মানৱ জীৱনত সংগীতৰ প্ৰভাৱ- জ্যোতিস্মিতা গোস্বামী শৰ্মা

pc-INFODEA

মানৱ জীৱনত সংগীতৰ প্ৰভাৱ

সৃষ্টিৰ পাতনিৰে পৰা মানৱ জাতিয়ে অন্তৰৰ আবেগ-অনুভূতি, হৰ্ষ- বিষাদ আদি গীত, বাদ্য আৰু নৃত্যৰ মাধ্যমেৰে প্ৰকাশ কৰি আহিছে। গীত, বাদ্য আৰু নৃত্য এই তিনি কলাৰ সমাবেশেই হ’ল সঙ্গীত‌। এই কলাই আমাৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ এক বৃহৎ অংশ অধিকাৰ কৰি আহিছে। গীত শুনি শিশু টোপনি যায়, বৃদ্ধসকলে সুৰ লগাই কীৰ্ত্তন-ভাগৱত পাঠ কৰে, কৃষক মজদুৰ সকলে দিনটোৰ হাড়ভঙা খাটনি লাঘৱ কৰে সুৰ আৰু ছন্দৰ মাজেৰে।

সভ্যতাৰ পোহৰ নোপোৱা অৰণ্যবাসীৰ মাজতেই হওঁক বা আধুনিক সভ্যতাৰ পোহৰ পোৱা দেশবাসীৰ মাজতেই হওঁক পৃথিৱীৰ সকলো দেশৰ সামাজিক উৎসৱ-অনুষ্ঠান, পূজা-পাৰ্বন আদিত গীত, বাদ্য আৰু নৃত্য অপৰিহাৰ্য‍্য অংগ হিচাপে ব্যৱহৃত হৈ আহিছে।

সঙ্গীতৰ অবিহনে মানৱ সমাজ অসম্পূৰ্ণ, দেৱতা সকলো সঙ্গীতৰ প্ৰভাৱৰ পৰা মুক্ত নাছিল। প্ৰাচীন ভাৰতীয় সমাজৰ মানসিক আৰু আধ্যাত্মিক বিকাশ সাধনত এই কলাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

খাদ্যই যিদৰে মানুহৰ শাৰীৰিক পুষ্টি সাধন কৰে ঠিক সেইদৰে মানসিক পুষ্টি সাধন কৰে সঙ্গীতে। চিন্তা শক্তি আৰু সূক্ষ্ম অনুভূতিসমূহৰ বিকাশ সাধনতো ইয়াৰ যথেষ্ট অৱদান আছে। এই কথা ভাৰতীয় চিন্তাবিদ সকলে বহু বছৰৰ আগতে উপলদ্ধি কৰি মত প্ৰকাশ কৰিছে এনেদৰে-

সাহিত্য সঙ্গীত কলাবিহীনঃ
সাক্ষাৎপশুঃ পুচ্ছবিষাণহীনঃ
তৃণং ন খাদন্নপী জীৱমানঃ
তদ্ভাগধেয়ং পৰমং পশুনাম।

অৰ্থাৎ, সাহিত্য, সঙ্গীত আৰু কলাৰ লগত জড়িত নথকা লোক সকল নেজ নথকা আৰু ঘাঁহ নোখোৱা পশুৰ দৰে।

সঙ্গীতে মানুহৰ চিত্ত বিনোদন, চিত্ত শোধন আৰু চিত্ত একত্ৰিকৰণত সহায় কৰে। গীত, বাদ্য আৰু নৃত্য এই তিনি কলাৰ দৰ্শন অথবা শ্ৰৱণ হ’লেই মানুহে মনত তৃপ্তি পায়। ইয়ে হ’ল চিত্তবিনোদন।

এই কলাই মানুহক পৰিচালনা কৰি প্ৰকৃত পথলৈ নিয়াৰ বহুতো দৃষ্টান্ত আছে। “বন্দে মাতৰম”, “ৰামধেনু” আদি গীতে ভাৰতৰ স্বাধীনতা সংগ্রামত ইন্ধন যোগাইছিল। পৃথিৱীত মানুহ হিচাপে জীয়াই থাকিবলৈ মানুহক লগা সততা, পবিত্ৰতা, সত্য আৰু ন্যায়ৰ বিষয়ে সঙ্গীতে সকীয়াই আহিছে। ‘দেহবিচাৰ গীত’ সমূহে মানুহৰ কলুষিত মন নিকা কৰে। ইয়াক চিত্তশোধন বোলে।

সঙ্গীতৰ মাধ্যমেৰে পৰমেশ্বৰক লাভ কৰিব পাৰি। পৃথিৱীৰ প্ৰায় ধৰ্মৰ উপাসনা আৰু প্ৰচাৰ কাৰ্য্য সঙ্গীতৰ আলমত চলি আহিছে। মানৱ মন আৰু ঈশ্বৰৰ মাজত থকা ব্যৱধান সঙ্গীতে দুৰ কৰে। এইয়ে হ’ল চিত্ত একত্রিকৰণ।

শুদ্ধ আৰু বিকৃত মিলাই মুঠ ১২টা স্বৰৰ আধাৰতে পৃথিৱীৰ সকলো সঙ্গীত প্ৰতিষ্ঠা হৈছে। ই মানৱ সমাজৰ আন্তঃৰাষ্ট্ৰীয় ভাষা। মানুহৰ উৰণীয়া মনক নিয়ন্ত্ৰণ কৰিবলৈ সংগীত এটি শ্ৰেষ্ঠ মাধ্যম। ঈশ্বৰ উপাসনা সুখ-দুখ, যুদ্ধ-বিগ্ৰহ আদি সকলো পৰিৱেশতে সঙ্গীতৰ প্ৰচলন আছে। এই কলাই মানুহৰ মন পৰিচালনা কৰি জীৱন যুদ্ধত আগুৱাই যাবলৈ শক্তি প্ৰদান কৰে। সেয়ে সঙ্গীত বৃক্ষৰ ‘ছাঁ’ত জন্ম আৰু মৃত্যুৰ মাজভাগৰ সকলো ক্ষণতে শান্তি লাভ কৰিব পাৰি।

মানুহৰ বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো সঙ্গীতে সহায় কৰে। ইয়াক মিউজিক থেৰাপি বোলা হয়। জাৰ্মানীৰ বন আৰু কলন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড০ তৃণা পুৰোহিত ৰয়ে তেওঁৰ একমাত্ৰ পুত্ৰক সঙ্গীতৰ মাধ্যমেৰে সুস্থ কৰি তুলিছিল। পশ্চিমবংগৰ শ্রীৰামপুৰ কলেজৰ অধ্যাপক ড০ মানস চেৰ্টাজীৰ মতে ৰাগ সঙ্গীতে দীৰ্ঘদিন ধৰি ভুগি থকা ৰোগ নিৰাময় কৰিব পাৰে। ড০ চেৰ্টাজীয়ে কলিকতা বিশ্ববিদ্যালয়ৰ ছাইক’ফিজিঅ’লজিষ্ট ড০ এ.কে. মাইতিৰ লগত ১০বছৰ ধৰি এই বিষয়ত গৱেষণা চলাইছিল। তেওঁৰ মতে ” সিয়া কি মন্থাৰ”, আৰু “দৰবাৰী কানাড়া” নামৰ ৰাগে দীৰ্ঘ দিন ধৰি ভুগি থকা এজমা ৰোগ, ৰাগ ‘ভৈৰৱী’য়ে ছাইনাছ; ৰাগ ‘তৌড়ী’ বা ‘পূৰ্ব্বী’য়ে মূৰৰ বিষ আৰু মানসিক দুঃচিন্তা, ৰাগ ‘কাফী’ আৰু ‘খাম্বাজে’ নিদ্ৰাহীনত দুৰ কৰে।

প্ৰাচীন শাস্ত্ৰকাৰ সকলৰ মতে, “নহি সঙ্গীতাত পৰা বিদ্যা”, অৰ্থাৎ সঙ্গীততকৈ শ্ৰেষ্ঠ বিদ্যা আন একো নাই। ই এক স্বৰ্গীয় সম্পদ। কালজয়ী সঙ্গীত কলা মানৱ কল্যাণৰ এটি জাগ্ৰত শক্তি।

জ্যোতিস্মিতা গোস্বামী শৰ্মা