মানুহৰ সহ্য শক্তি আৰু সমাজ
মানুহ হৈছে সামাজিক প্ৰাণী, সেয়েহে সমাজখন কোনেও বাদ দিব নোৱাৰে। বৰ্তমান সময়ত মানুহৰ সহ্য শক্তি আৰু উদাৰতা বিপজ্জনকভাৱে কমি আহিছে। লগতে সমাজখন হৈ পৰিছে অসহিষ্ণু। এই সময়ত কোনোৱেই নৃশংস অপৰাধ কৰিবলৈ কুন্ঠাবোধ নকৰে। ভগৱান স্বৰূপ চিকিৎসকেই অতি নিষ্ঠুৰভাৱে হত্যা কৰিবলৈও ভয় নাই। ইয়াৰ লগতে ঘৰুৱা হিংসাবোৰো বাঢ়ি আহিছে, কেতিয়াবা যদি যৌতুকৰ লোভ আকৌ কেতিয়াবা সন্তানৰ, লাগিলে দোষ যাৰেই হওক কিন্তু বলি হয় কেৱল নাৰীগৰাকী। নাৰীৰ ওপৰত নিৰ্যাতন যে কোনো কালেই বন্ধ নহব। এইবোৰৰ একমাত্ৰ কাৰণ ‘সহ্য শক্তি’ৰ অভাৱ । বৰ্তমান সময়ত স্কুল কি ? কলেজ কি? কোনো পাৰ্থক্য নাই, কেৱল মাত্ৰ সংঘাত। সৰু থাকোঁতে শুনিছিলো কলেজবোৰত হে ডাঙৰ ডাঙৰ ল’ৰাবোৰে কাজিয়া কৰে। কিন্তু এতিয়া স্কুল সমূহও সমানে আগবাঢ়িছে এই কাজিয়া পেচালবোৰৰ দিশে।এখন স্কুলৰ ইমানেই উদণ্ড ল’ৰা যে উদ্ভণ্ডালিৰ ফল স্বৰূপে প্ৰধান শিক্ষকে পদত্যাগ কৰিবলৈ বাধ্য হয়।আচলতে আজিৰ দিনত শিক্ষকৰ তথা প্ৰকৃত শিক্ষাৰ মূল কমি আহিছে কাৰণ, আজিৰ সময়ত ‘কৃত্ৰিমতা’ অথবা ‘আৰ্টিফিচিয়েল'(artificial) বস্তুবোৰ বৃদ্ধি পাবলৈ ধৰিছে। ‘এ আই'(AI) অৰ্থাৎ ‘আৰ্টিফিচিয়েল ইন্টেলিজেনচ্’ (Artificial Intelligence), এক অদ্ভুত আৱিষ্কাৰ যত খুব কম সময়তে সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি উলিয়াব পাৰি, মানৱ সৃষ্টিৰ এক বিৰাট সফলতা কিন্তু ভৱিষ্যতৰ দিশে এক ভয়ানক পৰিণতিৰ আগজাননী, ঠিক মেৰী চেলীৰ (Mary Shelley) ‘ফ্ৰেংকেনষ্টাইন’ৰ (Frankenstein) দৰে, যদি শুদ্ধভাৱে ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া শেষত উদ্ভাৱকৰেই ক্ষতি হোৱাটো নিশ্চিত। লগতে অভিভাৱক সকলেও নিজৰ সন্তানক এক প্ৰতিযোগিতামূলক পৃথিৱীত জীয়াবলৈ বাধ্য কৰাইছে, যিয়ে নিজৰ বন্ধু অথবা আত্মীয়ৰ লগত এক শীতল যু্দ্ধত লিপ্ত কৰাইছে। এইবেলি নীতি শিক্ষাৰও মূল নাই, শিক্ষকৰ হাত বন্ধা, শাসন এতিয়া অপৰাধ! এখন উচ্চ শাৰীৰ বিশ্ববিদ্যালয়, ছাত্ৰও মেধাৱীয়েই কিন্তু তাতেই আকৌ কাজিয়া, মাৰ-পিট। কাৰণবোৰ একেই সহ্য শক্তি ও ধৈৰ্য্য কম ; কোনেও কাৰো কথা শুনিব নিবিচাৰে । সমসাময়িক ভাৱে বিভিন্ন ধৰ্মীয়, জাতিগত সংঘাত সমূহও নথকা নহয়। সকলোৱে নিজৰ জাতি-ধৰ্মক উচ্চ স্থানত ৰাখিবলৈ গৈ আনৰ জাতি-ধৰ্মৰ তুচ্ছ-তাচ্ছিল্য কৰাৰ ফলতে সৃষ্টি হয় এই সংঘাত সমূহৰ। আমি সমানে সকলো ধৰ্ম কিয় আঁকোৱালি লব নোৱাৰোঁ? এটা জাতি অথবা জনগোষ্ঠীৰ পৰস্পৰ মনোমালিন্যইও কেতিয়াবা মাৰাত্মক সংঘাতৰ সৃষ্টি কৰিব পাৰে। এই সমূহ বস্তুৱেই আমাৰ মাজত এটা অস্থিৰ আৰু হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰি অহা নাই নে? এনে অস্থিৰ পৰিৱেশেই সমাজৰ সৃষ্টিশীলতাৰ হেঙাৰ হোৱা নাই নে? এই অস্থিৰ পৰিৱেশ সমূহেই সদায় আমাৰ সমাজখনক পিছুৱাই আনিছে আৰু লগতে ইয়াৰ মান হ্ৰাস পোৱাইছে। সেয়েহে যুৱ প্ৰজন্মৰ এইয়াই কৰ্তৱ্য যে সকলোবোৰ অস্থিৰতা দূৰ কৰি সমাজখনক এটা পৰিস্কাৰ আৰু নিকা দিশত আগুৱাই লৈ যোৱা ।