মানুহ এজন আপোনাৰ ওচৰত তিনিটা কাৰণতহে সম্পৰ্ক ৰক্ষা কৰি চলে
চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি
আমি মানৱ সমাজ এক সামাজিক জীৱ। অৰ্থাৎ বৰ্তমান সময়লৈকে মানুহে মানুহৰ কিবা নহয় কিবা প্ৰয়োজন বসত কাৰণত হলেও মানুহৰ সংস্পৰ্শলৈ আহিবলৈ বাধ্য হৈয়ে আছে। কিন্তু অতীতৰ তুলনামূলকভাৱে বৰ্তমান সময়ত মানুহে মানুহৰ লগত সান্নিধ্য কমি অহা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত এতিয়াৰ নৱপ্ৰজন্মৰ মাজত নানান ধৰণৰ শাৰীৰিক আৰু মানসিক ৰোগ বিকশিত হোৱা পৰিলক্ষিত হৈছে।গতিকে মোৰ আজিৰ আলোচনাৰ বিষয় বস্তু হল মানুহে মানুহৰ লগত সম্পৰ্ক সাধন কিদৰে ৰক্ষা কৰি চলে বা চলিব পাৰি। আচলতে মানুহ এজন আপোনাৰ ওচৰত তিনিটা কাৰণতহে সম্পৰ্ক ৰক্ষা কৰি চলে। প্ৰথমতে এজন মানুহ আপোনাৰ কাষত হয়তো বহু অভাৱৰ সময়ত আহে। দ্বিতীয়তে এজন মানুহে আপোনাৰ ওচৰত আপোনাক সন্মান জনাই সান্নিধ্য ৰক্ষা কৰে। আৰু তৃতীয়তে এজন মানুহে আপোনাৰ কাষত আপোনাৰ ব্যক্তিত্ব প্ৰভাৱ দেখি কাষ চাপিব পাৰে। গতিকে আপোনাৰ যদি বৰ্তমান সময়তো কোনোবাই সংস্পৰ্শলৈ আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছে তেন্তে সেই মানুহজনৰ মৰম,চেনেহ,অদৰ কৰাৰ লগতে মনতে এবাৰ ভগৱানকো ধন্যবাদ দিবলৈ নাপাহৰিব।কাৰণ একমাত্ৰ ভগৱান বাবেই আপুনি এই সংসাৰত আহি এই যোগ্যতাবোৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে। গতিকে মানুহে আপোনাক বিচাৰি আহিলে আপুনি আমনিদায়ক কথা বুলি এৰি চলিবৰ চিন্তা নকৰিব। কি ঠিক আপোনাক যোগ্যতা প্ৰদানৰ পিছতো যদি তাক ভালদৰে প্ৰয়োগত লৈ আনিবলৈ সক্ষম নহয় তেন্তে ঈশ্বৰ আগলৈ গৈ সময়ৰ সোতত সকলোবোৰ ক্ষমতা কাঢ়ি নিব পাৰে।
মানুহৰ অভাৱৰ সময়ত যদি আপোনাৰ ওচৰলৈকে হাত পাতি আহিছে তেন্তে তেনেকুৱা ধৰনৰ লোকসকলক নিজৰ ক্ষমতা অনুসৰি সহায় কৰি যাব লাগে। এইটোৱেই মানুহৰ পৰম ধৰ্ম। ইয়াৰ পাছত কিছুমান মানুহে আপোনাক সন্মান কৰি আপোনাৰ কাষত আহিবলৈ ইচ্ছা প্ৰকাশ কৰে। এনেকুৱা ধৰণৰ ব্যক্তিসকলক নিজেও তেওঁলোকৰ উচিত সন্মান উভতাই প্ৰদান কৰিব লাগে। কাৰণ সন্মান প্ৰদানৰ জৰিয়তেহে নিজ সন্মানত বৃদ্ধি হয়। আনহাতে কিছুমান মানুহে আপোনাৰ ব্যক্তিত্বৰ প্ৰভাৱ দেখি আপোনাৰ ওচৰলৈ আহিবলৈ যন্ত কৰে। গতিকে এজন প্ৰভাৱশালী ব্যক্তিৰ প্ৰভাৱ তেতিয়ালৈকে ৰক্ষা হয় যেতিয়ালৈকে তেওঁ নিজৰ জৰিয়তে সদায় সমাজৰ হকে আদৰ্শ, অনুপ্ৰেৰণা মূলক কৰ্মবোৰো কৰি যায়। সেয়েহে মানুহে আপোনাৰ ওচৰত সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত স্বাৰ্থ জড়িত হলেও একেবাৰে বেয়া পায় লাভ নাই। কাৰণ মানুহ মাত্ৰেই স্বাৰ্থপৰ। ইয়াৰ উপৰিও কোনো এজন, দুজন ব্যক্তিক আপুনি ব্যক্তিগত কাৰনে বেয়া পোৱাটো একেবাৰে সামান্য। তথাপিও পৰাপক্ষত মানুহে আপোনাক বিচাৰি অহাটোৱে এক গৌৰৱৰ কথা। গতিকে আপোনাৰ সান্নিধ্য বিচাৰি অহা প্ৰতিজন মানুহক সন্মান জনাই সদায় মানুহৰ মাজতে থাকিবলৈ যত্ন কৰিব। ইয়াত খং, অভিমান, ঠাট্টা,হিংসাক কেতিয়াওঁ ওচৰলৈ আহিব নিদিব। আমি সামাজিক জীৱ হোৱাৰ লগে লগে এই সংসাৰত কেৱল এক সন্তেকিয়া জীৱ। জীৱনৰ কোনো ভৰসাই নাই। সংসাৰত আহি পোৱা বস্তবোৰ এই সংসাৰতে থাকি যায়।