মানৱতা – বিপ্লব শৰ্মা

মানৱতা

বিপ্লব শৰ্মা

সেইদিনা অন্য দিনৰ দৰেই পুৱা অফিচ গৈ পালোঁ । অলপ সময়ৰ পাছত electrical field inspection লৈ যাবৰ বাবে অফিচৰ গাড়ীত বহিলো আৰু গন্তব্য স্থানৰ দিশে আমি ৩ জন বিষয়া আগুৱালো। যিহেতু মই অইল ইণ্ডিয়াৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগত চাকৰি কৰো আৰু সেইহেতুকে আমি বৈদ্যুতিক উচ্চ ক্ষমতা সম্পন্ন Electrical Substation সমূহ আৰু Switchyard সমূহ পৰিদৰ্শন কৰোঁ আৰু সকলো চিষ্টেম সুচাৰুৰূপে চলি আছে নে নাই সেইয়া পৰীক্ষণ কৰোঁ । সেইদিনা আছিল ভৰ বাৰিষাৰ এটা দিন , খুবেই বৰষুণ দি আছিল । আমি গৈ থাকোঁতেই ৰাস্তাত দেখিলোঁ যে ৰাস্তাৰ কাষতে থকা এটা খাৱৈত এখন গাড়ীৰ দুটা চকা সোমাই গল , কথমপি ৰক্ষা পৰিল দুগৰাকী দম্পতি। তেওঁলোক বৰষুণত তিতি তিতি সহায়ৰ বাবে হাত দেখুৱাই আছিল পাৰ হৈ যোৱা গাড়ীবোৰক কিন্তু দুখৰ কথা এইটোৱে যে কোনো এখন গাড়ীও নৰ’ল তেওঁলোকৰ সহায়ৰ বাবে । এনে দৃশ্য দেখি মই ৰৈ থাকিব নোৱাৰিলোঁ । মোৰ গাড়ীৰ চালক গৰাকীক ৰাস্তাৰ কাষত গাড়ী ৰখাবলৈ নিৰ্দেশ দিলোঁ আৰু তেওঁ ৰখালে। আমাৰ লগত ছাতি নাছিল ইফালে প্ৰচণ্ড বৰষুণ । মোক মেচদাই লগ দিলে তেওঁও নামি আহিল গাড়ীৰ পৰা মোৰ লগতেই । নামিয়েই আমি লগা লগ গাড়ীখনৰ কাষলৈ গলো আৰু তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিলো কেনেকৈ কি হল। তেওঁলোকে সকলো বুজাই কলে। যিহেতু আমাক অহা যোৱাৰ বাবে চৰকাৰী বাহনৰ সুবিধা প্ৰদান কৰা হয় গতিকে সেই গাড়ীৰে গাড়ী টানিবৰ বাবে মই নিৰ্দেশ দিব নোৱাৰোঁ। সকলো বুজি পোৱাৰ পাছত অলপ সময়ো নষ্ট নকৰি মই ৰাস্তাৰে গৈ থকা truck এখনক হাত দেখুৱাই ৰবলৈ অনুৰোধ কৰিলোঁ। ট্ৰাক খন আহিল আৰু তেওঁলোকক ৰছী দি সেই গাড়ীখন টানি ওপৰলৈ উলিয়াই দিবলৈ অনুৰোধ কৰিলোঁ কিন্তু তেওঁলোক মান্তি হোৱা নাছিল কাৰণ এই কাম বৰ সহজ নাছিল। বাৰে বাৰে অনুৰোধ কৰাত তেওঁলোক মান্তি হল আৰু উদ্ধাৰৰ কাম আৰম্ভ হল আৰু ৰাস্তাৰ গাড়ী দুয়োফালে ৰখাই দিয়া হ’ল । অৱশেষত গাড়ীখন উদ্ধাৰ কৰা হল আৰু ট্ৰাক ড্ৰাইভাৰ জনক ধন্যবাদ জনাই তেওঁলোকক বিদায় দিলোঁ । উদ্ধাৰ কৰা গাড়ীখন ৰাস্তাৰ কাষত সুৰক্ষিত কৰি ৰখাই দম্পতি দ্বয় আমাৰ কাষলৈ আহিল আৰু হাত যোৰ কৰি মোক ধন্যবাদ দিলে আৰু কলে :- বহুত বহুত ধন্যবাদ আপোনাক , বহুত চেষ্টা কৰিলোঁ আমি নোৱাৰিলোঁ , কোনো এখন গাড়ীও আগবাঢ়ি নাহিল আমাক সহায়ৰ হাত আগবঢ়াবলৈ । আমাৰ এখেত হাৰ্টৰ ৰোগী , তেখেতে বৰ ভয় খাইছিল আৰু আমি আজি তিনিচুকীয়া যাবলৈ ওলাই আহিছিলো তেখেতৰ চিকিৎসাৰ বাবে। এনেদৰে শুনাৰ পাছত তেখেতসকলক সান্তনা দি বিদায় দি মই মোৰ গাড়ীত বহিলোঁ আৰু টিতি থকা দেহাৰেই গন্তব্য স্থানৰ দিশে আগবাঢ়িলোঁ । তেখেতে জনোৱা মতে তেখেত হৈছে অসম চৰকাৰৰ এটা উদ্যোগৰ এজন অৱসৰপ্ৰাপ্ত MD । এতিয়া কথা হল এনেকুৱা ধৰণৰ যে আজিৰ দিনত মানৱীয়তা ক’ত ? টকাৰ লালসাই আৰু অহংকাৰে সকলো শেষ কৰি দিছে নেকি ? শ শ গাড়ী পাৰ হৈ গৈছিল কিন্তু কিয় কোনো এখন গাড়ী ৰব নোৱাৰিলে তেওঁলোকৰ বাবে ? এইয়া লজ্জাৰ বিষয় আমাৰ বাবে । আমি আমাৰ মনুহকেই বিপদত যদি লগ নিদিওঁ তেন্তে আমি কিহৰ মানৱ জাতি ? অস্তিত্ব আছে নে আমাৰ কিবা ? চিন্তা কৰিবলগীয়া বিষয় এইয়া। অনুগ্ৰহ কৰি সাধ্য অনুসৰি মানুহক সহায় কৰক আৰু এইটো পৰিচয় আমি হাতে কামে দিব লাগিব যে ” মানুহে মানুহৰ বাবে “।