মানৱতাৰ গুণটো চিৰসেউজ কৰি ৰাখিব নোৱাৰো নে? – সুনম বিশ্বাস

মানৱতাৰ গুণটো চিৰসেউজ কৰি ৰাখিব নোৱাৰো নে?

সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ

মানৱতা হৈছে মানুহৰ এক গুণ । যি গুণে মানুহক অন্য জীৱতকৈ পৃথক কৰিছে । কিন্তু বৰ্তমান যুগৰ মানৱসমাজে আধুনিকতাৰ চক্রবেহুত পৰি ‘ মানৱতা’ ৰ গুণটো পাহৰি যোৱাৰ উপক্ৰম হৈছে । যাৰ ফলত আপোনত্বৰ বান্ধোনত গড়ৰ সৃষ্টি হৈছে । আমি ইমানেই ব্যস্ত তথা কাঠচিতীয়া হৈ পৰিছোঁ যে মানৱতাৰ খাতিৰত মানুহৰ দুখ-শোকত এষাৰ মাত দিবলৈয়ো কুণ্ঠাবোধ কৰোঁ । আনৰ বিপদ দেখিলে নগণ্যজনৰ বাহিৰে বেছিভাগেই নেদেখাৰ ভাও জুৰি গুচি আহে। পথত দুৰ্ঘটনা সংঘটিত হ’লেও ফোনটো উলিয়াই আগতে ভিডিঅ , ফটো শ্বুট কৰাতহে ব্যস্ত হৈ পৰে। দুৰ্ঘটনা পতিত লোকজনক চিকিৎসালয়লৈ নিয়াৰ ব্যস্ততা কৰে কেইজনে? আনৰ দুখত আমাৰ অন্তৰাত্মাই কান্দি উঠেনে ? আনৰ সমস্যাৰ সমাধানৰ পথ দেখুওৱাৰ প্ৰয়াস কণ কৰাৰো আমাৰ আহৰি নাই। কিন্তু যেতিয়াই সেই একেই পৰিস্থিতি আমাৰ জীৱনলৈ আহে তেতিয়া উপলব্ধি কৰো  দুখ, শোক , সমস্যা , বিপদৰ প্ৰকৃত সংজ্ঞা কি ..! তাৰ আগতে বুজিবলৈ আমি কিছুমানে চেষ্টাই নকৰো।

আমি ধৰ্ম পালন ঠিকেই কৰোঁ । কিন্তু মানৱ ধৰ্ম যে সকলো ধৰ্মতকৈ ঊৰ্ধত  অৰ্থাত যি ধৰ্ম পালন কৰিলে ভগৱানো সন্তুষ্ট হয়। যি সকলো কৰ্ম ফলতকৈ শ্ৰেষ্ঠ সেয়া আমি ভাবো নে এবাৰ ? চন্দ্ৰকুমাৰ আগৰৱালাই মানৱতাৰ জয়গান কৰি কৈছে “মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সোঁতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে ।”  অৰ্থাৎ আমাৰ  জন্ম লাভৰ মূল উদ্দেশ্য হৈছে মানৱ ধৰ্ম পালন কৰি সৎ কৰ্মৰে নিজৰ লগতে দহৰ মংগল সাধন কৰা। গীতাতো উল্লেখ আছে ‘ কৰ্মই ধৰ্ম ‘ । সৎ পথত থাকি সৎ কৰ্মৰে কৰণীয়খিনি কৰি গ’লেই মানৱী জনম সাৰ্থক হয়।

আমি কেতিয়াবা নিঃস্বজনৰ ভৰসাৰ পাত্ৰ হোৱাৰ প্ৰয়োজনবোধ কৰোনে? দৈনন্দিন জীৱনত কিছুলোক হতাশাগ্ৰস্ত হৈ জীৱনটো ধ্বংস কৰাৰ নানান পৰিকল্পনা ৰচে , তেনে পৰিপ্ৰেক্ষিতত আমি নোৱাৰোনে সেইজনলোকৰ কষ্টখিনি হৃদয়ংগম কৰি জীৱনকালত আগবঢ়াই নিবলৈ? অসহায়জনক এধানি আন্তৰিকতাৰ হাতখন আগবঢ়াই দি সেইজন লোকক মানসিক শান্তিৰ অধিকাৰী কৰিবলৈ নোৱাৰোনে? মৰম , আন্তৰিকতাই মানুহক কণ্টকময় পথেৰেও আগুৱাই যোৱাৰ পথ প্রশস্ত কৰে।  কিন্তু সেয়া আমি কৰো কিমানজনে ?

তাৰোপৰি পদপথ , হাস্পাতালবোৰ দেখা যায়  মানৱতাৰ স্খলন । হাস্পাতালত গুৰুতৰ অৱস্থাৰ ৰুগী  হ’লেও  বিলিঙৰ পৰা আদি কৰি , দৰৱ কিনা পৰ্যন্ত দীঘল শাৰীত ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰিব লাগে। মানৱতাৰ খাতিৰত কোনেও সেইজনক লোকক প্ৰথম সুবিধা নিদিয়ে যিজনৰ প্ৰয়োজন আনতকৈ কিছু হ’লেও বেছি। বয়স্থৰ  পৰা আদি কৰি সকলোৱে নিয়মানুসৰি শাৰী পাতিব লাগে। যিটো হাস্পাতালৰ শৃংখলা , সেয়া পালন কৰাটো আমাৰ কৰ্তব্য। তথাপিও জৰুৰীকালীন অৱস্থাত কিবা সুধিবলৈ হ’লেও শাৰীত থিয় হ’ব লাগে ন’হলে শাৰীত থকা লোকসকলে কাজিয়া কৰে । ভাষাৰ শালীনতাতো নায়েই, দয়া , মমতা শব্দবোৰো যেন কিছুমানৰ বাবে নিৰ্থক হৈ পৰিছে । যিটো কদাপি উচিত নহয় । সময়ৰ মূল্য সকলোৰে জীৱনত থাকে কিন্তু তাতেও মানৱতা বোলা গুণ এটা থাকে। আমি পৰিস্থিতি অনুসৰি অলপ ৰৈ যাব লাগে । অন্তৰখন অলপ বিশাল কৰিব লাগে। কেৱল নিজ স্বাৰ্থৰ বৰশীত সম্পৰ্কবোৰ বজাই ৰাখিব নালাগে। সমদৃষ্টিৰে জগতখনৰ সকলোবোৰ দিশ প্ৰত্যক্ষ কৰিব লাগে । কোৱা বাহুল্য যে মানৱতা ,পৰোপকাৰিতা ইত্যাদি গুণবোৰোত  আজিকালি ঘুণে ধৰিছে।

অন্যহাতে পদপথৰ ভিক্ষাৰীসকলৰ প্ৰতিও কিছুমানে দুৰ্ব্যৱহাৰ কৰা দেখা যায় । কেতিয়াবা মুখখন টেঙাই ধমকি দি এটকা বা দুটকাৰ  মুদ্রা এটা দলিয়াই দিয়া দেখা যায় । নতুবা  জন্তু তুল্য ব্যৱহাৰ কৰে। হাতত ধন নাথাকিলেও আমাৰ সহানুভূতিশীল মন এটাৰ বাৰুকৈয়েই প্ৰয়োজন। কাৰোবাক কিবা দিবলৈ বা সহায় কৰিবলৈ হ’লে মনটো চহকী হ’ব লাগে। ধনৰ বাহিৰে যদি আন্তৰিকতাৰে এষাৰ মাত দিয়া যায় তেতিয়াও সেইজনৰ বাবে সেয়াও এক পৰম প্ৰাপ্য, হৃদয় জুৰাই যোৱা এক উপহাৰ । কথাকবি যতীন্দ্ৰ নাথ দুৱৰাৰ ‘ মগনিয়াৰ’ নামৰ কথা কবিতাটিত  দেখা যায় মানৱতাৰ  উজ্জ্বল নিৰ্দশন। কবিয়ে কৈছে — “ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই ।” অৰ্থাৎ সেই সময়ত কবি গৰাকীৰ হাতত মগনিয়াৰজনক দিবলৈ একো নাছিল । একেবাৰেই নিঃস্ব আছিল তেওঁ । কিন্তু কবিৰ হৃদয়খন আন্তৰিকতা, সহানুভূতিৰ  ফালৰ পৰা দৰিদ্র নাছিল। অপৰিস্কাৰ উখহা হাতখন কবিয়ে মমতাৰ বান্ধোনেৰে মুঠি মাৰি ধৰি যি আন্তৰিকতাৰ প্ৰমাণ দিছিল সেয়াও আছিল মগনিয়াৰজনৰ বাবে মহান দান । তেনেকৈ আমিও নোৱাৰোনে হৃদয়ৰ নিভৃত কোণত বিৰাজিত মানৱী গুণৰ বহিঃপ্ৰকাশ কৰিবলৈ ? সৰ্বস্বান্তজনৰ ভৰসাৰ পাত্ৰ হ’বলৈ?  নিঃসংগতাৰ সংগী হ’বলৈ , বেদনাৰে ভাৰাক্ৰান্ত লোকৰ জীৱনটো অলপ আপোনত্বৰ অস্তিত্ব অনুভৱ কৰাই ৰঙীন কৰি তুলিবলৈ ?

গতিকে , আমি ক’ব পাৰোঁ যে ইচ্ছা কৰিলে আমি কৰিব নোৱাৰা একো নাই। আপোন – পৰৰ ভেদাভেদ নকৰি ,স্বাৰ্থাদ্ধৰ বীজটো অন্তৰখনত অংকুৰিত হ’বলৈ নিদিলেই জগতখনক আপোন কৰি ল’ব পাৰি । জীৱশ্ৰেষ্ঠ লোকৰ আবাসভূমি এই পৃথিৱীখন স্বৰ্গতকৈয়ো অধিক সুখৰ কৰি ল’ব পাৰি । যিমানদিন  মানৱতাৰ গুণবোৰ জীয়াই থাকিব সিমানদিনলৈ  সম্পৰ্ক, আপোনত্বৰ অস্তিত্ব চিৰসেউজ হৈ থাকিব । নহ’লে  জীৱশ্ৰেষ্ঠতাৰ মুকুটখনত কলংকৰ ছাঁই লাগিব। মানৱতা , সহানুভূতি , পৰোপকাৰিতা , দয়া , মায়া ইত্যাদিবোৰ শব্দই কেৱল অভিধানৰ পৃষ্ঠা শুৱনি কৰিব । আজিকালি খুবেই কম লোকৰ অন্তৰখনত মানৱতাৰ গুণটো দেখিবলৈ পোৱা যায় । আমি জানো মানৱজীৱন ক্ষন্তেকীয়া , গতিকে এই ক্ষন্তেকীয়া জীৱনটো উপভোগ কৰিবলৈ কেৱল ধনাৰ্জনৰ বাবে অতিবাহিত নকৰি ;  সকলোৰে লগত হাঁহি – ধেমালি , আনন্দৰে ভ্ৰাতৃত্বৰ ভাৱেৰে মানৱতাৰ বাঘজৰীডাল টানকৈ ধৰো। আহক আমি সকলোৱেই বিনাদ্বিধাই বিশাল মনৰ অধিকাৰী হৈ মানৱতাৰ গুণবোৰ জীয়াই ৰাখো । চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানৱ বন্দনা’ কবিতাটিত মানৱ ধৰ্মৰ যি সুন্দৰ উল্লেখ আছে— “মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কেৱ কৰা কৰা পূজা। পাদ্য অর্ঘ্য লৈ জয় জয় মানৱ দেৱ ।” এই বাক্যশাৰী সাৰোগত কৰি পৃথিৱীখন স্বৰ্গৰাজ্যৰ অধিকাৰী কৰি গঢ়ি তোলো ।