মানৱ বন্দনাৰ উপাখ্যান বোৰ আমাৰ চৌপাশে বিৰাজমান
পদ্ম মৰাণ
তিনিচুকীয়া কাকপথাৰ
তুমি কেতিয়াও আনৰ সৈতে তুলনা নকৰিবা তুমি সদায় তুমিয়েই। উক্ত বাক্য শাৰী সকলোৱে সময়ত চাগে উপলদ্ধি কৰে ঠিক মইও বাক্য শাৰীৰ অৰ্থ বুজি পোৱাকৈ সবল নাছিলোঁ , অনবৰতে নিজক আনৰ মাজত বিচাৰি ফুৰো , নিজক সততে আনৰ সৈতে বৰ্ণনা কৰিবলৈ লওঁ,আচলতে নিজে কি , নিজৰ অস্তিত্ব কি এইবোৰ বুজি নোপোৱাৰ বাবে হয়টো বহুতে মোৰ দৰে নিজক একেবাৰে ভাল নোপোৱা , নিজক সময় নিদিয়া , নিজৰ ভাল লগা বোৰ লাজ ভয় মাজতে হেৰাই যোৱা এইবোৰ প্ৰশ্ৰয় দিবলৈ আৰম্ভ কৰে । এইয়া আচলতে সকলোৰে বাবে এক ভুল ধাৰণা। নিজক কেতিয়াও আনৰ লগত বিশ্লেষণ কৰিব নালাগে , তুমি সদায় তুমিয়ে , তোমাৰ দৰে এজনেই আছে এই পৃথিবীত আৰু কোনো নাই , নিজক এনেকৈ সজাই লব লাগে যে যাতে সকলোৱে ওচৰত তোমাৰ অলপ হলেও মূল্য ৰৈ যায় । । মানুহক ইমান খিনিলৈকে জানিব দিব লাগে যৰ পৰা মানুহে অনুভব হে কৰিব পাৰে আঘাত নহয়। আমি সকলোৱে মানুহেই ন কোনো টো ঈশ্বৰ নহয় হলেও যে নিজক আনৰ মাজত বিচাৰি ফুৰো উক্ত ধাৰণা সমূহ সহজ ভাৱে লবলৈ পাৰিলে সহজ সঁচাকৈ সহজ হৈ পৰে নিজক ভাল পাবলৈ । জীৱনৰ বহু খিনি সময় লৈকে মইও এইবোৰ বুজি পোৱা নাছিলো , উটনুৱা স্বভাৱৰ আছিলো । এতিয়াও অলপ কথাতে ভাগি পৰো । কোনোবাই মৰমত কিবা এটা কৈ দিলেই মম গলে যে ঠিক তেনেকৈ গলি যাওঁ । নিজক পাহৰি পেলাওঁ ,, মোৰো নিজৰ দক্ষতা কিছুমান থাকিব পাৰে সেইবোৰ এবাৰলেও মনত কল্পনা নকৰোঁ। এতিয়াও সম্পূৰ্ণ নিজক আত্মসন্মান দিবলৈ সক্ষম হোৱাগৈ নাই যদিও জীৱনৰ ৰং বোৰ , সহজ সৰল সমাজৰ ভদ্ৰ মানুহৰ মুখাৰ আঁৰৰ মুখ বোৰ , মানুহ বোৰৰ কথাবোৰৰ অৰ্থ বোৰ অলপ হলেও বুজিবলৈ সক্ষম হৈছো , বাস্তব পৃথিৱীত জীয়াই থকাৰ কৌশল সমূহৰ বিষয়ে অলপ হলেও ধাৰণা লাভ কৰিব পাৰিছো। মা দেউতাৰ পিছতেই সকলো ব্যক্তিৰে আঁৰত থাকে কোনোবা মানুহ কোনোবা বিশেষ মানুহ যিয়ে আভ্যন্তৰীণ ভাৱে ইমান সবল কৰি তোলে ,সাহস দিয়ে , প্ৰেৰণা দিয়ে , মৰহি যোৱা ফুলৰ পুলি টোত যেনেকৈ পানী দি পুলি টো পুনৰ জীয়াই তোলা হয় ঠিক তেনেকৈ ভাঙি পৰা সময়ত পুনৰ জীয়াই তোলে , সময়ৰ সৈতে মোকাবিলা কৰিবলৈ আদৰ্শ সমূহ দেখাই দিয়ে । ঠিক মোৰ জীৱনৰ তেনেকুৱা এজন ব্যক্তি হল মোৰ অতিকৈ শ্ৰদ্ধাৰ শিক্ষাগুৰু অক্ষই জ্যোতি মহন্ত ছাৰ। সাহসী মানুহকো কেতিয়াবা সাহস লাগে । সাহসী ব্যক্তি বোৰেও কেতিয়াবা কিছুমান সময়ত ভাঙি পৰে সেই সময়ত সঁচাকৈ প্ৰয়োজন হয় এজন মানুহ এজন সাহসী মানুহৰ , ভুল বুজিবলৈ সমগ্র পৃথিৱী খন আছে কিন্তু মন বুজা মানুহৰ সংখ্যা তেনেই কম , সুখৰ সময়ত টো সকলোৱে মুখত ৰং সানি পেলাই কিন্তু সুখৰ লগতে দুখৰ সময়ত সদায় লগত থকা জন হে প্ৰকৃত গুৰু , মোৰ ঠিক তেনেকুৱা এজন দক্ষ ব্যক্তি হল মোৰ অতিকৈ মৰমৰ শিক্ষাগুৰু অক্ষই জ্যোতি মহন্ত । কেতিয়াবা সময়ত থমকি ৰব লগা পৰিস্থিতিৰ সন্মুখীন হৈছো, কিছুমান সময়ে এনেকৈ ভাঙি পেলাই যে কোনো বস্তুৱে তাক পতিয়ন নিয়াব নোৱাৰি । কি কৰো কি নকৰোঁ উপায় বিহীন হৈ পৰো তেতিয়াই ভগৱানক কিছু সময় মৌন হৈ প্ৰাৰ্থনা কৰো , মাত্ৰ মনলৈ বৈ আহে ছাৰৰ মুখ খন , ছাৰ এনেকুৱা এজন ব্যক্তি যিজন হয়টো আন শিক্ষকৰ তুলনাত ব্যতিক্রম । ছাৰে সদায় এটা কথা কৈছিল , ” সকলো মানুহে জন্ম লৈছে যেতিয়া কিবা নহয় কিবা কামৰ কাৰণে ইহঁত বোৰক ভগৱানে এই পৃথিৱীলৈ পঠিয়াইছে, আৰু ইহঁত বোৰ পঢ়া শুনা ক্ষেত্ৰত যদিও সিমান তীক্ষ্ণ নহয় তথাপিও কিবা নহয় কিবা সমাজৰ কামৰ কাৰণে ইহঁত বোৰ যোগ্য । , কথা কেইটা শুনাৰ পিছত সঁচাকৈ কিছুমান মানুহৰ ছবি বোৰ মনলৈ ভাহি আহিল ,আছে সঁচাকৈ আছে সমাজত এনেকুৱা মানুহ যিয়ে নিজক সমাজৰ কিছুমান কামত আগৰণুৱা , সম্পূৰ্ণ ৰূপে নিস্বাৰ্থ ভালপোৱা বিলাই যাব পাৰে । কথাষাৰ সঁচাকৈ মৰ্মে মৰ্মে উপলদ্ধি কৰিলোঁ । হাজাৰ জন শিক্ষাৰ্থীক কোৱাৰ দৰে , সময়ত ভাঙি পেলোৱাৰ পৰিবৰ্তে দুগুণ উৎসাহেৰে কয় সত্য সদায় সত্য , সত্য মুখা মুখি হবলৈ পাৰিলে হে বাস্তব পৃথিৱীত জীয়াই থাকিবলৈ সহজ হব। আন দিনাত কৈ আৰু অলপ বেছি সাহসেৰে আগুৱাই যাব পাৰিব লাগিব ,কেতিয়াও জীৱনত সমস্যা পৰা পলাই পোৱা নাই আৰু সমস্যাৰ পৰা পলোৱা মানুহ মই ভাল নাপাওঁ , নিজক জীৱনৰ প্ৰত্যাহ্বান সমূহৰ সৈতে মুখা মূখি কৰিবলৈ পাৰিবই লাগিব , তেতিয়া হে তুমি জীৱনৰ বাটত জয়ী হব পাৰিবা । জীৱনৰ ঘাট প্ৰতিঘাট এইবোৰ থাকিবই নহলে চোন জীৱন জীয়াৰ অৰ্থই নাথাকিব , জীৱনত কেৱল যদি সুখেই থাকে তেনেহলে দুখ কি বস্তু কেনেকৈ উপলদ্ধি কৰিবা আৰু এটা কথা সদায় মনত ৰাখিবা সকলো কৰ্মৰ পৰাই একো একোটা শিক্ষা পোৱা যায় , অভিজ্ঞতাই এজন মানুহক সবল কৰে জীৱনত ঘটা প্ৰত্যেক টো তিতা অভিজ্ঞতাৰ ধাৰণা সমূহ সদায় ইতিবাচক হিচাপে লবা , যাৰ পৰা জীৱনৰ একো একোটা শিক্ষা লব পাৰি । সেয়েহে জীৱনত ঘটা প্ৰত্যেক টো ঘটনাই একো একোটা সবল অংকৰ বাৰ্তা লৈ আহে । উফ কথা কেইটা সেইদিনা প্ৰত্যক্ষ কৰা পাছত জীৱনৰ পিছ মূহুৰ্ত লৈ ঘূৰি চালো জীৱনৰ নেতিবাচক দিশ বোৰ বিশ্লেষণ কৰিবলৈ আৰু বেছি আগ্ৰহী হৈ পৰিলোঁ । জনা নাছিলোঁ সঁচাকৈ জনা নাছিলোঁ যে জীৱনৰ নেতিবাচক , সমালোচক দিশ সমূহৰ পৰাও যে কেতিয়াবা কিছুমান কাহিনী উলিয়াব পাৰি কাহিনী সমূহ চকুত ধৰা দিব পাৰি। আৰু সেইবোৰৰ পৰা এটা নীতি উলিয়াব পাৰি ।
মানুহৰ দৃষ্টিৰ প্ৰেক্ষাপট খন যিমানেই বেছি ডাঙৰ হয় মানুহৰ মনৰ পৰিধি বোৰ সিমানেই বেছি বহল হৈ পৰে , অহংকাৰ , প্ৰতাৰণা এইবোৰ চাগে মানৱ জীৱনৰ পৰা নিজে নিজে আঁতৰি যায় এটা সময়ত ।মাথোঁ লাগে কিছু গতানুগতিক শব্দৰ টোপাল । সেইদিনা নতুন অৰ্থ এটাৰ সম্ভেদ পালো উদাসীনতা , যেতিয়া মানুহৰ মন বোৰ বহল প্ৰকৃতিৰ হয় তেতিয়া এই উদাসীনতা ধাৰণাই গা কৰি উঠিব নোৱাৰে । সেয়েহে লাগে মাথোঁ কিছু দিগন্তৰ ঐশ্বৰিক শক্তি , এইয়া কোনো দেৱতাৰ ঐশ্বৰিক শক্তি নহয় এইয়া হল মানৱতা বাদী গুণৰ ঐশ্বৰিক শক্তি । উদাহৰণ হিচাপে কেতিয়াবা নিজৰ সৰু সৰু অভিজ্ঞতাৰ কথাকেই উকুনিয়াব পাৰি। দশম শ্ৰেণীত মানৱ বন্দনা কবিতা টো পঢ়িছিলো। কৱিতা টো পঢ়ি উঠি মানুহেই পৰম ঈশ্বৰ অৰ্থ টো স্পষ্ট ভাবে কবিতাটোৰ জৰিয়তে বুজি উঠিছিলো । কিন্তু স্বাৰ্থপৰ পৃথিৱীত সকলো মানুহেই স্বাৰ্থ পৰ বুলি মই জীৱনৰ কিছু অভিজ্ঞতাৰ পৰা শিক্ষা পাই থৈছোঁ । কিন্তু মই কেতিয়াও ভৱা নাছিলোঁ যে কেতিয়াবা মানুহক এজন দেৱতা সদৃশ মানুহ হিচাপে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হম । হয় মই ইয়াত ছাৰ ৰ কথা কবলৈ বিচাৰিছোঁ , আগতে ভগৱান বিচাৰি ফুৰো কৰবাত যদি কেতিয়াবা ধৰা দিয়া হলে কেতিয়াবা যদি ভগবানৰ লগত মিলিত হব পৰা হলে এইবোৰ অজানিতে কল্পনা কৰিছিলোঁ , জন্মৰ পিছতে ভগবানৰ প্ৰতি বেছি আকৰ্ষিত মই । নিজক এজন আস্তিক বুলিয়ে কব পাৰি। পঢ়া টেবুলৰ আগত ভগবানৰ ফটো বোৰ আৰি থৈ একান্ত মনে চাই থাকো শ্ৰী কৃষ্ণৰ চকু যুৰিলৈ , কেতিয়াবা চকুলো বৈ আহে ইমান বেছি কষ্টৰ সন্মুখীন হওঁ কিছুমান পৰিস্থিতিত,তেতিয়া কিয় সহায় হাত নিদিয়া বুলি অভিযোগ দিও । কিন্তু ইমান ধুনীয়া জীৱন এটা উপহাৰ দিয়াৰ পিছত টো কেতিয়াও ভগৱানক অভিযোগ দিব নোৱাৰি ন মনটো শান্ত হলেই নীৰবতাৰ চকুলোৰে একে থিৰে চাই থাকো । যদি কৰবাত লগ পোৱা হলে এবাৰ যদি চকুৰ আগত ধৰা দিয়া হলে সকলো বোৰেই কৈ পেলালো হয় , জীৱনৰ ঘাট প্ৰতিঘাট সমূহৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাহস দিবৰ বাবে সদায় ভগৱানক প্ৰাৰ্থনা কৰোঁ । কেতিয়াবা কৈ পেলাওঁ অন্ততঃ তুমি টো আহা ধৰালৈ মই অকলে মুখা পিন্ধা বাস্তব পৃথিৱীত খোজ দিবলৈ কেতিয়াবা সমস্যা হয় । অভিযোগ দিবলৈ নালাগে যদিও দোষত কেতিয়াবা কৈ পেলাওঁ ।এইয়াই চাগে প্ৰিয় কাৰোবাৰ প্ৰতি লুকাই থকা অভিমন্যুৰ টোপোলা । নাই কেতিয়াও লগ পোৱা নাছিলো ভগবানৰ অন্য এক প্ৰতিচ্ছবি। কিন্তু কোৱা হয় ন কিছুমান মানুহ এটা কাহিনী হৈ আমাৰ জীৱনলৈ আহে ঠিক তেনেকুৱা সময়ত ভগৱান অন্য এক ধাৰণা লৈ অহা এজন ব্যক্তি আগমন ঘটিল সেইজন ব্যক্তি হল অক্ষই জ্যোতি মহন্ত ছাৰ। ভগবানৰ মূৰ্তি ওচৰত কেতিয়াবা দোষী অনুভৱ কৰি বহি থাকো , মাথোঁ মনলৈ আহি থাকে ছাৰৰ প্ৰতিচ্ছবি খন । সঁচাকৈ যেতিয়াৰ পৰা ছাৰৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলোঁ , এটা দুটা কথা স্পষ্ট হবলৈ ধৰিলো তেতিয়া পৰা নিজক কৰবাত বিচাৰি পালোঁ মই ভাল পোৱা কাম বোৰৰ প্ৰতি আৰু বেছি আকৰ্ষণ হবলৈ ধৰিলো । মানুহ হিচাপে মানুহত কৈয়ো ওপৰৰ এজন ওপৰৰ মানুহ আপুনি ছাৰ। ভগৱান বিচাৰি হাবাথুৰি খায় ফুৰে মানুহ বোৰে কিন্তু মানুহেই দেৱতাৰ তুল্য নহয় জানো । কৰবাত পঢ়িবলৈ পাইছিল মানুহেই এই পৃথিৱীত মহান জীৱ । মানুহেই ভগৱান , মানুহেই শ্ৰেষ্ট নহয় জানো ? সঁচাকৈ ভগৱান আমাৰ চাৰিওফালে থাকে কিন্তু আমি সেইবোৰ চিনাক্ত কৰিবলৈ সমৰ্থ বান নহয় । জীৱনৰ কঠিন পৰিস্থিতিৰ মাজতো আমাক সকলোকে মজবুত কৰি ৰাখে , সাহস , সময় এইবোৰ মূল্য দিবলৈ শিকালে , মানুহ বোৰৰ মুখ বোৰৰ সৈতে চিনাকি কৰাই দিলে, বাস্তব পৃথিবীত খোজ দিবলৈ শিকালে । ইমান খিনিৰ বাহিৰে আৰু কি লাগে জীৱনত সেয়েহে মই সঁচা অৰ্থত মোৰ বাবে এজন ভগৱান সমতুল্য ব্যক্তি বুলিয়ে গণ্য কৰো, সৰুতে ভগবানৰ ওচৰত দিয়া অভিযোগ বোৰৰ বাবে চাগে হয়টো মই ছাৰক ওচৰৰ পৰা পাইছোঁ , মোৰ ওচৰলৈ ব্যক্তি জনক ভগৱানে পঠাইছে বুলি মই গণ্য কৰো । হয়তো এই পৃথিৱীত বেলেগ কৈ ভগৱান নাই , প্ৰকৃতাৰ্থত শিক্ষক এজনেই ভগৱান শিক্ষক জনেই পৰম ঈশ্বৰ । আপুনি সঁচাকৈ তেনে এজন পৰম পবিত্ৰ ব্যক্তি।
মানুহ মাত্ৰেই ভুল , হয়তো ভুলৰ অবিহনে চাগে কোনোৱে আজিলৈকে অভিজ্ঞ হৈ উঠা নাই । জীৱনৰ সৰু সুৰা ভুল বোৰ বহুতৰ লগত হয় ঠিক মোৰ লগত হৈছিল মোৰ বুলি কলে হয়টো ভুল হব আমাৰ লগত হৈছিল । মই এটা সৰু অভিজ্ঞতা কথা ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ। এদিনৰ কথা আমাৰ বিভাগ টোৱে মহাবিদ্যালয়ৰ অনুমতি নোলোৱা কৈয়ে খুব কম দিনত পৰিকল্পনা কৰিয়ে ডিব্ৰুগড় জিলালৈ হঠাতে কিছুমান বন্ধু বান্ধৱী মিলি এটা ভ্ৰমণৰ যাত্ৰা আৰম্ভ কৰিলোঁ , কিন্তু এবাৰো নাভাৱিলো যে শিক্ষাগুৰু সকলৰ অনুমতি নোলোৱাকৈ কিবা এটা কাম কৰিলে সেইটো আমাৰ বাবে বিপদ জনক । মহাবিদ্যালয় খনৰ প্ৰত্যেক জন শিক্ষকৰ আমাক লৈ চিন্তা আৰম্ভ হল, যদি কৰবাত কিবা হয় , যদি কিবা অঘটন হয় বা অনেতিক কাৰ্যত কেনেবাকৈ লিপ্ত হব লগীয়া হয় তেতিয়া কি হব , শিক্ষক সকলৰ ফোন উপৰি ফোন আহিবলৈ আৰম্ভ কৰিলে । আচলতে যাৰ ক্ষেত্ৰত হলেও এনেকুৱা হবই কাৰণ আমি কথা টো এবাৰ হলেও জনাই যাব লাগিছিল । অৱশেষত ভগবানৰ আশীৰ্বাদত সুকলমে আমি ঘৰ পালোহি ,। পাছদিনা আৰম্ভ হল আমাৰ সাহসৰ যুদ্ধ, সকলোৱে মহাবিদ্যালয় কোনো দিনে সংঘটিত নকৰা কাৰ্য এটা কৰাৰ বাবে অধ্যক্ষ ওচৰত ক্ষমা বিচাৰিবলৈ সাজু হলো , আমাৰ মহাবিদ্যালয় অধ্যক্ষ জন সঁচাকৈ ব্যতিক্ৰম। হয়টো আন বিলাক মহাবিদ্যালয়ৰ শিক্ষক সকলৰ তুলনাত পৃথক । অধ্যক্ষ জন সঁচাকৈ আমাৰ বাবে গৌৰৱ , ইমান সৰল আৰু অমায়িক যে আমাৰ গালি ধমকি দিয়াৰ পৰিবৰ্তে সুন্দৰ কৈ উদাহৰণ সৈতে বুজনি দিলে , আমি সকলোকে কি কৰা উচিত বুলি বিভাগীয় শিক্ষক সকলক সুধা হল তেতিয়া তাৰে এজনে কৈ উঠিল ইহঁত বোৰৰ অভিভাৱক সকলক মাতি আনিব লাগে । যাতে এনেকুৱা কাম যাতে কেতিয়াও নকৰে তাৰ বাবে সতৰ্ক কৰি তুলিব লাগে সকলোৰে কান্দোন আৰম্ভ হল , কথাষাৰ কওঁতে শিক্ষক জন ইমানেই বেছি আবেগিক হৈছিল , চকু চলচলীয়া হৈ আছিল। এইয়া কোনো শিক্ষক জনৰ খং নাছিল মাথোঁ শিক্ষাৰ্থী সকলৰ প্ৰতি থকা কিছু সুকীয়া মৰম আছিল । মৰমৰ প্ৰতিদান এনেকৈ দিয়াৰ বাবে হয়টো মুখৰ পৰা এনেকুৱা বাক্য উলাইছিল বুলি সেই সময়ত বুজি উঠিছিলো । সকলোৰে চকু পানী বৈ আহিল সঁচাকৈ নজনাকৈ আমি বহুত ডাঙৰ ভুল কৰি পেলালোঁ সকলোৱে এনেকুৱা ভুল কেতিয়াও নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিলোঁ তেতিয়া শিক্ষক সকলৰ চকু বোৰলৈ মন কৰিছিলোঁ , সকলোৰে চকুত হতাশাৰ ভাৱ বিশেষ কৈ সেইদিনা মোৰ শিক্ষাগুৰু ব্যক্তি অক্ষই ছাৰৰ চকুত চকু পানীৰে হেমেকি থকা দেখি নিজকে দুখি অনুভব হল । এনেকুৱা লাগিছিল যেন কোনোবা একোণত ভগৱান জন থিয় হৈ চকু পানী টুকি আছে । যে মোৰ ফালে চাই কৈ আছে চোৱা আজিৰ পৰা এনেকুৱা ভুল নকৰিবা মই আৰু বেছি কষ্ট পাম। সঁচাকৈ এজন শিক্ষাৰ্থীৰ পৰা কিমান বেছি আঘাত পালে এজন শিক্ষকৰ চকুত পানীৰে উপচি পৰিব পাৰে সঁচাকৈ সেইদিনা বহুত বেছি কষ্ট পাইছিলো মই , যি জন ব্যক্তিয়ে সদায় কৈছিল সত্য কথা শুদ্ধ কাম কৰি যাবা, নিজৰ লক্ষ্য আগত ৰাখি পঢ়া শুনা কৰিবা , কেতিয়াবা কিবা নুবুজা থাকিলে জনাবা , কিবা সমস্যা হলে কবা , কেতিয়াও কাকো কষ্ট নিদিবা সকলোৰে মুখত যিমান পাৰি হাঁহি এটা ফুটাই তুলিবলৈ চেষ্টা কৰিবা, ভগৱানে এনেকুৱা মানুহ বোৰক কেতিয়াও জীৱনৰ পৰা বিচলিত নকৰে । এনেকৈ সদায় প্ৰত্যেক টো সময়তে সাহস আৰু সবল কৰি তোলা ব্যক্তি জনৰ চকুত চকু পানী , মই অজানিতে বহুত বেছি কষ্ট দিলোঁ , নিজক লৈয়ে বেছি খং উঠিল ” কি ভূতে পাইছিল সেইদিনা কাৰো পৰা অনুমতি নোলোৱাকৈ এনেদৰে যাবলৈ ” কৰো ক্ষতি নকৰা কৈ কাম কৰি যাবলৈ কোৱা মানুহ জনক অজানিতে কষ্ট দিলোঁ , সেইদিনা বহুত বেছি কষ্ট মই পাইছিলো । এনেকুৱা লাগিল মই সঁচাকৈ ভগৱানক কষ্ট দিলোঁ । হয়টো কেতিয়াও ছাৰৰ চকুত চকু পানী দেখা পোৱা নাছিলো কিন্তু সেইদিনা সঁচাকৈ ছাৰ ভাগৰি গৈছিল । কিমান বেছি আঘাত পালে চকু পানীৰে বাত উপচি পৰে বুজি পোৱা নাছিলো কিন্তু সেইদিনা দৃশ্য টো দেখি বহুত বেছি আবেগিক হৈ পৰিলোঁ ।
মানৱতা গুণৰ মানুহ জন যেতিয়া আবেগিক হোৱা দেখিবলৈ পাইছিলো হয়টো মই সঁচাকৈ ভগৱানক কষ্ট দিয়াৰ দৰে হৈ পৰিল । কিন্তু ছাৰে সকলো বোৰ সামৰি বুজনি সুৰত কৈছিল একো নাই যি কৰিলা আজিৰ পৰা এনেকুৱা কাম বোৰ নকৰিবা , সেইকাৰণে মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে , চকু মুদা কুলি হৈ লাভ নাই এই সমাজত । উফ বাক্য কেইটা শুনাৰ পিছত এজন আদৰ্শ ব্যক্তিয়ে চকুৰ আগত কৈ থকাৰ দৰে অনুভব হল । সেই সময়ত আপোন কোনোবা ব্যক্তিৰ মুখ খন বাৰে বাৰে মনলৈ আহিছিল , চকু পানী টপ টপ কৈ সৰিছিল । কাৰোবাৰ উপস্থিতি মোৰ দৰে সকলোৰে হৃদয় খনে উচুপি উঠিছিল । পুনৰ এইটো জনমত আপোন কোনোবা আৰু এগৰাকী দেবতা সদৃশ মানুহ বিচাৰি পোৱাৰ দৰে অনুভব হল । নাজানো সঁচাকৈ নাজানো কোন হয় মানুহ জন মোৰ বাবে দেৱতা নে আন কিবা ,তেওঁ টো কেৱল শিক্ষাগুৰু হবই নোৱাৰে , কিবা এটা বেলেগ অস্তিত্ব আছে মানুহ জনৰ লগত কষ্ট পালেও প্ৰকাশ নকৰে । আমি মনোকষ্ট পাম বুলি কেতিয়াও এটা নেতিবাচক বাক্য ব্যক্ত নকৰে , মাথোঁ সেইবোৰ সামৰি মুখত মিছা হাঁহি এটা আঁকি লৈ কেৱল সাহস দি যায় । এজন সঁচাকৈ দক্ষ ব্যক্তি তেওঁ মোৰ বাবে । প্ৰত্যেক টো সময়তে আমাক সন্তানৰ দৰে প্ৰত্যেক টো সুখ দুখৰ খবৰ ৰাখে কেতিয়াবা পুৰাণৰ কাহিনীৰ ৰামায়ণ মহাভাৰতৰ শ্ৰী কৃষ্ণৰ দৰে গুণ সমূহ দেখিবলৈ পাও , শ্ৰী কৃষ্ণই যেনেকৈ যেনেকৈ বাঁহী সুৰে বৃন্দাবনৰ চৌপাশৰ পোহৰাই তুলিছিল । মানুহ বোৰক সবল কৰি ৰাখিছিল সকলোকে মূহাচন্ন কৰি ৰাখিছিল , শ্ৰী কৃষ্ণই মৰমেৰে যেনেকৈ প্ৰত্যেক টো সময়তে গোপী সকলক আবৰি ৰাখিছিল । কৰবাত অকণমান দুখ পালেই যশোদাই যেনেকৈ বাউলী হৈ পৰিছিল ঠিক তেনেকৈ সকলোকে আলোকিত কৰি ৰাখিব পাৰে । ইমান বোৰ গুণ কেনেকৈ এজন ব্যক্তিৰ তাতে বিৰাজমান হৈ থাকিব পাৰে সেইকাৰণে কেতিয়াবা শ্ৰী কৃষ্ণ লৈ মনত পৰি যায় তেওঁ সঁচাকৈ কাৰোবাৰ প্ৰতীকৰ অন্য ৰূপ মোৰ বাবে । ইয়াত মই তেখেতক দেৱতা প্ৰতিপন্ন কৰিবলৈ যোৱা নাই , ভগৱান নহয় মানুহেই তেওঁ এজন সাধাৰণ মানুহ তেওঁ । আমাৰ দৰে সহজ সৰল এজন মানুহেই । তেওঁৰ লগত কোনো ঐশ্বৰিক শক্তি নাই তেওঁৰ লগত আছে মাথোঁ এটাই মানৱীয় কিছু অমায়িক শক্তি , যিবোৰে মানুহ জনক অতি বেছি সবল কৰি তুলিছে , আৰু এইয়াই তেওঁৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু । যাৰ ব্যক্তিত্বই সকলোকে মৰমিয়াল হবলৈ অনুপ্ৰেৰনা যোগায় । কিন্তু ভগবানৰ অন্য এক ৰূপ , চৰিত্ৰ সমূহ জীয়াই ৰখা এজন সবল সাহসী ব্যক্তি । মূৰ্তি বোৰত অংকিত প্ৰতিচ্ছবি বোৰৰ অন্য এক ৰূপ অক্ষই ছাৰ ।
মানুহে মানুহক কিমান বেছি ভাল পালে নিজক সেইবোৰৰ মাজতে এৰি দিব পাৰে মই নাজানো । কিন্তু এটা কথাই গম পাও তেওঁ চাগে কেৱল নিজৰ বাবে নহয় সমাজ খনৰ বাবে জন্ম লৈছে । হয়টো কেতিয়াবা মোৰ দৰে আন ব্যক্তি বোৰে অনুভব কৰে । ইমান মৰম আৰু সন্মান কৰে মানুহক এইবোৰ দেখি মই হতভম্ব হৈ পৰো , কেতিয়াবা ভুল কৰিলে মানুহে মানুহৰ চকুত নিম্ন হৈ পৰে কিন্তু ছাৰ সঁচাকৈ বেলেগ প্ৰকৃতিৰ মানুহ ইমান বহল পৰিসৰৰ মানুহ পাবলৈ বিৰল । অন্তৰ খন সঁচাকৈ নিৰ্মল আৰু পবিত্ৰ। জীৱনটোত ইমান বেছি জটিলতা থকাৰ পাছতো কেতিয়াও নিজক সলনি কৰা নাই এইয়াই চাগে আমাৰ দেৱতাৰ সদৃশ অক্ষই ছাৰ । হয়টো যশোদাৰ শ্ৰী কৃষ্ণৰ কাহিনী বোৰ কেতিয়াও শেষ কৰিব কৰিব নোৱাৰি ঠিক তেনেকৈ আপোনাৰ কথাও মই ব্যক্ত কৰি অন্ত পেলাব নোৱাৰিম মাথোঁ এটাই জানো আপুনি মোৰ বাবে এজন মানৱ দৰদী সমতুল্য ব্যক্তি , । কিছুমান অগতানুগতিক চৰিত্ৰ আপোনাৰ তাত সঁচাকৈ বিৰাজ মান সেয়েহে সকলোকে ইমান আঁকোৱালি ৰাখিব পাৰে।। আপোনাক প্ৰত্যক্ষ কৰিয়ে কেতিয়াবা হাজাৰ তা সপোন দেখিবলৈ সাহস পাও । কিতাপত বহুতো সাহসী মানুহৰ লিখিত কাহিনী পঢ়িবলৈ পাও যদিও বাস্তব তাৰ উপশম লাভ কৰাটো কিন্তু সহজ কথা নহয় । যিটো মই নিজৰ ক্ষেত্ৰত গৌৰৱ অনুভৱ কৰো । বাস্তব জীৱনত এজন সাৱলীল ব্যক্তি এজন আদৰ্শ ব্যক্তি লগ পোৱাৰ বাবে ।।
