মায়াৰ বান্ধোন
ক’লা ডাৱৰৰ দলিচাত মাজে মাজে
ৰঙা কিৰণে ভুমুকি মাৰে,
তোমাৰ কথা মনলৈ আহিলে
লাজুকী হাঁহি এমুঠি সৰে।
পূৰ্ণিমা ৰাতি নিৰ্জন জোনবাই টি
আশাৰ বতৰা আনে,
দুভাগ ৰাতি হৃদয়ৰ কোণত
ঢেঁকীয়ে যেন ধান বানে।
কেনে জানো হৈ পৰিছোঁ আজি কালি
নিজক চিনি নোপোৱা হওঁ
প্ৰতিটো পল্ মাথোঁ তুমি আৰু তুমি
তোমাৰেই অপেক্ষাত ৰওঁ।