মালবাহী ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড

মালবাহী ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা- দেওবাৰে পুৱা ইন্ধন পৰিবাহী এখন মালবাহী ৰে’লত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ বাবে সমগ্ৰ অঞ্চলটোত আতংক বিয়পি পৰিছে।  চেন্নাই বন্দৰৰ পৰা খাৰুৱা তেল কঢ়িয়াই অনা এখন কাৰ্গো ৰে’লত আকস্মিকভাৱে হোৱা জুইৰ সূত্ৰপাতে ৰূপ লয় ভয়ংকৰ অগ্নিকাণ্ডৰ ৷ তামিলনাডুৰ তিৰুভাল্লুৰত এই ঘটনা সংঘটিত হৈছে  ৷ ৰে’লখন তিৰুভাল্লুৰ সমীপত আকস্মিকভাৱে লাইনচ্যুত হয় আৰু তাৰপিছতে ইন্ধন পৰিবাহী টেংকাৰৰ পৰা জুইৰ সূত্ৰপাত ঘটে বুলি জানিব পৰা গৈছে ৷ ৰে’লখনৰ এটা অংশৰ পৰা ওলোৱা ক’লা ধোঁৱা আৰু জুইৰ লেলিহান শিখাই মুহূৰ্ততে ভয়ংকৰ ৰূপ লয় ৷ বিপুল পৰিমাণৰ ইন্ধন ৰে’লখনে কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিততে অগ্নিকাণ্ডটো অধিক ভয়াৱহ হৈ পৰাৰ আশংকা ব্যক্ত কৰিছে ৰে’ল বিভাগৰ শীৰ্ষ বিষয়াসকলে ৷  ৫ টা ডবা সম্পূৰ্ণৰূপে জুয়ে আগুৰি ধৰে ৷ এই ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ ১০ খনতকৈও অধিক বাহন ৷ আৰক্ষীয়ে ৰে’লপথটোৰ সমীপৰ আৱাসিক এলেকাত বাস কৰা লোকসকলক উলিয়াই নিৰাপদ স্থানলৈ নিয়ে আৰু সুৰক্ষাজনিত কাৰণত বিদ্যুৎ যোগানৰ সংযোগ বিচ্ছিন্ন কৰে । আনকি দুৰ্ঘটনাস্থলীৰ সমীপৰ আৱাসগৃহসমূহত থকা এল পি জি চিলিণ্ডাৰসমূহো নিৰাপত্তাজনিত কাৰণত দূৰলৈ নিয়া হৈছে ৷ তিৰুভাল্লুৰ জিলা আয়ুক্ত এম প্ৰথাপ ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীক অভিযান তীব্ৰতৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ অৱশ্যে এই দুৰ্ঘটনাত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই ৷ তিৰুভাল্লুৰ জিলা প্ৰশাসনৰ অনুৰোধমৰ্মে ঘটনাস্থলীত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে আৰাক্কোনামৰ পৰা আহি ৫০ জন লোকেৰে গঠিত দুটাকৈ এন ডি আৰ এফৰ দল উপস্থিত হৈছে । অগ্নিকাণ্ডৰ বাবে ৰে’লৱে বন্ধ কৰি দিছে ওভাৰহেড পাৱাৰ সংযোগ। ইতিমধ্যে চেন্নাইৰ পৰা মহীশূৰ, বেংগালুৰু, কইম্বাটুৰলৈ যোৱা কেইবাখনো ৰে’ল বাতিল কৰা হৈছে।