মানৱতাৰ কবি ড⁰ ভূপেন হাজৰিকা – আয়শা ছিদ্দিকা

Pc The New Indian Express

মানৱতাৰ কবি ড⁰ ভূপেন হাজৰিকা

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

হাজৰিকা দেৱ এজন সৰ্বগুনসম্পন্ন ব্যক্তি। তেখেতৰ কোনো এটা নিৰ্দিষ্ট গুণ বাছনি কৰি উলিওৱাৰ কঠিন । সকলো দিশৰ গুণ তেখেতৰ গাত বিদ্যমান আৰু সকলো বিষয়ে আমি আকৃষ্ট হওঁ। তেখেত এজন চিন্তাশীল বুদ্ধিজীৱী আছিল। তেখেতৰ গীতত শোষণ, বৰ্ণবৈষম্য, যুদ্ধবিৰোধী ভাৱনা, মানৱতাৰ জয়গান সদায়ে প্ৰতিধ্বনিত হৈছিল। তেখেতৰ গীতত গভীৰ, মৰ্মস্পৰ্শী আৰু শক্তিশালী কণ্ঠস্বৰ বিদ্যমান। তেখেতে আধ্যাত্মিকতা, প্ৰেম, সামাজিক ন্যায়, মানৱতা আদি বিষয়বস্তুক নিজৰ সুৰেৰে এক অনন্য উচ্চতালৈ লৈ গৈছিল।

অসম তথা ভাৰতীয় সংগীত জগতৰ অন্যতম উজ্জ্বল নক্ষত্ৰ ভূপেন হাজৰিকা মানৱতাবাদৰ এক সুন্দৰ প্ৰতিমূৰ্তি। তেওঁৰ গীত, কবিতা, চিন্তা, আৰু জীৱনদৰ্শন সকলোৰে মাজেৰে ফুটাই তুলিছিল মানুহৰ প্ৰতি মৰম, সমবেদনা আৰু ন্যায়ৰ আকাংক্ষা। সংগীতৰ জৰিয়তে তেওঁ সমাজক জাগ্ৰত কৰাৰ এক অধ্যয়নমূলক প্রচেষ্টা কৰিছিল। তেখেতৰ মানৱতাবাদী চিন্তা প্ৰথমে ধৰা পৰে তেওঁৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ গীতত। এই গীতত তেওঁ গভীৰ সুৰত কৈছিল মানুহৰ সঁচা ধৰ্ম হ’ল আন মানুহক মৰম কৰা। ধৰ্ম, জাতি, ভাষা বা ৰাজনীতিৰ ভেদাভেদৰ ওপৰত উঠে তেওঁ মানবসত্তাক একেই সুৰত সজাই তুলিছিল।

তেওঁৰ মানৱতাবাদী চিন্তা কেবল গীতৰ কথাতেই সীমাবদ্ধ নহয়। ‘বিস্তীৰ্ণ পাৰৰে’ গীতখনত মানুহৰ জীৱনসংগ্ৰাম, দুখ-দুৰ্দশা, সামাজিক বৈষম্যৰ প্ৰতিচ্ছবি উঠে আহে। ভূপেন হাজৰিকা বিশ্বাস কৰিছিল যে সমাজৰ প্ৰকৃত উন্নতি হ’ব নে নহ’ব সেয়া নিৰ্ভৰ কৰে মানুহৰ মাজৰ মৰম আৰু ন্যায়বোধৰ ওপৰত। তেখেতে ক্ৰমাগতভাবে শোষিত, বঞ্চিত, আৰু দুখীয়া লোকৰ হকে গীত গাইছিল। তেওঁৰ গীতত আহে কুলি-মজুৰ, কৃষক, কামকৰ্মী।যিয়ে সমাজ গঢ়ে, কিন্তু যাক সমাজে সাধাৰণতে উপেক্ষা কৰে। তেওঁ সংগীতক ‘জনতাৰ কণ্ঠস্বৰ’ ৰূপে ব্যৱহাৰ কৰিছিল। এই দৃষ্টিভংগীয়ে তেখেতক এগৰাকী সমাজকল্যাণ চিন্তক ৰূপে প্ৰতিষ্ঠিত কৰে। তেওঁৰ মানৱতাবাদৰ আন এখন দিশ হ’ল বিশ্বজনীনতা। ভূপেন হাজৰিকা দেশ-বিদেশ ভ্ৰমণ কৰি দেখিছিল যে মানুহৰ দুখ আৰু সুখ একে। সেয়েহে তেওঁ গায় ‘গংগা মোৰ মা, পদ্মা মোৰ মা।’ তেওঁৰ চিন্তাৰে  বিশ্বমানৱতা স্থাপনৰ সপোন স্পষ্ট ৰূপত ফুটি উঠিছিল।

ভূপেন হাজৰিকাৰ মানৱতাবাদ কোনো দাৰ্শনিক তত্ত্বৰ ওপৰত নিৰ্ভৰ কৰা শূন্য চিন্তা বুলি আমি ক’ব নোৱাৰোঁ। তেখেতৰ জীৱনৰ বাস্তৱ অভিজ্ঞতাৰে গঢ়া। তেওঁ সংগীতক সামাজিক পৰিৱৰ্তন মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল।

হাজৰিকা দেৱৰ মানৱতাবাদী দৃষ্টিভংগী আজিও যুগোপযোগী। সংঘাত, বিভাজন, ঘৃণাত ভৰা এই সমাজত তেওঁৰ গীত যেন এক আলোকৰ সন্ধান।যি আমাক বুজাবলৈ, প্ৰেমলৈ আৰু একতাৰ বাট দেখুৱাই।

সঁচাকৈয়ে, ড⁰ ভূপেন হাজৰিকা মানুহৰ বাবে জীৱন অৰ্পণ কৰা মানৱতাৰ কবি আছিল।