মানুহ – এটা মুখাপিন্ধা জীৱ
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
মানুহ মাত্ৰেই সামাজিক। মানুহৰ বাবে অকলশৰীয়াকৈ থকাতকৈ সমাজ পাতি সমূহীয়াকৈ থাকাটো বেছি পছন্দনীয় এটা কাম। সেইবাবেই চাগে মানুহক সামাজিক প্ৰাণী বুলিও কয়। সকলো মানুহৰে কিছুমান নিজস্ব বৈশিষ্ট আছে এজনৰ লগত আন এজনৰ কিঞ্চিৎ পৰিমাণো মিল নাথাকে তথাপি একেলগে বহিব,একেলগে খাব,একেলগে ফুৰিব, একেলগে সময় কটাব। মানুহৰ এইটো এটা স্বাভাৱিক গুণ।ইচ্ছা কৰিলেও এইবোৰৰ পৰা আঁতৰি থাকিব নোৱাৰে ।
এই সকলোৰে উৰ্ধত মানুহ এটা মুখাপিন্ধা প্ৰাণী। কিয়নো প্ৰতিজন মানুহৰ প্ৰকৃত চেহেৰা কেতিয়াও সমাজৰ আগত জাহিৰ (প্ৰকাশ) নকৰে। মানুহ এজন যিমানেই বদমাচ হওক যিমানেই বেয়া হওক যিমানেই অসৎ হওক যিমানেই চৰিত্ৰহীন হওক সমাজৰ আগত এজন ভাল ভদ্ৰ হিচাপেই নিজৰ পৰিচয় দিব। নিজৰ প্ৰকৃত চৰিত্ৰ সমজুৱা হোৱাৰ আগলৈকে মানুহ শান্ত স্বভাৱৰ থাকে।
কিছুমান মানুহ আছে আপোনাৰ আগত আপোনাৰ কথাত হয় হয় কৰি আপোনাক সুখী কৰিব আকৌ আপুনি নাথাকিলে বেলেগৰ কথাত হয় হয় কৰি বেলেগক সুখী কৰাৰ প্ৰচেষ্টা চলাই থাকিব। এই প্ৰক্ৰিয়া গোটেই সময় চলিয়েই থাকে চলিয়েই থাকে। আকৌ কিছুমান আছে আপোনাৰ সন্মুখত ক’ব এক ধৰণে আকৌ আপোনাৰ অনুপস্থিতিত ক’ব বেলেগ ধৰণে। ওপৰৰ পৰা দেখিলে আপুনি দেখা পাব যে মানুহজন আপোনাৰ শুভ চিন্তক। আপোনাৰ মঙ্গল কামনা কৰে । কিন্তু প্ৰকৃতাৰ্থত সেই একেই মনুহজনে আপোনাক শত্ৰু জ্ঞান কৰে।
মানুহৰ এই দ্বিচৰিত্ৰ স্বভাৱেই সমাজত অধিকাংশ সমস্যাৰ মূল। মুখেৰে মৰম, প্ৰেম আৰু ভক্তিৰ কথা কৈ অন্তৰত বিদ্বেষ, হিংসা আৰু কুটিলতা ৰাখিলে সেই সমাজত বিশ্বাস নামৰ মূল্য খুজি পোৱা দুষ্কৰ হয়। এজন মানুহৰ আদি ৰূপ জানা সহজ নহয় তেওঁৰ কপট মুখাৰ আঁৰত থকা বাস্তৱ ৰূপ চিনিবলৈ সময় লাগে। সেইবাবেই প্ৰবাদ আছে
সহজে পাহাৰ কাটি নদী বোৱাব পাৰি কিন্তু মানুহ চিনি পোৱা বৰ কষ্টকৰ
যদিও যুক্তিৰে বিচাৰ কৰিলে সকলো মানুহক একেই দৃষ্টিৰে চোৱা উচিত নহয়। সকলো মানুহ মুখা পিন্ধা নহয়। কিছুমান মানুহ আছে যি ভেতৰে যি, বাহিৰেও সেয়েই। সঁচা বন্ধু, সঁচা শুভাকাঙ্ক্ষী, সঁচা সমাজসেৱীসকল এনে মুখোশবিহীন মানুহ। কিন্তু দুঃখৰ কথা, তেনে মানুহৰ সংখ্যা সমাজত তেনেই নগণ্য।
মুখা পিন্ধি জীয়াই থকাটোৱে হ’ল মানুহৰ আত্মৰক্ষাৰ এক প্ৰকাৰৰ কৌশল বুলিও যুক্তি দিয়ে কিন্তু এয়া প্ৰকৃত সত্য নহয়।সমাজৰ চকুত ধূলি দি, নিজক সদায় শুচি-সুন্দৰ ৰূপত প্ৰদৰ্শন কৰি মানুহে সমাজত নিজৰ স্থান সুৰক্ষিত কৰিব বিচাৰে। কিন্তু এই মুখাবন্দী জীৱনৰ ফলত মানুহৰ মাজত প্ৰকৃত বিশ্বাস, মৰম আৰু আন্তৰিকতাৰ অভাৱ হৈ পৰে। প্ৰতিজনে আনজনক সন্দেহৰ চকুৰে চাবলৈ শিকে। যাৰ ফলত সমাজত বাঢ়ে কৃত্ৰিমতা আৰু হ্ৰাস পায় মানৱীয় সম্পৰ্কৰ গভীৰতা।
মানুহে কিন্তু জানে যে এই মুখাৱৰণ সদায় পিন্ধি থকাটো অসম্ভৱ কাম। এদিন নহয় এদিন এই আৱৰণ আঁতৰি প্ৰকৃত ৰূপ মানুহে দেখা পাব। তথাপি এই মুখা এৰি দিয়াৰ কোনো চেষ্টা নকৰে। কাৰণ হয়তো মুখা নপিন্ধাকৈ জীয়াই থাকিব পৰাকৈ যথেষ্ট সৎ আৰু সাহসী মানুহৰ সংখ্যা সমাজত বিৰল। গতিকে, মানুহৰ এই মুখাপিন্ধা স্বভাৱেই প্ৰমাণ কৰে যে সামাজিক হ’লেও মানুহ মৰ্মত অতিৰিক্তভাৱে আত্মকেন্দ্ৰিক আৰু ৰক্ষণশীল এক জীৱ।
মানুহে প্ৰতিটো কাম প্ৰতিটো খোজ মাথোঁ নিজৰ বাবেই দিয়ে। নিজক ভালে ৰাখিবলৈ নিজক যতনে ৰাখিবলৈ। মানুহে যে মুখা পিন্ধে সেইটোও নিজৰ স্বাৰ্থৰ বাবেই।
কোনোবাই মুখা পিন্ধে নিজক সুখী দেখুৱাবলৈ, কোনোবাই মুখা পিন্ধে নিজক শক্তিশালী দেখুৱাবলৈ, কোনোবাই মুখা পিন্ধে নিজক আৰু আকৰ্ষিত দেখুৱাবলৈ,কোনোবাই মুখা পিন্ধে নিজক নম্ৰ, ভদ্ৰ দেখুৱাবলৈ, কোনোবাই মুখা পিন্ধে নিজৰ দুৰ্বলতা প্ৰকাশ নকৰিবলৈ,কোনোবাই মুখা পিন্ধে নিজক প্ৰভাৱশালী দেখুৱাবলৈ,কোনোবাই মুখা পিন্ধে নিজক আধ্যাত্মিক ৰূপে প্ৰদৰ্শন কৰিবলৈ, কোনোবাই মুখা পিন্ধে নিজক বুদ্ধিজীৱী প্ৰকাশ কৰিবলৈ।
প্ৰতিজন মানুহৰ মুখাৰ আঁৰত এটা যথেষ্ট মৰ্মান্তিক কৰুণ কাহিনী থাকে নতুবা এটা স্বাৰ্থপৰায়ণ মনোভাৱ থাকে।
মুঠ কথা মানুহ মুখা পিন্ধা জীৱ।