মানৱতাৰ কোনো ধৰ্ম নাথাকে
আয়শা ছিদ্দিকা (আছৰি),
বাংলিপাৰা, বৰপেটা
মানৱতা শব্দটোয়েই যেন শক্তি, সদ্ভাৱনা আৰু সর্বজনীনতা। মানৱতাৰ কোনো সম্প্ৰদায়,ধৰ্ম, জাতি, ভাষা বা সীমা নাই। ই হৈছে হৃদয়ৰ অনুভৱ, যি কেৱল এজন মানুহৰ দৰে আন এজন মানুহক সহানুভূতিৰে চাবলৈ শিকায়।
আজিৰ সমাজত মানুহে নিজৰ ধৰ্ম, জাতি, ভাষা লৈ গর্ব কৰে। কিছুমানে ভাবে মোৰ কথাই সঠিক বাকীবোৰ ভুল । আচলতে এই ভাবনাই সকলো সমস্যাৰ মূল। ধৰ্ম মূলত ভক্তিৰ পথ, কিন্তু যেতিয়া সেই ধৰ্মৰ নাম লৈ হিংসা, বিদ্বেষ, আৰু হত্যাকাণ্ড চলে তেতিয়া সেই পথ অন্ধকাৰময় হয়। সেই ধৰ্ম কুলষিত হয়। মানৱতা কেতিয়াও বিভেদ সৃষ্টি নকৰে। এটি শিশুক উদ্ধাৰ কৰোঁতে, এটি বৃদ্ধক সহায় কৰোঁতে, এটি ৰোগীক ৰক্ত দিয়া সময়ত ক’তো ধৰ্ম বিচাৰি সহায় কৰা নহয় । সেই মুহূর্তত মাথোঁ এটি বস্তু কাম কৰে হৃদয় আৰু মানৱতা।
মানৱতাৰ মাজত শান্তি থাকে আৰু থাকে জীৱনৰ সঁচা অৰ্থ। এজন হিন্দুৱে যদি এজন মুছলিমক সহায় কৰে, এজন খ্ৰীষ্টানে যদি এজন বৌদ্ধক মৰম কৰে সেইবোৰেই মানৱতাৰ দৃষ্টান্ত। তাৰ মাজত মন্দিৰ নাই, মছজিদ নাই, গীৰ্জা নাই আছে মাথোঁ হৃদয়ৰ পবিত্ৰতা ,একতা আৰু ভাতৃত্ব
বৰ্তমান সমাজত ধৰ্মৰ নামত মানুহে মানুহক হত্যা কৰে, জাতিৰ নামত বন্ধুত্ব ভাঙে। জাতি ধৰ্মৰ নামত কত কি চলে এতিয়া কথা হ’ল মানৱতা ক’ত …….? সাধাৰণতে মানুহে জত ধৰ্মৰ আবেগত মানৱতাক পাহৰি গৈছে।
সঁচাই মানৱতাৰ কোনো ধৰ্ম নাথাকে। কাৰণ সত্য ধৰ্মেই শিকায় দয়া কৰা, সহায় কৰা, সত্য বচন। আৰু যি ধৰ্মত মানৱতা নাথাকে,সেইটো ধৰ্ম নহয়, মাথোঁ গৰ্বিত অন্ধতা।