগাঁও বিস্ফোৰণৰ ৭ অভিযুক্তক দোষমুক্ত ঘোষণা আদালতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ২০০৮ চনৰ মালেগাঁও বোমা বিস্ফোৰণ সন্দৰ্ভত আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান ।  প্ৰায় ১৭ বছৰৰ পাছত বৃহস্পতিবাৰে  NIAৰ বিশেষ আদালতে মালেগাঁও চহৰত সংঘটিত বিস্ফোৰণৰ ৰায় প্ৰদান কৰে।গোচৰটোত লেফটেনেণ্ট কৰ্ণেল প্ৰসাদ পুৰোহিত আৰু বিজেপিৰ প্ৰাক্তন সাংসদ প্ৰজ্ঞা সিং ঠাকুৰকে ধৰি ৭ অভিযুক্তকে বৃহস্পতিবাৰে NIAৰ বিশেষ আদালতে দোষমুক্ত ঘোষণা কৰে ।  চূড়ান্ত ৰায় ঘোষণা কৰি আদালতে কয় যে অভিযোগকাৰীয়ে অভিযোগ প্ৰমাণ কৰাত ব্যৰ্থ হৈছে আৰু সকলো অভিযুক্তই সন্দেহৰ আৱৰ্তত । সাধ্ৱী প্ৰজ্ঞা আৰু কৰ্ণেল পুৰোহিতৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা নাই। সাধ্ৱী  প্ৰজ্ঞা ঠাকুৰ আৰু কৰ্ণেল পুৰোহিতকে ধৰি সাতজন অভিযুক্তক দোষমুক্ত কৰিছে NIA আদালতে। আদালতে কয় যে অভিযুক্তৰ বিৰুদ্ধে কোনো সঠিক প্ৰমাণ পোৱা নগ’ল। বোমা সংস্থাপন কৰা বাইকখনো সাধ্বীৰ নছিল বুলি প্ৰমাণিত হৈছে। ২০০৮ চনৰ ২৯ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ চহৰ মালেগাঁৱত পবিত্ৰ ৰমজান মাহত আৰু নৱৰাত্ৰিৰ ঠিক আগত বিস্ফোৰণটো সংঘটিত হৈছিল । এই বিস্ফোৰণত ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ ৰো অধিক লোক আহত হৈছিল ।সমগ্ৰ গোচৰটোৰ প্ৰাৰম্ভিক তদন্ত মহাৰাষ্ট্ৰ এ টি এছে কৰিছিল। কিন্তু ২০১১ চনত NIAক গোচৰটো গতাই দিয়া হৈছিল, প্ৰায় ৫ বছৰৰ তদন্তৰ অন্তত ২০১৬ চনত NIA য়ে অভিযোগনামা দাখিল কৰিছিল।মালেগাঁঁও বিস্ফোৰণৰ গোচৰত NIA-এ মুঠ ৭জন লোকক অভিযুক্ত কৰি তুলিছিল। এই ঘটনাৰ মূল অভিযুক্ত আছিল বিজেপিৰ প্ৰাক্তন সাংসদ সাধৱী প্ৰজ্ঞা। ইয়াৰ লগতে এই গোচৰত অভিযুক্ত আছিল কৰ্ণেল প্ৰসাদ পুৰোহিত, ৰমেশ উপাধ্যায়, অজয় ৰাহিলকাৰ, সুধাকৰ চতুৰ্বেদী, সমীৰ কুলকাৰ্ণী আৰু সুধাকৰ্ধৰ দ্বিবেদী। কিন্তু এই অভিযুক্তকেইজনৰ বিৰুদ্ধে এ আই এ কোনো প্ৰমাণ দাখিল কৰিব নোৱাৰিলে, যাৰ বাবে আটাইকে মুকলি কৰি দিয়া হয়। আদালতে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ), অস্ত্ৰ আইন আৰু অন্যান্য আইনৰ অধীনত অভিযুক্তক সকলো অভিযোগৰ পৰা মুক্ত কৰে । ইফালে বিস্ফোৰণত নিহত ৬ জন লোকৰ পৰিয়ালক ২ লাখ টকাকৈ দিয়া হ’ব আৰু সকলো আহত লোকক ক্ষতিপূৰণ হিচাপে ৫০ হাজাৰ টকা দিয়া হ’ব বুলি আদালতে জানিবলৈ দিয়ে । আদালতে কয়, “সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাই কাৰণ কোনো ধৰ্মই হিংসাৰ পোষকতা কৰিব নোৱাৰে । আদালতে কেৱল ধাৰণা আৰু নৈতিক প্ৰমাণৰ ওপৰত কাকো দোষী সাব্যস্ত কৰিব নোৱাৰে; যুক্তিযুক্ত প্ৰমাণ থাকিব লাগিব।” আদালতে তদন্তকাৰী সংস্থাসমূহক লক্ষ্য কৰি কয় যে “তদন্তত কেইবাটাও কাৰিকৰী দোষ পোৱা গৈছে “। গোচৰীয়া আৰু প্ৰতিৰক্ষা দুয়োটা পক্ষৰ শুনানি আৰু চূড়ান্ত যুক্তি সম্পূৰ্ণ কৰাৰ পিছত ১৯ এপ্ৰিলত আদালতে নিজৰ ৰায় সংৰক্ষিত ৰাখিছিল । তাৰ পিছত কয় যে গোচৰটোৰ বিস্তৃত প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি ৰায়দানৰ পূৰ্বে এক লাখ পৃষ্ঠাতকৈও অধিক প্ৰমাণ আৰু নথিপত্ৰৰে গঠিত অভিযোগনামাৰ সকলো ৰেকৰ্ড পৰীক্ষাৰ বাবে অতিৰিক্ত সময়ৰ প্ৰয়োজন । ৰায়ৰ দিনা অনুপস্থিত যিকোনো অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আদালতে সকীয়াই দিয়াৰ বাবে বৃহস্পতিবাৰে গোচৰটোৰ ৭ জন অভিযুক্তই উপস্থিত থাকে । এই গোচৰত লেফটেনেণ্ট কৰ্ণেল প্ৰসাদ পুৰোহিত, প্ৰজ্ঞা ঠাকুৰ, অৱসৰপ্ৰাপ্ত মেজৰ ৰমেশ উপাধ্যায়কে ধৰি ৭ জন ব্যক্তি বিচাৰৰ সন্মুখীন হৈছিল । অৱশ্যে সম্প্ৰতি জামিনত বাহিৰত আছিল আটাইকেইজন অভিযুক্ত ।