মায়ানগৰী মুম্বাইত পৰম্পৰাগত ভাৱে মে-ডাম-মে-ফী উৎযাপন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- মায়ানগৰী মুম্বাইত অসমীয়া সমাজৰ পৰম্পৰা মে-ডাম-মে-ফী বিস্তৃত কাৰ্যসূচীৰে উৎযাপন কৰা হয়। মহানগৰ খনত থকা টাই আহোম জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰ পৰিধানেৰে পূৰ্বপুৰুষক স্মৰণ কৰে। জাতি ধর্ম-বর্ণ নির্বিশেষে মুম্বাইৰ সকলো অসমীয়া একত্ৰিত হৈ নবী মুম্বাইৰ খাৰঘৰত তাই আহোমসকলৰ ধৰ্মীয় উৎসৱ মে-ডাম-মে-ফী উৎসৱ সুকলমে আৰু সুচাৰুপে পালন কৰে। অনুষ্ঠানত অসম গৌৰৱ সন্মানেৰে সন্মানিত শব্দ যন্ত্ৰী দেৱজিৎ চাংমাই, ডাঃ শৈলেন কুমাৰ সন্দিকৈ, ডাঃ জ্যোতির্ময় দাস, সমাজসেৱী ৰিমজিম মহন্ত, লেখক সমাজকৰ্মী ত্রিনয়ন সন্দিকৈকে প্রমুখ্যকৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। পুৱা তাই আহোমৰ জাতীয় পতাকা উত্তোলন কৰে উদমাপন সমিতিৰ সভাপতি প্রফুল্ল বৰগোহাঁয়ে। উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ৰজনীকান্ত বৰগোহাঁয়ে আঁত ধৰা অনুষ্ঠানত তাই আহোমৰ জাতীয় সংগীত ‘ম’ খাম ফান ত্তাই মীঙ’ পৰিৱেশন কৰা হয়। পৰম্পৰাগত বিধি অনুসৰি স্থানীয় ম’ লুঙ মান লক্ষেশ্বৰ মহন, কৰুণা কান্ত গগৈ আৰু ৰজনীকান্ত বৰগোহাঁয়ে ক্রমে ‘খাও-খাম’, ‘আই-লেঙ-দিন’, ‘জান-ছাই-হুঙ’, ‘লেঙ-ডন’, ‘চিত লাম ছাম’, ‘মুট-কুম টাই-কুম’, ‘জা-ছিঙ-ফা’ ‘ডাম-ফী’, ‘ৰা-খিন আৰু বা-খিন স্থাপন কৰি তৰ্পণ কৰে। তৰ্পণৰ শেষত লুক-লাও তথা সাজ , প্রসাদ হিচাপে বিতৰণ কৰা হয়। সমিতিৰ কাৰ্যকৰী সভাপতি প্রফুল্ল বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত জ্যেষ্ঠ বিজ্ঞানী অনন্ত বৰগোহাঁই আৰু প্রদীপ কলিতাই মে-ডাম-মে-ফীৰ তাৎপর্য্য ব্যাখা কৰে। ঘনশ্যাম পেগুৱে তেওঁৰ ভাষণত দদগাং, দুবৰ পূজা আৰু মে-ডাম-মে-ফীৰ তুলনামুলক আলোচনা আগবঢ়ায়। সভাত অঞ্জলি সন্দিকৈৰ নেতৃত্বত খাৰঘৰৰ মহিলাসকলে সমৱেত সংগীত, নিবেদিতা হাজৰিকা আৰু ডঃ গৌতম কলিতাই গীত পৰিবেশন কৰে। কণমানি শিল্পী ভাশ্বতী গগৈয়ে তাই আহোম নৃত্য পৰিবেশন কৰি সৌষ্ঠৱ বৃদ্ধি কৰে। অতিথি সকলৰ মাজত বার্তালাপ তথা মতবিনিময় আৰু মে-ডাম-মে-ফীৰ তাৎপর্য শীর্ষক এখনি ৰচনা প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাত যোৰহাটৰ বিশিষ্ট লেখিকা জয়শ্রী শইকিয়াই তৃতীয় স্থান, আৰু মুম্বাই ‘চুনা ভাতী’ ৰ বাদল বুঢ়াগোহাঁয়ে দ্বিতীয় স্থান আৰু চৰাইদেউৰ পদ্মজা বৰুৱা মহনে প্রথম স্থান অধিকাৰ কৰে। উল্লেখযোগ্য যে নবী মুম্বাইৰ অসমীয়া লোক সকলে প্ৰতিবছৰে পূৰ্ব পুৰুষৰ তৰ্পণৰ উদ্দেশ্য একত্ৰিত হৈ মে-ডাম- মে -ফি পৰম্পৰাগত ভাৱে উদযাপন কৰি আহিছে।
