মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ একাদশ দ্বি-বাৰ্ষিক অধিবেশন

মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ একাদশ দ্বি-বাৰ্ষিক অধিবেশন

ৰঙিলী বাৰ্ত্তাসেৱা- মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ একাদশ দ্বি-বাৰ্ষিক অধিবেশন আৰু আন্তঃজাতিক মানৱ অধিকাৰ দিৱসটো গুৱাহাটীৰ পেঞ্চনাৰ ভৱনত দিনজোৰা কাৰ্যসূচীয়ে অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচী শুভৰাম্ভ কৰে মাছ’ৰ অধ্যক্ষ আদিত্য লহকৰে।শ্বহীদ তৰ্পণ কাৰ্যসূচী শুভৰাম্ভ কৰে মাছ’ৰ উপাধ্যক্ষ বাণীকান্ত কাকতি,লক্ষীৰাম ভূঞা আৰু বিত্ত সচিব বুধেন বৰাই। আনহাতে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে উপদেষ্টা কমল বৰাই। বন্তি প্ৰজ্বলন কৰে সচিব ৰিতুল বৰুৱাই।ইয়াৰ পিছতেই মাছ’ৰ অধ্যক্ষ আদিত্য লহকৰৰ সভাপতিত্বত অনুষ্ঠিত হয় আন্তঃ জাতিক মানৱ অধিকাৰ দিৱসৰ মুকলি সভা। মাছ’ৰ সচিব প্ৰধান লক্ষীপ্ৰসাদ ডেকাই আঁত ধৰা সভাখনত মাছ’ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশিষ্ট মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈয়ে মানৱ অধিকাৰ আন্দোলনত মাছ’এ দীৰ্ঘদিন ধৰি কৰি অহা সংগ্ৰামৰ ব্যাখ্যা আগবঢ়াই কয় পূৰ্বতকৈ অধিক ভয়াৱহ ৰূপত মানৱ অধিকাৰ উলংঘনৰ ঘটনা বৃদ্ধি পাইছে।ৰাষ্ট্ৰ ব্যৱস্থাৰ অনিহাৰ বাবেই সঘনে মানৱ অধিকাৰ উলংঘনৰ ঘটনাৰাজী বৃদ্ধি হৈছে। তেওঁ কয় মানুহে লাভ কৰা জন্মস্বত্ব অধিকাৰ সমূহ বৈষম্য নোহোৱাকৈ উপভোগ কৰিব লাগে। বৰ্তমান সাধাৰণ মানুহে প্ৰকৃত মানৱ অধিকাৰ সমূহ যেনেদৰে ভোগ কৰিব লাগিছিল তেনেদৰে ভোগ কৰিবলৈ সক্ষম হোৱা নাই।মানৱ অধিকাৰ আন্দোলনে যিহেতু এটা বিশাল পৰিষক সামৰি লয় সেয়ে এই সংগ্ৰাম খন অধিক শক্তিশালী কৰিবলৈ হলে ৰাইজক সজাগ আৰু সচেতন কৰিব লাগিব বুলি মন্তব্য কৰে।আনহাতে বিশিষ্ট নাৰীবাদী লেখিকা সুৰ্পনা লাহিড়ীয়ে আন্তঃ জাতিক মানৱ অধিকাৰ দিৱসৰ ওপৰত এক বিস্তৃত ব্যাখ্যা আগবঢ়াই কয় শ্ৰেণীবাদৰ পৰা সৃষ্ট পুজিবাদে উলংঘন কৰি আহিছে মানুহৰ মৌলিক অধিকাৰ সমূহ।পুজিবাদৰ গ্ৰাসত পৰা ৰাষ্ট্ৰৰ ব্যৱস্থাটোৰে সৰ্বসাধাৰণক এক উন্নয়নৰ স্বপ্ন দেখুৱাইছে যদিও এই উন্নয়ন গৰিষ্ঠ সংখ্যক ৰাইজৰ বাবে নহয়। একাংশ নিদিষ্ট সংখ্যক লোকৰহে উন্নয়ন ঘটা বুলি মন্তব্য কৰে। মাছ’ৰ মুখ্য উপদেষ্টা বুবুমনি গোস্বামীয়ে মাছ’ৰ প্ৰচাৰ সচিব জিতুমনি নাথৰ সম্পাদনাত প্ৰকাশিত মুখপত্ৰ “মানৱাধিকাৰ” উন্মোচন কৰি দিয়া ভাষণত মানৱ অধিকাৰ সংগ্ৰাম খন শক্তিশালী কৰাত সকলো কৰ্মীকে আত্ম নিয়োগ কৰিবলৈ আহ্বান জনায়। মুকলি সভাৰ পিছতেই অনুষ্ঠিত হয় মাছ’ৰ প্ৰতিনিধি সভা। মাছ’ৰ মুখ্য উপদেষ্টা বুবুমনি গোস্বামীয়ে উদ্ধোধন কৰা প্ৰতিনিধি সভাত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে মাছ’ৰ সচিব প্ৰধান লক্ষীপ্ৰসাদ ডেকাই। প্ৰতিনিধি সভাই কিছু সংশোধন সাপেক্ষে সম্পাদকীয় প্ৰতিবেদন খন গ্ৰহণ কৰাৰ পাছত আগন্তুক কাৰ্যকালৰ বাবে বুবুমণি গোস্বামীক অধ্যক্ষ, লক্ষীপ্ৰসাদ ডেকাক কাৰ্যকৰী অধ্যক্ষ,বাণীকান্ত কাকতি, দিলীপ নাথক উপাধ্যক্ষ, ৰিতুল বৰুৱাৰক সচিব প্ৰধান,ৰাজু সিংহ,মনোজ দুৱাৰাক সচিব,ভৱমণি শইকীয়াক মুখ্য সাংগঠনিক সচিব,জিতুমনি নাথক প্ৰচাৰ সচিব,মুজামিল হকক সহকাৰী প্ৰচাৰ সচিব,বুধেন বৰাক বিত্ত সচিব আৰু ললিতা বৰ্মণক কাৰ্যালয় সম্পাদিকা হিচাপে লৈ কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয়। সন্ধিয়া সচিব ৰাজু সিংহ,ৰোবেইনা য়াছমিন আহমেদ,কাৰ্যালয় সচিব ললিতা বৰ্মণ,সাংগঠনিক সচিব মানসজ্যোতি গগৈয়ে বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী সামৰণি পেলাই৷