মানুহ – মিতালি বৰঠাকুৰ

Pc iMotions

মানুহ 

মিতালি বৰঠাকুৰ,মালিগাওঁ

মানুহ ,
সৃষ্টিৰ সৰ্বোত্তম উপহাৰ ।
পৰিপক্ক মস্তিষ্ক , অনুসন্ধিৎসু মন
বাকপটুতা , কৰ্মদক্ষতা , সাত্তিক গুণৰ অধিকাৰী
তথাপি মানুহ অমানুহ হয় কিয় ?
সৃষ্টিৰ ক’ত ভুল হ’ল  —–
এইয়া যেন সৃষ্টিকৰ্তাৰ বাবে প্ৰশ্নবোধক হৈ ৰ’ল ?

মানুহৰ আচৰণ পশুতকৈয়ো অধম হ’ল
কাপোৰ পৰিধান কৰিও আজি মানুহ উলংগ ,
জ্ঞান অৰ্জন কৰিও বিবেক শূণ্য
যুক্তি তৰ্কত জ্ঞান হাৰি গৈছে
মৰম ,দয়া ,ক্ষমা গুণৰ অধিকাৰী হৈও
পাশবিক আচৰণ ।
অবক্ষয় হৈছে মনস্তাত্ত্বিক দিশ
মতাদৰ্শত আকোঁৰগোজ
আধুনিক প্ৰযুক্তিৰ যুগতো
কিয় মানুহ , মানুহ হ’ব পৰা নাই ?

আদম আৰু ইভৰ প্ৰেমেৰে পৃথিৱী গঢ়িছিলা
এতিয়া সেই প্ৰেমৰ যেন বিকৃতি ঘটিছে
চলনাময়ী প্ৰেমৰ অবাধ বেহা
লুপ্তপ্ৰায় আজি সঁচা প্ৰেম ,
ৰুগ্নপ্ৰায় আজি মানৱতা ,
ঈশ্বৰো আজি বাকৰুদ্ধা
জীৱশ্ৰেষ্ঠ মনুহৰূপী কায়াৰ দেখি উশৃংঙ্খলতা।
নীৰৱ প্ৰকৃতি , নীৰৱ সৃষ্টিকৰ্তা – – –
মানুহ  আজি অমানুহ কিয় হ’ল ?