মানুহ এজন বয়সৰ দ্বাৰা নহয়,দ্বায়িত্বশীলতাৰ জৰিয়তে পৰিপক্ক হৈ উঠে – চন্দ্ৰ শেখৰ পৰাজুলী

মানুহ এজন বয়সৰ দ্বাৰা নহয়,দ্বায়িত্বশীলতাৰ জৰিয়তে পৰিপক্ক হৈ উঠে

চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি

এজন মানুহৰ জীৱনক আমাৰ আধ্যাত্মিক ধৰ্ম গ্ৰন্থবোৰৰ অনুসৰি চাৰিটা আশ্ৰম বা ভাগত বিভক্ত কৰা হৈছে।। জন্মৰ পৰা প্ৰায় ২৫ বছৰলৈকে ব্ৰহ্মচৰ্য,তাৰ পাছত ২৫ বছৰৰ পৰা ৫০ বছৰলৈকে গাৰ্হস্থ্য, তাৰ পাছৰ পৰ্যায়ত আছে ৫০ পৰা প্ৰায় ৭৫ বছৰলৈকে বানপ্ৰস্থ, আৰু একেবাৰে মানৱ জীৱনৰ অন্তিমটো পৰ্যায়ত আছে ৭৫ বছৰৰ পৰা পাছৰ সময়খিনি সন্ন্যাস । এতিয়া কথা হল, মানৱ জীৱনত এই চাৰিটা আশ্ৰমৰ মাজত কোনটো পৰ্যায়ত একেবাৰে পৰিপক্কতা জৰিয়তে মানুহে শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক শক্তিৰ ১০০ শতাংশই প্ৰয়োগলৈ লৈ আহিব পাৰে। ইয়াৰ উওৰত একাংশ বুদ্ধিজীৱীৰ মতে গাৰ্হস্থ্য বা গৃহস্থ ধৰ্ময়ে সৰ্বশ্ৰেষ্ঠ বুলি উল্লেখ কৰিলেও মোৰ মতে মানুহ এজনৰ পৰিপক্কতা কোনো সময়সীমা নাথাকে। কাৰণ মানুহ এজন বয়সৰ দ্বাৰা নহয়,দ্বায়িত্বশীলতাৰ জৰিয়তে পৰিপক্ক হৈ উঠে।

আচলতে মানুহৰ পৰিপক্কতা সচাকৈ কোনো সময়সীমা নাথাকে। কাৰণ আমি বৰ্তমান সময়তে আমাৰ সামাজতে এনে বহু উদাহৰণ দেখিবলৈ পাওঁ বা পাবলৈ সক্ষম হৈছোঁ যে, একেবাৰে যৌৱন অবস্থাৰ আৰম্ভনিতে এজন লৰা বা ছোৱালীয়ে হওক তেওঁলোক নিজ নিজ পৰিবেশ পৰিস্থিতি উপৰত বিচৰণ কৰি এজন একেবাৰে বয়জেষ্ঠ মানুহৰ জীৱনৰ তুলনাতো অধিক পৰিপক্কতা জৰিয়তে জীৱন অতিবাহিত কৰি যাবলৈ সক্ষম হৈছে । আচলতে জীৱনৰ পৰিপক্ক সচৰাচৰ বেছিকৈ জীৱনত আহি পৰা জটিলতা বা সংকটবোৰৰ উপৰত নিৰ্ভৰশীল হয়। যিমান কম বয়সতেই এজন মানুহে যিমান ডাঙৰ ডাঙৰ সমস্যাৰ মুখামুখি কৰি আগুৱাই যাব লগিয়া হৈ পৰে সিমানেই সেই ব্যক্তিগৰাকিয়ে জীৱনত পৰিপক্কতা সাব্যস্ত কৰিবলৈ সক্ষম হয়। পৰিপক্কতা অৰ্থ হল মানুহৰ মস্তিষ্কৰ বিকাশ। আৰু ইয়াৰ বাবে মানুহৰ বয়সৰ কোনো বাধকতা বা সময়সীমা নিৰ্ণয় কৰিব নোৱাৰি। কাৰণ মই আগতে উল্লেখ কৰিছোঁ যে, মানুহ এজনে ব্যক্তিগতভাৱে পাই অহা পৰিবেশ,পৰিস্থিতি সমূহে মানুহৰ অনাগত দিনৰ দিশ নিৰূপণ কৰে। গতিকে আমাৰ বৰ্তমান সময়ৰ অভিভাৱক সকলে উঠি অহা নৱপ্ৰজন্মৰ ভবিষ্যতৰ বিষয়ে চিন্তা-চৰ্চা কৰি নিজ নিজ লৰা-ছোৱালীক সময় থাকোতেই যথাসম্ভৱ ঘৰুৱাভাৱে হওক বা সামাজিক দায়বদ্ধতা অৰ্পণ কৰাৰ প্ৰতি মনোনিবেশ কৰক। নহলে অতি মাত্ৰাত দিয়া মৰম,চেনেহৰ জৰিয়তে এক ভয়াতুৰ বা কোপুৰুষ সন্তানৰে সৃষ্টি হব ধৰিব। আপুনি যদি সৰ্বপ্ৰকাৰে যদিও এজন সফল অভিভাৱকৰ দায়িত্ব বহন কৰি আহিছে তথাপিও নিজ নিজ সন্তান সমূহক জীৱনত অভাৱ, সংঘাত, সংঘৰ্ষ,দুখ, কষ্ট আদিৰো সময় থাকোতেই শিক্ষা প্ৰদান কৰক। ইয়াৰ জৰিয়তে শিশু এটাৰ সৰ্বপ্ৰকাৰে অতি কম বয়সতে বিকাশ নিশ্চিত হৈ পৰে।