মানৱীয় প্ৰমূল্যৰ বাহক ৰঙালী বিহু- বন্দিতা শৰ্মা কন্দলি

Pc- Asomiya Pratidin

মানৱীয় প্ৰমূল্যৰ বাহক ৰঙালী বিহু

বসন্তকালৰ আগমণৰ লগে লগে এক অলৌকিক মহিমাৰে প্ৰকৃতিক বিনন্দীয়া ৰূপত সজাই তোলে। লঠঙা হৈ পৰা গছ – লতিকা বোৰ চʼতৰ শেষত ন পানীৰ পৰশত কোমল কুঁহিপাতৰ সাজোন কাচোনেৰে হৈ পৰে ৰঙীন ঋতুৰ এক জীৱন্ত প্ৰতিশ্ৰুতি । প্ৰকৃতিৰ বুকুত গোলাপ, তগৰ, নাহৰ, কপৌ আদি ফুলৰ মিঠা সুবাসে , কুলি কেতেকীৰ সুললিত কাকলিয়ে তোলে সুৰৰ মূৰ্চ্ছনা । এনে লাগে যেন এক নতুন শিহৰণ! চʼতৰ উদঙীয়া বতাহে ডেকা -গাভৰুৰ চনকা মন গৰকি যায়! কমোৱা তুলাৰ দৰে উৰো উৰো মন! এয়াই সময় চʼতৰ সংক্ৰান্তি, বহাগ বিহু ! হেঁপাহৰ ৰঙালী বিহুটি । বিহু প্ৰাচুৰ্যৰ প্ৰতীক ।বহাগে আনে মনৰ প্ৰাচুৰ্য! যৌৱন জগাই তোলে ! ‘বহো তাতৰ পাতত,চকু আলি বাটত ‘ !

কৃষিভিত্তিক উৎসৱ বিহু । কিন্তু বৰ্তমান এই বিহু কৃষিভিত্তিকত সীমাবদ্ধ হৈ থকা নাই। অৰ্থাৎ বৰ্তমানৰ বিহু আৰু বিহুনাচ কেৱল গাঁৱলীয়া চহা জীৱনৰ স্বত্বঃস্ফুৰ্ত আনন্দৰ বহিঃপ্ৰকাশ নহয়। এসময়ত গাঁৱলীয়া ডেকাই ৰিঙিয়াইছিল

চিন্তনা ভাবনা বুকুৰে বহনা
এৰিব নোৱাৰোঁ বেথা,
পানী অনা ঘাটলৈ আহিবি অকলৈ
তাতে কম অন্তৰৰ কথা।
ঘাটলৈ গৈছিলি ভালেই কৰিছিলি
ককায়েৰক নিছিলি কিয় ,
কথা কমে বুলি পাঙি থৈয়েছিলোঁ
দেখিয়েই উৰি গ’ল জীৱ।

স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে ৰাজকীয় মৰ্যদা লাভ কৰা বিহুয়ে সময়ৰ সোঁতত সুঁতি এৰি বৰ্তমানৰ ব্যৱসায়িক আৰু ৰাজনৈতিক মেৰপাকত সোমাই পৰিছেহি। ভূপেন হাজৰিকাই গাই গৈছে ই “ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় এটি মাহ। ই গণ জীৱনৰ সাহ।” বিহু জাতিৰ আয়ুসৰেখা । জাতিৰ দাপোন । বিহুৰ আয়ুস টুটি গ’লে বৰ অসমীয়া জাতিৰ প্ৰাণ থাকিব জানো?

মূলতঃ কৃষক, কৃষিজীৱি সমাজ আৰু মাটি – এই তিনিৰ নিবিড় সম্পৰ্কক প্ৰতিফলিত কৰে বিহুৱে। ড° মহেশ্বৰ নেওগে উৎসৱ মানে উৎপাদন বুলি কৈছিল। উৎপাদন ৰ আনন্দ প্ৰকাশ উৎসৱ। সৃষ্টিৰ আনন্দ। মাটি আৰু মানুহৰ সম্পৰ্ক। প্ৰকৃতিৰ লগত মানুহৰ সম্পৰ্ক। সেয়ে এই উৎসৱৰ আধাৰ হ’ল শ্ৰম, সহযোগিতা, সমতা , ন্যায়, সম্ভাৱনা, পাৰস্পৰিক শ্ৰদ্ধা, কৰ্তব্য, দায়িত্ব আৰু মানৱীয় সাহচৰ্য। তাহানিতে এচামে এই বিহু আৰু বিহুনাম, বিহুনাচ ক অশ্লীলতাৰে পূৰ্ণ বুলি কৰা অভিযোগ প্ৰতিহত কৰি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, বেণুধৰ ৰাজখোৱা, পদ্মনাথ গোহাঞিবৰুৱা, ৰজনীকান্ত বৰদলৈ আদিয়ে প্ৰকৃতিৰ ৰূপ ৰঙে মতলীয়া কৰা জীৱন যৌৱন সম্পৰ্কীয় গীত -মাত-নাম-নাচ বোৰ উদ্ধাৰ, সংৰক্ষণ প্ৰচাৰ – প্ৰসাৰৰ বাবে অধিক গুৰুত্ব আৰোপ কৰি বিহুটিক সুৰক্ষিত কৰি তূলিছিল।

বৰ্তমানৰ বিহু মাটিৰ লগত সম্পৰ্ক ৰহিত। বিহুত নাই আত্মিকতা। নাই শ্ৰদ্ধা -ভক্তি । আমাৰ লোক সংস্কৃতি হৈছে বিহু। আধুনিকতাৰ কবলত পৰি বিহুৱে স্বকীয়তা হেৰুৱাৰ পথত । বিহুৰ অন্তৰ্নিহিত ভাবধাৰাৰ বিপৰীতে বৰ্তমান বিহু প্ৰতিযোগিতামূলক। বিহুক লোক সংস্কৃতি হিচাপে ৰাখিবলৈ আমি প্ৰতিজন অসমীয়াই দায়বদ্ধ হ’ব লাগিব। কিয়নো বিহুৱেই হৈছে এক মাত্ৰ সম্পদ যিয়ে অসমীয়া জাতিক একতাৰ দোলেৰে বান্ধি ৰাখিছে। জাত -পাত ,বৰ্ণ -বৈষম্য ভেদি শোষণ মুক্ত সমাজ গঢ়িবলৈ প্ৰকৃতিৰ লগত হোৱা মানুহৰ প্ৰেমে মানুহক প্ৰেমেৰে জীয়াই থাকিবলৈ শিকাই বিহুৱে । সেয়ে এই বিহু প্ৰেম ,যৌৱন আৰু সৃষ্টিৰ উৎসৱ। অসমীয়া লোক সংস্কৃতিত যৌৱনৰ অৰ্থ যৌনতা নহয়। এই যৌৱনৰ অৰ্থ হৈছে কঠোৰ পৰিশ্ৰম,নিৰ্ভেজাল প্ৰেম, মানৱীয় প্ৰমূল্যৰ প্ৰতি শ্ৰদ্ধা, সমাজৰ প্ৰতি দায়বদ্ধতা, প্ৰকৃতিৰ সৈতে আত্মীয়তা, জ্ঞানৰ সন্ধান আদি। এই যৌৱনৰ অফুৰন্ত শক্তিয়েই জাতিটোক একতাৰ দোলেৰে বান্ধি ৰাখিব পাৰে। ভোগবাদী বিজতৰীয়া হাতোৰাৰ পৰা ৰক্ষা কৰিব পাৰে।

বৰ্তমান সমাজৰ পৰা হ্ৰাস হ’বলৈ ধৰা আন্তৰিকতাৰ বীজ ৰোপিত কৰিব এই বিহুটি য়েই! এই বিহুৰ মূখ্য পৰম্পৰা জ্যেষ্ঠ জনক সেৱা কৰা, কনিষ্ঠ জনক আৰ্শীবাদ দিয়া, বন্ধু -বান্ধৱক মৰম চেনেহ যচা, আপোন মানুহক বস্ত্ৰ উপহাৰ, প্ৰিয়জনক বিহুৱান আদিয়ে মানৱীয় আদৰ্শ আৰু ভাতৃত্ববোধৰ পৰিচয় বহন কৰে।এনে আদৰ্শাত্মক বাৰ্তাবাহক বিহু টিৰ তাৎপৰ্য উপলব্ধি কৰি সকলোৱেই গাওঁ আহক

অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো।
তাতোকৈ চেনেহৰ ৰঙালী বিহুটি
নাপাতি কেনেকৈ থাকোঁ।

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও