মানৱীয়তা – ৰশ্মি ৰেখা দুৱৰা

শিশু গল্পৰ শিৰোনাম:

মানৱীয়তা

ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়

 ৰিতুৱে বিদ্যালয়লৈ সদায় মাকৰ লগত অহা-যোৱা কৰে।ঘৰৰ পৰা ১২ কি.মি বাট।অলপ কষ্ট হয় যদিও যিসময় পঢ়ে মনোযোগেৰে পঢ়ে।মেধাৱী ছাত্ৰ।কথা-বতৰাবোৰো বৰ মৰমীয়াল।ওচৰ-চুবুৰীয়াৰ লগতে শিক্ষাগুৰু সকলৰো অতি মৰমৰ।

মাকৰ লগত অহা-যোৱা কৰোঁতে ৰিতুৰ মৰমলগা কথাবোৰ শুনি বহুতে চিনাকি হ’ব খোজে।

: তোমাৰ নাম কি?

: নমস্কাৰ, মোৰ নাম শ্ৰী ৰিতু হাজৰিকা।

: তুমি কি কৰি ভালপোৱা?

: খেলি ভালপাওঁ,পঢ়ি ভালপাওঁ,আৰু দৰিদ্ৰ জনক সহায় কৰিও ভালপাওঁ।

ৰিতুৰ কথাত মাক আচৰিত! ইমান কম বয়সীয়া ল’ৰাৰ মুখত বহুত ডাঙৰ কথা।আচৰিত হৈছে যদিও মাকে ভালো পাইছে কথাবোৰ শুনি।এই গুণ সি দেউতাকৰ পৰাই পাইছে।দেউতাকেও দৰিদ্ৰ জনক সহায় কৰি সুখী হয়।

ৰিতুৱে পঢ়া বিদ্যালয়খনৰ সন্মুখতে শাৰীপাতি কেইবাজনো মগনিয়াৰ শূন্য ভিক্ষা পাত্ৰ লৈ বহি থাকে।মাকে বিদ্যালয়ৰ জিৰণি সময়ত খাবলৈ ৰান্ধি দিয়া টিফিনৰ অলপ খাই বাকী থকাখিনি ছুটিৰ পাছত মগনিয়াৰবোৰক ভগাই দিয়ে।মাকে কেতিয়াবা খঙো কৰে সম্পূৰ্ণ টিফিন নোখোৱাৰ বাবে।ওপৰতে যদিও খং কৰে ভিতৰি ৰিতুৰ মহানুভৱতাক শ্ৰদ্ধা জনায়।কণমানি ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৰিতুৰ যি কৰ্ম সঁচায়ে শলাগিব লগীয়া।

ঘৰলৈ মাহী,পেহী,জেঠাই আদি আহিলে সৰু ল’ৰা বুলি ৰিতুক ২০০/১০০ টকা দি যায়।সেই টকা ৰিতুৱে অপচয় নকৰে।সংগ্ৰহ কৰি যায়।বিদ্যালয় বন্ধ দিনত দেউতাকৰ লগত প্ৰায়ে ফুৰিবলৈ যায়।এদিন ফুৰিবলৈ গৈ থাকোঁতে দেউতাকক ক’লে,

: দেউতা, বজাৰত অলপ সময় ৰৈ দিবা।

: ঠিক আছে।কিবা দৰকাৰী বস্তু ল’ব আছে নেকি।

: হয়, দেউতা।

বজাৰখন পায়ে অলপ সময়ৰ বাবে গাড়ীখন পাৰ্কিং কৰি থলে।ৰিতু আৰু দেউতাক দুয়ো বজাৰৰ মাজলৈ খোজ ললে।

: ৰিতু, কি ল’বা।

: কাপোৰৰ দোকানলৈ মোক লৈ যোৱা।মই তাতে মোৰ পচন্দৰ কাপোৰ ল’ব পাৰিম।

: তোমাক কিছুদিনৰ আগতে সৰু মাহীৰ বিয়াত কাপোৰ কিনি দিছিলোঁ,কাপোৰবোৰ সৰু হৈ গ’ল নেকি।

: নাই ,দেউতা।

কাপোৰৰ দোকান গৈ পোৱাত ৰিতুৱে চাৰ্ট,পেণ্ট,মেখেলা-চাদৰ আদি কাপোৰ দেখুৱাবলৈ কৈছে।দেউতাক আচৰিত! এইবোৰ কাপোৰ কাৰ বাবে।দেউতাকৰ হাতত টকা মাত্ৰ ২,০০০ টকা আছে।মনে মনে ভাবিছে দেউতাকে, ২,০০০ টকাতকৈ বেছি বজাৰ কৰিলে টকা ক’ৰ পৰা দিম। ৪০ মিনিটমান সময় কাপোৰবোৰ চাই ক’লে,এইখিনিৰ মুঠ হিচাপটো কৰি দিব।দোকানীজনে দেউতাকলৈ চাই –

: দাদা, আপোনাৰ মুঠ ৬,০০০ টকা হৈছে।

দেউতাক চিন্তাত পৰিল।হঠাতে ৬,০০০ টকা ক’ৰ পৰা দিব।পকেটত হাত ভৰাই চালে,মানিবেগত এ.টি. এম. কাৰ্ডখনো নাই।

: ৰিতু, কাপোৰ অলপ কমকৈ লোৱা।মোৰ হাতত ২,০০০ টকাহে আছে।

: দেউতা,তুমি চিন্তা নকৰিবা।টকা মই দিম।

ৰিতুৱে টকাখিনি দেউতাকক দিলে,হিচাপ কৰি দোকানীজনক ৬,০০০ টকা দি কাপোৰবোৰ লৈ গাড়ীত তুলিলে।বহুদিনৰ পৰা সংগ্ৰহ কৰি থোৱা টকাখিনি ৰিতুৱে লগত লৈ গৈছে বুলি দেউতাকে অলপো নাজানে।দোকানত বহুত মানুহ থকাৰ বাবে ৰিতুক দেউতাকে বেছিকৈ প্ৰশ্ন নকৰিলে।গাড়ীত বহাৰ পাছত দেউতাকে সুধিলে,

: ৰিতু, এই কাপোৰবোৰ কি কৰিবা।

: দেউতা, আমাৰ বিদ্যালয়ৰ সন্মুখত যে মগনিয়াৰবোৰে ফটা-ছিটা কাপোৰবোৰ পিন্ধি থাকে।তুমি দেখিছা নাই?

: দেখিছোঁ।কাপোৰবোৰ তুমি সিঁহতক দিবলৈ কিনিছা?

:হয়,দেউতা।

কিমানযে সুখী হৈছে ভাষাৰে প্ৰকাশ কৰিব পৰা নাই।দেউতাকে ৰাস্তাৰে অহা-যোৱা কৰোঁতে মগনিয়াৰবোৰক আহাৰ,কাপোৰ-কানি দিয়া ৰিতুৱে জনা হোৱাৰে পৰা দেখিছে।দেউতাকৰ কৰ্মখিনিকে আঁকোৱালি লৈ ৰিতুৱেও কৰিছে।

অলপদূৰ গৈ শাৰীপাতি বহি থকা মগনিয়াৰবোৰক দেখা পালে।আজি মগনিয়াৰবোৰ দুখ মনেৰে বহি আছে।বিদ্যালয় বন্ধ।আহাৰৰ অভাৱ।বিদ্যালয় খোলা থাকিলে প্ৰায় লোকে সিঁহতলৈ আহাৰ লৈ যায়।আজি চাগৈ বৰ ভোকত আছে।ওচৰৰ হোটেলখনৰ পৰা আহাৰ লৈ দেউতাক আৰু ৰিতু সিঁহতৰ ওচৰ চাপি গ’ল।দেউতাক আৰু ৰিতুৱে আহাৰ আৰু কাপোৰবোৰ প্ৰত্যেককে বিলাই দিলে।বৰ আনন্দৰে গ্ৰহণ কৰিছে।কোনোজনে নতুন কাপোৰ পাই ৰঙতে পিন্ধিয়েই ল’লে।এমুঠি অন্নৰ অভাৱত থকাজনে অলপো ৰৈ নাথাকি হেঁপাহেৰে খাইছে।সিঁহতক আনন্দত দেখি ৰিতুৰ মনটো আনন্দৰে উপচি পৰিছে।