মানুহ হিচাপে মোৰ আত্মপৰিচয়
মনিৰুল ইছলাম ছানি
বালিকুৰি,বৰপেটা
মই কোন…..????
এই প্ৰশ্নটোৱে মোক
ধৰ্মৰ দুৱাৰৰ পৰা দুৱাৰলৈ
বাৰে বাৰে ঠেলি লৈ যায়।
যেতিয়া কওঁ-মই মুছলিম,
সংখ্যাৰ হিচাপত মোক সৰু কৰি তোলে।
যেতিয়া কওঁ-মই হিন্দু,
পুনৰ একেটাই গাণিতিক দাগ।
খ্ৰীষ্টিয়ান বুলি ক’লেও
মোৰ পৰিচয় থমকি যায়
সংখ্যালঘুৰ সংঘাত।
কিন্তু মই ভাবোঁ
মানুহৰ মূল্য জানো সংখ্যাই ঠিক কৰে?
নে ঘামৰ গন্ধে,
শ্ৰমৰ দাগে,
আৰু নিৰুত্তৰ সহনৰ শক্তিয়ে?
যিদিনা মই নিজকে
শ্ৰমিক বুলি চিনিলোঁ
সেইদিনা মোৰ সংখ্যা সলনি হ’ল।
মই একা নহ’লোঁ আৰু,
মই হৈ পৰিলোঁ এই পৃথিৱীৰ
সৰ্ববৃহৎ জনসমষ্টিৰ অংশ
৯৫ শতাংশ নিস্তব্ধ কণ্ঠ।
আমি সেইসকল
যিয়ে কল-কাৰখানাত
নিজৰ জীৱনটো যন্ত্ৰৰ সৈতে
বান্ধি দিয়ে,
যিয়ে অফিচত ঘড়ীৰ কাঁটাক
নিজৰ শ্বাস-প্ৰশ্বাসত গনি,
যিয়ে খনিত নামি
পৃথিৱীৰ বুকুত খোঁচ মাৰি
সভ্যতাৰ ইন্ধন উলিয়াই আনে।
আমি পথ সাজোঁ,
দলং গঢ়োঁ,
নগৰ জীয়াই ৰাখোঁ,
গাঁও চলাই ৰাখোঁ
কিন্তু আমাৰ নাম নাথাকে
ইতিহাসৰ শিৰোনামাত।
ধৰ্মে আমাক ভাগ কৰে,
কিন্তু শ্ৰমে আমাক এক কৰে।
প্ৰাৰ্থনাৰ ভাষা বেলেগ হ’ব পাৰে,
কিন্তু ঘামৰ ভাষা একেই।
সেইবাবেই
মই গৰ্বৰে কওঁ,
মই কেৱল হিন্দু নহয়,
কেৱল মুছলিম নহয়,
কেৱল খ্ৰীষ্টিয়ান নহয়।
মই সেই মানুহ
যিয়ে নিজৰ হাতৰ কামেৰে
এই দুনীয়াখন চলাই ৰাখিছে।
মই এজন মেহনতকামী মানুহ,
আৰু এই পৰিচয়েই
মোৰ আটাইতকৈ ডাঙৰ গৌৰৱ।
