মানুহ হ’ মানুহ হ’- যোগেশ্বৰ গোস্বামী

pc Unsplash

মানুহ হ’ মানুহ হ’

[১]
মানুহ হ’ মানুহ হ’

কথাই-কামে, চিন্তা-ভাবে
সাজে-কাছে মানুহ হ’

মানুহ যদি নোৱাৰ হ’ব
বাঘ নহবি শগুন হ’

বাঘ হলে তই নিৰীহ জীৱক
হত্যা কৰি ৰক্ত পি

গোটেইখনক আৰ্তনাদৰ
বিভীষিকাত বুৰাই দি

বতাহৰ গাত গেলা-পচাৰ
বিহ-বাষ্প উদ্‌গাৰি

জীয়াৰ আশাত বৰ্তি থকা
স্বাস্থ্য-ধনৰ কণ মাৰি
আৰু কাৰ ক’ত ৰুধিৰ পিবি
লুকাই ৰবি নেজ পাৰি।

শগুণ হ’লে
মৰা-গেলাৰ গ্লানি
ঠোঁটত কোচাই ল’ই

পোনে পোনে পাখি মেলি
শূন্যত গ’ই থিতি হ’ই

আনন্দেৰে উৰি উৰি
ভাহি ভাহি ঘূৰি ঘূৰি

গেলা-পচাৰ স্বাস্থ্য হৰা
ৰোগ-বীজাণুৰ মূল তুলি

স্বস্তি লভি সুখ পাবি
নৰ-সমাজ ৰক্ষা হ’ল বুলি

মানুহ যদি নোৱাৰ হ’ব
বাঘ নহবি শগুণ হ’
★★

[২]
শগুণো যদি নোৱাৰ হ’ব
কুলি নহবি কাউৰ হ’

কুলি হলে তই মুখত মিহি
প্ৰতাৰকৰ কুঁহু গাই
আনৰ অধিকাৰ লুটিবি
দগ্ধা-চোৰৰ কিটিপ চাই

কাউৰ হ’লে তই
পূবত বগা ফুট দিওঁতেই
বাহ এৰি,
ৰাতিৰ বাহী-পচা ঠুটাই
চোতাল-কাথি শুধ কৰি
কা-কা গাই ঘৰ-লখিমীক
ৰাতি পুওৱাৰ কথা ক’ই উৰি যাবি
সেৱা কৰা মৰমৰ নিৰ্মালী ল’ই

মানুহ যদি নোৱাৰ হ’ব
কুলি নহবি কাউৰ হ’
★★★

[৩]
কাউৰো যদি নোৱাৰ হ’ব
শিয়াল নহবি কুকুৰ হ

শিয়াল হ’লে খোখা ভাঙি হাঁহ-পাৰবোৰ চুৰ কৰিবি
কুকুৰ হ’লে চোৰ খেদি দি
গিৰিহঁতৰ ঘৰ ৰখিবি

নোৱাৰ যদি মানুহ হ’ব
শিয়াল নহবি কুকুৰ হ’
★★★

[৪]
কুকুৰো যদি নোৱাৰ হ’ব
সাপ নহবি কেঁচু হ’

সাপ হ’লে তই খেদি খাবি
হিংসাৰ বিহ-দাঁত বহাই

কেঁচু হলে উখৰা মাটিত
সাৰ যোগাবি ৰস জমাই

মানুহ যদি নোৱাৰ হ’ব
সাপ নহবি কেঁচু হ’
★★★

[৫]
সিও যদি নোৱাৰ হ’ব
জোক নহবি মাগুৰ হ’

জোক হ’লে তই
যাকে-তাকে মাৰিবি
তেজ চুহি খাই

মাগুৰ হ’লে ৰোগীৰ দেহত
শক্তি দিবি তেজ যোগাই
মানুহ হ মানুহ হ’

মানুহ যদি নোৱাৰ হ’ব
জোক নহবি মাগুৰ হ’
★★★

[৬]
মাগুৰ যদি নোৱাৰ হ’ব
ধূৰ্ত নহবি সৰল হ’

সিও যদি নোৱাৰ হ’ব
একো নহবি— কিবা হ।।

[কবি: অম্বিকাগিৰী ৰায়চৌধুৰী,
ৰচনা কাল: ১৯৫৭]

সংগ্ৰহ -যোগেশ্বৰ গোস্বামী