মানৱৰ লীলা – মিন্টু গোৱলা

মানৱৰ লীলা
মিন্টু গোৱলা, লখিমপুৰ
হে মায়াৱী মানৱ
কোনে জানে ?
কাইলৈ  কি  হয় ?
আজি হাঁহি আছোঁ খন্তেক
কিন্তু
  কাইলৈ কি হ’ব ?
ময়ো নাজানো ।
দেহা থাকিলেহে বেহা
কিন্ত দেহাৰ ভৰসাই নাই ।
কাইলৈ কি হয় ?
তাৰো কোনো হিচাব নাই ,
আছোঁ মাথোঁ
ঈশ্বৰ ভৰসাত  ।
কোন দিনা কি হ’ব
তাকো ক’ব নোৱাৰোঁ
আছোঁ মাথোঁ  বাট চাই
কপালৰ লিখনি লৈ !
বিধিয়ে কি লিখিছে
সময়ে ক’ব  !