মানৱৰ পৰিচয় দিয়া দানৱৰ দৰে নহয়- যমুনা দুলু  বৈশ্য

Pc Shutterstock
মানৱৰ পৰিচয় দিয়া দানৱৰ দৰে নহয়
সৌ চৰাইজনী দেখিছানে বাৰু
সজাত বন্দী হৈ
চিঞৰিব পৰা নাই
মুক্ত মনে উৰিব নোৱাৰা বাবে
সজাতে ইচাটি -বিচাটি কৰি ডেউকা কোবাইছে ।
আকাশত উৰিবলৈ দিয়া
বাধা নিদিবা প্ৰকৃতিৰ স’তে খেলিবলৈ
এৰি দিয়া সিহঁতক  ।
কাকলি মাতে মাতক
শান্তিৰে বিচৰণ কৰক
স্নেহৰ বুকূ উদং কৰি
নিৰলে থাকিবলৈ নিদিবা
সম্প্ৰীতিৰে উৰক জাকপাতি
স্বাধীন কৰি দিয়া বন্দীত্ব নহয় ।
গছ-লতিকাত পৰি
ডেউকা কোবাই নাচক
ডেউ দি দি পাহাৰে-পৰ্বতে
যাদুকৰী কন্ঠৰে
এই ধৰাৰ বুুকুতে ওমলোক চাৰিওঁদিশ
মানৱৰ পৰিচয় দিয়া  বন্ধুবৰ  দানৱৰ দৰে নহয়
 মুক্ত কৰি দিয়া সিহঁতক  ।
 যমুনা দুলু  বৈশ্য