মালয়েছিয়াত দুৰ্ঘটনাগ্ৰস্ত নৌসেনাৰ হেলিকপ্টাৰ

মালয়েছিয়াত দুৰ্ঘটনাগ্ৰস্ত নৌসেনাৰ হেলিকপ্টাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মালয়েছিয়াৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মাজ আকাশত মুখামুখি সংঘৰ্ষত দুৰ্ঘটনাত পতিত হৈছে দুখনকৈ হেলিকপ্টাৰ। এই ঘটনাত এতিয়ালৈকে ১০ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দুয়োখন হেলিকপ্টাৰ সেনাবাহিনীৰ বুলি জানিব পৰা গৈছে। মালয়েছিয়াৰ লুমুটত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।দুৰ্ঘটনাত পতিত এখন হেলিকপ্টাৰ অগুষ্টা ৱেষ্টলেণ্ড এডব্লিউ ১৩৯ মেৰিটাইম অপাৰেচন হেলিকপ্টাৰ (এইচ অ’ এম) আৰু দ্বিতীয়খন ইউৰোকপ্টাৰ ফেনেক। নৌসেনাৰ ৰয়েল মালয়েচিয়ান পেৰেডৰ প্ৰশিক্ষণৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয় ।