মানৱ ধৰ্ম উচ্চ ধৰ্ম ; প্ৰকৃতি তেওঁৰ প্ৰাণতকৈ শ্ৰেষ্ঠ—জুবিনৰ ধৰ্মবাদৰ সমীক্ষা
জুনুকা পাঠক
বৰপেটা
সেইদিনা আছিল ভক্তি আন্দোলনৰ গুৰি ধৰোতা শ্ৰীমন্ত শঙ্কৰদেৱৰ আৱিৰ্ভাৱ তিথি । বৰপেটাৰ ধৰ্মপ্ৰাণ আই-বাপ সকলৰ শোভাযাত্ৰাত আগে-আগে জগত গুৰুজনাৰ দিব্য ভাৱমূৰ্ত্তি আৰু পিছে পিছে মানৱদৰদী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ প্ৰতিচ্ছবি । দেখা মাত্ৰকে যুগল নায়কৰ আসনৰ দৃশ্যাংশই ঐশ্বৰিক মাহাত্ম্য অভিভূত হ’লো । তেৰাৰ আগে-পিছে ভকত সবে কীৰ্ত্তন, নামঘোষাৰ পদসমূহ খোল-তাল সমম্বিতে কীৰ্ত্তন কৰি আগবাঢ়িছে। অইন বেলি অৱশ্যে শোভাযাত্ৰাত গুৰু দুজনাৰ সৃষ্টি ভাওনাসমূহৰ কিয়দংশ প্ৰদৰ্শন দেখুৱাই দৰ্শকৰ মন-প্ৰাণ পুলকিত কৰি থৈ যায়। এইবাৰ অৱশ্যে ব্যতিক্ৰমী শোভাযাত্ৰা । সেই সকলোবোৰ প্ৰদৰ্শন কৰা নহ’ল ।
শংকৰ জন্মিলোৰে বৰদোৱাৰ থানে
শংকৰ জন্মিলোৰে
আৰু….
মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি
ধৰা দিলা গোপনে আহি…
দুটা প্ৰাৰ্থনাৰ সমস্বৰত বুকু কঁপাই গ’ল—
দুই মহা নায়কৰ অভূতপূৰ্ব অভিলেখ গঢ়া পদযাত্ৰা স্বচক্ষে প্ৰত্যক্ষ কৰি ধন্য হ’লো । হঠাৎ জুবিনৰ শ্ৰদ্ধাঞ্জলিৰ ফটোখন শংকৰদেৱৰ শাৰীত দেখি মনটো গধুৰ হ’ল। কিছুমান অব্যক্ত প্ৰশ্নই তুমুৰলি দি ধৰিলে। কম বয়সত জুবিনক শ্ৰদ্ধাঞ্জলি দি শেষ বিদায় দিয়াটো জানো সম্ভৱ হ’ব পাৰে ? আজিলৈকে জুবিনক শ্ৰদ্ধাঞ্জলি দিয়াৰ মানসীকতাক সবল কৰি তুলিব পৰা নাই। সাহস গোটাবলৈ অনাগত দিনবোৰ থৈ দিয়া নাই। তেওঁক আমাৰ প্ৰয়োজন আছিল। গুৰি বঠা ধৰি নিছলা অসমখনক ঐশ্বৰ্য্যশালী গঢ়ি তোলা যি সপোন দেখিছিল; সকলোবোৰ ধুলিসাৎ হ’ল। কেনেকৈ ফটো এখনত তেওঁৰ নিৰস আত্মাৰ অৱস্থিতি মানি ল’ব পাৰো? হুৰাওৰাৱে কান্দি দিবৰ মন গ’ল। পৰমাৰ্থ জুবিন !!–সহ্যাতীত বেদনা । কিন্তু সেয়ায়ে হ’ল এডল কুটাঘাত দানৱৰ হাতত ।
জন্ম-মৃত্যু ভাগ্যৰ পৰিক্ৰমা। কিন্তু মৃত্যু জিনি অপৰাজেয় হ’ব পাৰি সৎ-কৰ্মৰ যোগেদি। শীতে ধোৱাই থোৱা পূৱা এটাত উপজিছিল জুবিন । পৰিচয় কৰ্ম উদ্দামৰ কৰ্মৰ মহাফল। ফলস্বৰূপে জুবিন এক সাংগীতিক যুগদ্ৰষ্টা । মৃত্যু হৈয়ো জনমানসত হৃদস্পন্দিত হৈ ৰ’ল। জুবিন ঈশ্বৰ পুত্ৰ বা ভগৱান বুলি নকও । ঈশ্বৰক মই কেতিয়াও দেখা নাই। কোনোবাই দেখিছে যদি নাজানো। ঈশ্বৰ অদৃশ্য ;কাল্পনিক শক্তিৰ নিৰাকাৰী অনুভৱ। আৰু জুবিন অতুলনীয় কৰ্ম দক্ষতাৰে উজ্বীৱিত বিস্ময়কৰ বাস্তৱীক কালপুৰুষ আৰু প্ৰকৃতিৰ লগত একাত্মতাবোধত লীন হ’ব পৰা মানৱ দৰ্শনৰ যুগস্ৰষ্টা। তেওঁ মানুহক ভাল পায়,আত্মাক নহয়। ঈশ্বৰবাদত বিশ্বাসী নাছিল যদিও নাস্তিকো নাছিল। তেওঁৰ মানুহ,জীৱকুল গছ-গছনি ,নদী, আকাশ পাহাৰ,সাগৰ সৰ্বত্ৰে ভগৱানৰ অস্তিত্ব বিচাৰিছিল । জুবিন একেশ্বৰবাদী নহয়, সনাতনী ধৰ্মত পৰিপন্থী। তেওঁৰ শক্তি অলৌকিকতাৰ ভিত্তিত নহয়, তেওঁ লৌকিকতাৰ পৰা আহৰণ কৰা অমল সৃষ্টি । মানুহে তেওঁক শ্ৰীকৃষ্ণৰ দৰে অৱতৰী পুৰুষ বুলি ধূপ-চাকি জ্বলাই প্ৰাৰ্থনা কৰিছে। লোৱাৰে কথা ; কিয়নো আমি কিছু ক্ষেত্ৰত ভগৱানৰ ব্যতিক্ৰমী চৰিত্ৰ আৰু জুবিনৰ চৰিত্ৰৰ তুলনামূলক পৰ্যালোচনা কৰিলে চৰিত্ৰিক সাদৃশ্যসমূহ চকুত পৰে । শ্ৰীকৃষ্ণই যেনেকৈ জীৱকুলৰ মঙ্গল চিন্তাদায়ক, জুবিনেও জীৱকুলৰ চিন্তাদায়ক।সাধু-নিৰ্বলী কৃষ্ণৰ ভকত বৎসল । জুবিন দুখীয়া,নিস্পেষিতৰ পৰম মিত্ৰ।
বিভিন্ন সময়ত ঈশ্বৰে ধৰ্ম পালনৰ হেতুকে জন্ম লয়। ইমান সহজো নহয়, পৃথিৱীত সত্য ৰক্ষা কৰাৰ ক্ষেত্ৰত। বাৰে-কোপতি দুষ্টচক্ৰই অপশক্তি প্ৰয়োগ কৰে। ভগৱানে সেই অপশক্তি বিনাশ কৰি ধৰাত শান্তি প্ৰতিষ্ঠা কৰে । কালৈকো কেৰেপ নকৰা জুবিনক বুৰ্জোৱা প্ৰভূত্বই সমালোচনা কৰিছিল। তথাপিও কটু সমালোচনাই জুবিনক প্ৰকৃত উদ্দেশ্যৰ পৰা উফৰাব পৰা নাছিল। সাম্প্ৰদায়িক, ধৰ্মীয় ভেদাভেদৰ উৰ্ধত থাকি দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছিল। —–*মানৱ ধৰ্ম উচ্চ ধৰ্ম, প্ৰকৃতি তেওঁৰ প্ৰাণতকৈ শ্ৰেষ্ঠ।*——-এয়া-জুবিনৰ মূল কথা আছিল।
জুবিনৰ দৰেই শ্ৰীকৃষ্ণ প্ৰকৃতি অনুৰাগী আছিল । বনৰ পক্ষীকুল,জীৱ জন্তুক আত্মাৰূপে জ্ঞান কৰিছিল। অৰণ্যৰ প্ৰাণীকুল তেওঁৰ মিত্ৰৰ দৰে আছিল। ঈশ্বৰ শক্তিৰ লগত জুবিনৰ প্ৰবল মনোবল একে বুলি কোৱাত ভুল নাই।
কুৰুক্ষেত্ৰ ৰণত শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা গীতাৰ শ্লোক সমূহে আত্মাৰ প্ৰকৃত সত্য উদ্ঘাটন কৰে। তেনেকৈ আধুনিক ভাষাত লেখা জুবিনৰ প্ৰতিটো গীতি কবিতা, গান, চলচ্চিত্ৰই জীৱনৰ বাস্তৰৱ মূল্যায়ন দিয়ে। শ্ৰীকৃষ্ণৰ ঈশ্বৰীয় মাহাত্ম্য লীলাসমূহ আৰু জুবিনৰ মানৱীয় মাহাত্ম্যই প্ৰকৃতিৰ লগতে সমস্ত মানৱ জাতিক মোহছন্ন কৰি ৰাখিছে।
জুবিন আমাৰ জগতগুৰু শংকৰদেৱৰ দৰে প্ৰজ্ঞাৰ সাধনা কৰা কিংবদন্তি পুৰষ। পাৰ্থক্য মাথোঁ শংকৰদেৱৰ জীৱন দৰ্শন ভগৱানৰ অস্তিত্বক নাম-কীৰ্ত্তনৰ মাধ্যমেৰে উপাসনা কৰা । ভাগৱতৰ দশমস্কন্ধ পৌৰাণিক আখ্যান সমূহ ব্ৰজাৱলী ভাষাত লিখি ৰাইজৰ মাজত ভক্তি ৰসেৰে আত্মাক সংযমী কৰি ঈশ্বৰ তত্বত বিলীন কৰা । জুবিনৰ জীৱন দৰ্শন মানৱীয় আৰু প্ৰকৃতিৰ প্ৰমূল্যবোধৰ ওপৰত প্ৰতিস্থিত। গুৰুজনাৰ মানৱীয়-জাতীয়-প্ৰীতি ,প্ৰকৃতিপ্ৰেমৰ লগত জুবিনৰ আদৰ্শৰ বহুত সামঞ্জস্য আছে। শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম আৰু জুবিনৰ মানৱ ধৰ্মত জাতি বৰ্ণ, ধৰ্ম আৰু উচ্চ-নীচৰ কোনো প্ৰভেদ নাছিল। এক শৰণ নামধৰ্মৰ যোগেদি সকলোকে একত্ৰিত কৰি বৃহত্তৰ অসমভূমি গঢ়াৰ যি মূলতঃ উদ্দেশ্য , ঠিক তেনেদৰে জুবিনেও সকলোকে ভাতৃত্বঃবোধেৰে একত্ৰিত কৰি অসমক এখন প্ৰগতিশীল , সংস্কৃতিত চহকী ৰাজ্য হিচাপে বিশ্বসাম্ৰাজত একেশাৰীত অংশীদাৰ কৰাটো। গুৰু জনাৰ মানৱীয় আদৰ্শ আৰু সাহিত্য-সংস্কৃতিয়ে অসমীয়াক স্বকীয় মৰ্য্যদা দিছে। শংকৰদেৱৰ অবদান অবিহনে অসমীয়া সাহিত্য ধাৰা আধৰুৱা। অনুষ্ঠানত শংকৰী নৃত্য-কলা,ভাওনা,গীত ভটিমা, বৰগীত নাম প্ৰসংগই মঞ্চসমূহ জীপাল কৰে আৰু সংগীতৰ মূৰ্চনা , সামাজিক দায়বদ্ধতা , যুগমীয়া কীৰ্ত্তিৰ বাবে জুবিনে অসমৰ সাংস্কৃতিকৰ বৃহৎ অংশ দখল কৰি আছে ।
জীৱিত কালত মানুহে অজ্ঞনতাৰ বাবে প্ৰকৃত স্বৰূপ উপলব্ধি কৰিব নোৱাৰে। অজ্ঞান আন্ধাৰত অমানুহে মানুহক পশুৰ দৰে ব্যৱহাৰ কৰে। হাততে পাই বাটত হেৰুৱাই পেলায়, হত্যাৰ দৰে দানৱীয় দুঃষ্কাৰ্য্য সংঘটিত কৰাৰ কথাও ভাবিব পাৰে।
গুচি যোৱাৰ পিছতহে অনুভৱ হয় তেওঁৰ শ্ৰেষ্ঠতমৰ মূল্যায়ন। জীৱিত কালত জুবিনৰ সৃষ্টিৰ কৰ্মকাণ্ড নেদেখি অকল জুবিনে কি পিন্ধিছে,কি কৈছে, এইবোৰত লাগি থাকোতেই সংগীতৰ সোণালী যুগ এটা থাউকতে হেৰাই পেলালো। তেওঁৰ ঈশ্বৰ প্ৰদত্ত যশস্যা আওকাণ কৰিলো। উপলদ্ধিৰ শেষত কৰিবলৈ কি আছে আমাৰ? চকুৱে নৈ বোৱালে। অন্তিম শয়নত অনুৰাগীৰ কান্দোনত আমাৰ বুকু ফাটি গ’ল। ফটোত ,সমাধিত ভগৱানৰ দৰে নৈবেদ্য দি সেৱা কৰিছো, গানবোৰৰ মাজত জুবিনৰ অস্তিত্ব লৈ টনাটনি কৰিছো। বহি লৈ জুবিনৰ গুণবোৰকে প্ৰলাপ বকিছো। নজনাকৈ ,নুবুজাকৈ ইমানেই ভাল পাইছিলো যে আজি জুবিনৰ ন্যায় বিচাৰি বলিয়াৰ দৰে চিঞৰি আছো। সময় থাকোতে আমি কিয় আমাৰ অমূল্য সম্পদক ধৰি ৰখাৰ দায়িত্ব ল’ব নোৱাৰিলো ? কাক দোষিম? সাহস,ভয়ৰ অভাৱত নিজক নিজে ধিক্কাৰ দিছো। — জুবিন নাই,এই সত্যটো মানি লৈ উচুপি উঠো। তাৰ বাহিৰে আমাৰ যেন কিবা কৰাৰ উপায়ো নাই।
শ্ৰীকৃষ্ণই বৃন্দাবন এৰি মথুৰা আৰু দ্বাৰকালৈ যাত্ৰা কৰোতে বৃন্দাবন বাসী,গোপ-গোপীসকল শোকত ম্ৰিয়মান হৈছিল । প্ৰকৃতিয়েও বুজিলে ; সিহঁতৰ আত্মাৰ পৰা স্পন্দন এটুকুৰা খহি গ’ল। কাঁহ পৰি জীণ গ’ল বননী । প্ৰাণীজগত ৰৈ ৰৈ বিনাইছে অবুজ ভাষাত, নিঃশব্দ উচুপনিত নদীয়ে যেন পাহৰি পেলাইছে তাৰ অনাগত যাত্ৰা। জুবিনৰ শেষ যাত্ৰাটো যন্ত্ৰণাত দেই-পুৰি বগলী ,কুকুৰে প্ৰাণ ত্যাগ কৰিছে। প্ৰতিঘৰত বিষাদৰ ছাঁ, নিমাও-মাও পৰিবেশ।
নিজৰ মহত্বপূৰ্ণ আদৰ্শৰে আনৰ অন্তৰত স্থায়ী লাভ কৰিব পৰাটো ইমান সহজসাধ্য নহয়। ধৰ্মীয় পন্থা অৱলম্বন কৰি একতাৰ ডোলেৰে সম্প্ৰীতিৰ এনাজৰী ডাল মজবূত কৰা শ্ৰীমন্ত শংকৰদেৱ জাতিয়তাবোধৰ সমন্বয় ৰক্ষক । তেৰাৰ ইচ্ছা মৃত্যু আছিল যদিও তেওঁৰ অনুগামী আটা সবে শোকত ভাগি পৰিছিল।
যুগে যুগে সাত্বিক পুৰুষৰ মৃত্যুত সমাজত অপূৰণীয় ক্ষতি হয়। সেয়ে আমি অৰ্ধসমাপ্ত সৃষ্টিৰ দুখত বাট হেৰাই পেলাও । বিয়োগাত্মক ক’লা অধ্যায়ে আমাক আঘাত দিয়ে। তেনে এক ক’লা অধ্যায়ৰ সাক্ষী আমি। জুবিনক হেৰুৱা দুখত আমাৰ অন্তৰ দাও দাও কৈ জ্বলিছে ।
