মানুহ নোহোৱা হ’ল! – অৰ্ণৱ কটকী

মানুহ নোহোৱা হ’ল!

অৰ্ণৱ কটকী
জাঁজী যোৰহাট

আজিকালি মানুহ নোহোৱা হ’ল, চহৰৰ দৰেই গাওঁ বিলাকো উন্নত হ’ল। আধুনিক যুগৰ আধুনিকা। গাওঁ বিলাকৰ পৰাও (কিছু সংখ্যক গাওঁ ৰ)অতীজৰ বহু পৰম্পৰা হেৰাই গ’ল। আনৰ দুঃখত দুখ কৰিবও সময় নোহোৱা হ’ল আজি আমাৰ। আনকি শ্মশানলৈ নিবলৈও আজি কালি হাজিৰা দিব লগা হ’ল(একাংশ ঠাইত), মানৱতাতকৈ যেন অৰ্থৰ দাম বাঢ়ি হে গ’ল। সকলোতে সুৰাৰ প্ৰচলন বাঢ়িল, জীৱনৰ মূল্য কমিল। অনুভৱ কৰে নে আপুনিও?

চাকৰি মূখী হোৱালৈ যেন ঠিকেই আছিল সমাজখন। অনুভৱ হয় লাহে লাহে আমি যেন অৰ্থৰ লালসাত বন্দী,মানৱতা মোহাৰি। অৰ্থ, সম্পত্তি সকলো লাগে, থকাটো ভাল কিন্তু সকলো পাহৰি পাহাৰ সম সম্পত্তি গোটোৱাটো জানো জীৱন? টকাৰে সকলো কিনিব পাৰিব কিন্তু নিজৰ জীৱনটো? তেজ শুহি খোৱা ব্যক্তিৰ জানো থাকে সেই মানৱতা বোধ, আনৰ প্ৰতি দয়া। অৱক্ষয় কিয় হৈছে মানৱতা, বাৰে বাৰে ভূ লুণ্ঠিত হৈছে কিয় আজিৰ সমাজত! নিৰিহ কোনো ব্যক্তিৰ গগন ফলা চিঞৰতো কিয় গলাব পৰা নাই মন মগজু। সেই নিতাল মাৰি শুই পৰা সমাজ খনক জগাব কোনে আহি? ভয়াবহ হৈ পৰিছে! জটিল হৈ গৈছে মানুহৰ মন বিলাক।আনৰ জীৱন ল’বলৈ যিমান উৎসাহী (উদাহণস্বৰূপে মৰেল পুলিচ)জীৱন দিবলৈ দেখোন সিমানেই বেছি পিছহুহুকা। কাৰোবাক জীৱন দিবলৈ উৎসাহী হওঁ আহক , মানৱতা পুনৰ এবাৰ প্ৰতিষ্ঠা কৰোঁ নিজৰ চৌপাশৰ পৰাই। মানুহৰ মাজতে মানুহ নোহোৱা হ’ল।