মানৱতা ক’ত?
অৰ্ণৱ কটকী
জাঁজী যোৰহাট
সমাজত, পৰিয়ালত, প্ৰকৃতি সেউজীয়াক লৈ নে কোনোবা হস্পিটেলৰ চৌহদত। ক’ত আছে মানৱতা, জীৱ শ্ৰেষ্ঠৰ গৌৰৱ। কেৱল মাথোঁ নাই নাই,এটা বৃহৎ শূণ্য। অৱক্ষয় হোৱা নাই ক’ত। ধ্বংস মূখি যাত্ৰা পথত ক্ৰমশ আমাৰ মন মগজু কোষত বাঁহ লৈছে নেকি বাৰু মানৱতা হীন শক্তি, মানৱ দেহত। চিন্তনীয়! সঁচাকৈ আজি দিনত। অসহনশীল কিয় হৈছোঁ ইমান? একবিংশ শতিকাৰ দোষ নে এইয়া কলি যুগৰ দোষ!
সঁচা মানৱতা আছে আজিও। নেতিবাচক কথাৰে পুতি পেলোৱা সমাজ খনৰ মাজতো অংকুৰিত হয় মানৱতাৰ সঁচা বীজ। কাৰো কথা কোনেও শুনাৰ ধয্য নাই ,সকলোৰে সময় নাটনি নিজৰ নিজৰ ঘড়ীত। সহ্য কৰিবলৈ চেষ্টা হয়তো পাহৰিলো আমি। নীতি নিয়ম, সংস্কাৰ ভাঙি কাষৰ ব্যক্তি জনৰো লগ এৰিলোঁ আজি। কিয় হৈছোঁ বাৰু এনেকুৱা আমি?
নীতি শিক্ষাৰ পাঠ বিলাকতো হয়তো কিতাপ খোৱা পোকটো লাগিলে । ঠিক আমাৰ মনত লগা পোকৰ দৰে ,কুটি কুটি খাইছে এফালৰ পৰা মানৱতা, দয়া,মমতা সকলো বিলাক। আমি মানৱ জাতি মানৱ হৈ থাকিম নে? কোনে শিকাব পুনৰ মানৱতা মানে কি! উদয় হোৱাৰ আশাত এটি নতুন সূৰুয ।মানৱতা , দয়া, ক্ষমা সকলো সামৰি নামি অহা এটি নতুন যুগৰ সূৰুয। আশাবাদী আপোনাৰ দৰে মইও।
আৰম্ভ কৰোঁ আহক;মানুহক দেখাই নহয়। নিজৰ মনৰ মাজত মানৱতা ভৰা এখনি আকাশ সামৰি লৈ সমাজত বিলাই দিও নতুন পুৰুষৰ বাবে দয়া,মৰম,ক্ষমা আৰু সহনশীল এটি সংস্কাৰৰ অংকুৰিত বীজ।