মানুহৰ মূল্যবোধ আৰু আধুনিক সমাজ
পৰীণিতা দেৱী
লক্ষীমপুৰ , বিহপুৰীয়া
সময় বাগৰি গৈ আছে, আৰু মানুহৰ জীৱন সহজ হৈ গৈছে, কিন্তু এচাম মানুহৰ মানৱতা যেন অলপ অলপকৈ হেৰাই গৈ আছে। তেওঁলোকে সকলো বুজে, কিন্তু হৃদয়ৰ ভাষা বুজিবলৈ যেন প্ৰস্তুত নহয়। যাক বিশ্বাস কৰা হয়, সেই বিশ্বাসে যেন কেতিয়াবা আঘাত দিয়ে,যাক ক্ষমা কৰা হয়, তাক শক্তিশালী বুলি নহয় অথচ দুর্বল বুলি বিবেচনা কৰে । কাৰোবাক সহায়ৰ হাত আগবঢ়ালে বিনিময়ত ধন্যবাদৰ সলনি যেন তাক উপহাস হে কৰে। ভাল উপদেশ দিলে, ক’ব বৰ বেছি বুজি পাই! সমান আচৰণ কৰিলে ক’ব চাকৰ স্বভাৱৰ মানুহ আৰু উপকাৰ কৰিলে ক’ব বৰ অহংকাৰী দেই তেওঁ। এইবোৰ আচৰণ আজিৰ সমাজৰ নিঃশব্দ বাস্তৱতা। মানুহৰ জীৱনত এতিয়া যেন এক অদ্ভূত ধৰণৰ ব্যস্ততা আহি পৰিছে, যাৰ বাবে নিজৰ পৰিয়াল , বন্ধু বর্গ বা আন কাৰোবাৰ বাবে যেন স্নেহ, সহানুভূতি, কৃতজ্ঞতা এইবোৰ শব্দ যেন মাথোঁ কাগজত হে ৰৈ গৈছে। সময়ৰ অভাৱ হ’বলৈ ধৰিছে। মানুহে মানুহক বিশ্বাস কৰিবলৈ ভয় কৰা হৈছে, কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ লাজ পায়, আৰু সহানুভূতি দেখুৱাবলৈ সঙ্কোচ কৰে। কেতিয়াবা এনেকুৱা অনুভৱ হয় মানুহে মানুহক বেয়া বুজিবলৈ হে বেছি আগ্ৰহী, ভাল বুজিবলৈ নহয়। অথচ মানুহ হোৱাৰ সৌন্দৰ্য হ’ল সঁচা মন, কোমল হৃদয় আৰু একো আশা নকৰি সহায় কৰাৰ ক্ষমতা। জীৱনৰ সাৰ হ’ল মানৱতা। কিন্তু এই মানৱতা যেন এতিয়া ক্ৰমাত হেৰাই গৈছে। তথাপিও আশা আছে যেতিয়া আমি নিজৰ ভিতৰৰ সুকোমল দিশটো পুনৰ জগাই তুলিম, তেতিয়া সমাজ খন পুনৰ বিশ্বাস আৰু মূল্যবোধেৰে পৰিপূৰ্ণ হ’ব। বিশ্বাস, উপকাৰ, ক্ষমা, আৰু সন্মান এইবোৰে মিলি সমাজ খনক সুন্দৰ কৰি তোলে । মানুহৰ জীৱন সঁচাকৈয়ে সফল হ’ব যেতিয়া আমি যান্ত্ৰিকতা আৰু মৰমক একেলগে চলিবলৈ দিম।আজিৰ যুগত মানুহে যান্ত্ৰিক জীৱনৰ পিছে পিছে দৌৰি আছে, কিন্তু এই দৌৰত মনৰ শান্তি হেৰাই গৈছে। সেই বাবে আজিৰ প্ৰজন্মৰ প্ৰয়োজন যাতে নতুন প্ৰজন্মই পুনৰ মানৱতাৰ বাটলৈ ঘূৰি আহি সমাজ খনক পুনৰ মূল্যবোধৰ অলংকাৰ পিন্ধাব পাৰে। যেতিয়া আমি মনৰ কঁপি থকা সুকোমল অংশটোলৈ উভতি চাব শিকিম, তেতিয়াহে আমাৰ সমাজ সঁচাকৈয়ে “মানুহৰ সভ্য সমাজ”হিচাপে বিবেচিত হ’ব।
