“মানৱজীৱনত কিতাপে হৈছে শ্ৰেষ্ঠ প্ৰকৃত বন্ধু”
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
মানৱজীৱনৰ অপৰিহাৰ্য অংগ হৈছে কিতাপ।কিতাপত যুগ-যুগান্তৰৰ জ্ঞান অভিজ্ঞতাৰে পৰিপূৰ্ণ থাকে।এজন ব্যক্তিক সংগ দি সম্পূৰ্ণ সলনি কৰি দিয়াৰো শক্তি আছে কিতাপৰ।সুখৰ দিনত বন্ধুৰ অভাৱ নাই।কিন্তু দুখৰ দিনত বন্ধুৰ মাত এষাৰ পাবলৈ নাই।বিপদত হাতত হাত থৈ আগুৱাই দিয়া জনহে প্ৰকৃত শ্ৰেষ্ঠ বন্ধু।ঠিক সেইদৰে কিতাপক যদি আমি হৃদয়ত স্থান দিব পাৰোঁ,হয়তো কিতাপে কেতিয়াও লগ নেৰিব।বগা কাগজত কলা চিয়াঁহীৰে আৱৰা মূল কথাখিনি কেতিয়াও সলনি নহয়।মানৱজাতিৰ মনবোৰ প্ৰতিটো খোজত সলনি হয়।সেইবাবে কিতাপক বিশ্বাস কৰিব পাৰি,কিন্তু মানুহক বিশ্বাস কৰিব নোৱাৰি।কিতাপে হৈছে হৰ্ষ-বিষাদৰ সংগী।কিতাপে এটা দুখী জীৱন সুখী কৰিব পাৰি।শতাধিক দুখ-কষ্ট,সংগ্ৰাম পৰিহাৰ কৰি জীৱনটোক নকৈ জীয়াবলৈ শিকাই এখন ভাল কিতাপে আৰু প্ৰেৰণা যোগায়।উন্নত মানদণ্ডৰ কিতাপ দৈনিক প্ৰকাশ পায়ে থাকে।সকলো পঢ়িবলৈ এই জীৱনত কাৰোৱেই সময় নাই আৰু পঢ়া সম্ভৱ নহয়।কিন্তু জীৱনটো সুন্দৰভাৱে পৰিচালিত কৰিব পৰাকৈ নিজক শক্তিশালী কৰি তুলিবলৈ উপযোগী হোৱাকৈ কিছু গ্ৰন্থ পঢ়াৰ দৰকাৰী।যিটো জ্ঞান আমি এখন গ্ৰন্থ পঢ়ি সহজে আহৰণ কৰিব পাৰোঁ,সেই গ্ৰন্থখনৰ লেখকে গ্ৰন্থখন সম্পূৰ্ণ কৰি পাঠক সমাজলৈ আগবঢ়াই দিবৰ বাবে বহু অধ্যয়ন আৰু অভিজ্ঞতাৰ প্ৰয়োজন হয়।সেই অভিজ্ঞতা,জ্ঞান,সত্যানুসন্ধান সকলোবোৰ কিতাপৰ পাতত থূপ খাই থাকে।সেইবাবে কিতাপ সকলোৰে বাবে শ্ৰদ্ধেয়।আৰু কিতাপে হৈছে প্ৰকৃত শ্ৰেষ্ঠ বন্ধু।কিতাপ সত্যৰ পথ বিলোৱা কেতিয়াও নুনুমোৱা এগছি বন্তি।কিতাপে আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে।মানুহৰ অন্তৰাত্মা পবিত্ৰ কৰে।কিতাপৰ লগত অন্তৰংগ বন্ধুত্ব গঢ়ি উঠাৰ পাছত কেতিয়াও থমকি ৰ’ব লগা নহয়।কেৱল এই বন্ধুত্ব গভীৰৰ পৰা গভীৰত্বলৈ গৈ থাকে।যি ব্যক্তিয়ে এবাৰ কিতাপ-আলোচনীৰ প্ৰেমত পৰে সেই ব্যক্তিয়ে বহু ব্যস্ততাৰ মাজতো ওচৰত গ্ৰন্হমেলা হ’লে তালৈ ঢাপলি মেলে ভাল লগা কিতাপবোৰ ক্ৰয় কৰিবৰ বাবে।ৰাস্তাৰে গৈ থাকোতে হঠাৎ কিতাপৰ দোকান দেখা পালে ৰৈ চকু ফুৰাই কিজানিবা দৰকাৰী কিতাপখন আছে।এয়াই হৈছে কিতাপ প্ৰেমী সকলৰ কিতাপৰ লগত এৰাব নোৱাৰা এক নিবিড় সম্বন্ধ।কিতাপৰ আকৰ্ষণৰ শক্তি বহু বেগী বাবেই দূৰৰ পৰাই কিতাপ প্ৰেমী সকলক আকৰ্ষিত কৰে।বিশ্বায়নৰ যুগটোৱে মানৱজাতিক সৰ্বস্ব ধন-সম্পত্তি,বিলাসিতা দিছে।মানুহৰ প্ৰতি মৰম,দয়া,আন্তৰিকতা নাইকিয়া হৈ গৈছে।আমি অলপ সময় উলিয়াই বাকীবোৰ বস্তুৰ সলনি কম পৰিমাণে হ’লেও সকলোৱে কিতাপ কিনি পঢ়াৰ অভ্যাস গঢ়ি তোলো তেতিয়া হয়তো সকলোবোৰ ঘূৰি আহিব লগতে এখন সৰ্বাংগসুন্দৰ সমাজ গঢ়ি উঠিব।কিতাপ পঢ়া মানেই নিজৰে লাভ।কিতাপ পঢ়ি যিমানেই বিদ্যাৰ অনুশীলন হ’ব,সিমানেই কিতাপৰ সমাদৰ বাঢ়িব।ৰাইজ জ্ঞানী হ’লে কোনো দিশতে কেৰোণ নালাগে,ৰাইজৰ ওপৰত মহাভাৰ নপৰে।কিতাপক সন্মান জনাই শ্ৰেষ্ঠ বন্ধু হিচাপে হৃদয়ত স্থান দি আগুৱাই যোৱাটোৱেই আমাৰ কৰ্তব্য।