মানুহৰ ব্যৱহাৰেই মানুহৰ পৰিচয় – বাহাৰুল ইছলাম

মানুহৰ ব্যৱহাৰেই মানুহৰ পৰিচয়
বাহাৰুল ইছলাম (শিক্ষক) 
বালিজান, মৰিগাঁও
মানুহ জীৱশ্ৰেষ্ঠ। বোধ শক্তি থকাৰ হেতুকে মানুহক জীৱশ্ৰেষ্ঠ বুলি কোৱা হয়। মানুহ এজনৰ ভাল-বেয়া দুয়োটা স্বভাৱ থাকিব পাৰে। যেতিয়া বেয়া গুণ ভাল গুণতকৈ বেছি হয়, তেতিয়া হয়তো দুশ্চৰিত্ৰ আখ্যা দিয়া হয়। চৰিত্ৰ অনুসৰি গঢ়ি উঠে কোনো ব্যক্তিৰ জীৱন। এই চৰিত্ৰ হ’ল মানৱজাতিৰ মহা মূল্যৱান অবিনাশী সম্পদ। যিজন সৎ চৰিত্ৰৰ অধিকাৰী তেওঁ সমাজৰ শ্ৰেষ্ঠ অলংকাৰ ও তাৰকাসদৃশ উজ্জ্বল হৈ তিৰবিৰাই থাকে। সেয়ে চৰিত্ৰক জীৱনৰ মুকুট বোলা হয়। শ্ৰেষ্ঠতম জীৱ মানুহৰ বিচাৰ-বুদ্ধি, ভাল-বেয়া আদি গুণ আছে। ধৰ্ম, কৰ্ম, সহিষ্ণুতা, পৰোপকাৰী, নম্ৰতা, সাধুতা আদি গুণাৱলীৰে বিভূষিত হৈছে মানুহ। সেই কাৰণে মানুহে আচাৰ-ব্যৱহাৰ ভালদৰে কৰাটো নিতান্তই প্ৰয়োজন।
শিষ্টাচাৰ হৈছে ভদ্র, মাৰ্জিত ও ৰুচি সম্পন্ন আচৰণ। মানুহ এজন ভালনে বেয়া সেয়া নিৰ্ভৰ কৰে ব্যক্তি জনৰ আচৰণৰ ওপৰত। শিষ্টাচাৰে সংযমী আৰু বিনয়ী কৰি তোলে। শিষ্টাচাৰ সম্পন্ন ব্যক্তিয়ে তেওঁৰ ভদ্র ও সংযত ব্যবহাৰৰ সহায়ত যিকোনো পৰিস্থিতিত যিকোনো পৰিৱেশত  নিজকে ভালদৰে সমাযোজন কৰিব পাৰে।
“সজ আচৰণৰ আছে বহু গুণ
জিলিকে যেন আকাশৰ জোন।
অমৰ হৈ স্থিতি লয় মানুহৰ মনত
চৰ্চা হয় জগতত যিকোনো ক্ষণত।”
অমায়িক শিষ্টাচাৰ গঠনৰ ক্ষেত্ৰত পিতৃ- মাতৃৰ ভূমিকা সৰ্বাধিক। অৱশ্যে এই ক্ষেত্ৰত ঘৰৰ অন্যান্য সদস্য/সদস্যা, শিক্ষাগুৰু আৰু সচেতন মহলৰ ভূমিকাও কম নহয়। যদিহে সমিল-মিলে সৰুৰে পৰা লৰা-ছোৱালীৰ সৎ চৰিত্ৰ ও ভাল চৰিত্ৰ গঢ়ি তুলিব পাৰি তেন্তে পিছলৈ এনে লৰা-ছোৱালীৰ পৰা ভাল ব্যবহাৰ আশা কৰিব পাৰি। এই ক্ষেত্ৰত কেইটামান উপায় তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি–
১) সৰুৰে পৰা সততাৰ উপদেশ দিব লাগে আৰু সত্য কথা কোৱাৰ অভ্যাস কৰিব লাগে।
২) মানুহৰ লগত কথা কওঁতে নম্ৰভাৱে কথা-বতৰা কোৱাৰ অভ্যাস কৰিব লাগে।
৩) হিংসা-বিদ্বেষ, গালি-গালাজ আদি কু-অভ্যাসৰ পৰা আতৰি থাকিব লাগে।
৪)শিক্ষাগুৰু আৰু বয়সত ডাঙৰ জনক সন্মান কৰা, অতি নম্ৰ আৰু শ্ৰদ্ধাপূৰ্বক ব্যৱহাৰ কৰিবলৈ অভ্যাস গঢ়ি তোলা উচিত। সৰুক মৰম-স্নেহ কৰিব লাগে।
৫)মানুহৰ লগত কথা কওঁতে উচ্চস্বৰে কথা ক’ব নালাগে। কেৱল মাত্ৰ নিজে কোৱাৰ সলনি সেই জনকো কথা কোৱাৰ সুবিধা প্রদান কৰিব লাগে।
৬) কথা-বতৰা মাৰ্জিত হোৱা নিতান্তই প্ৰয়োজন।
৭) কোৱা হয়,”Habit is the second nature “অৰ্থাৎ অভ্যাসেই দ্বিতীয় প্ৰকৃতি” সেয়ে সৰুৰে পৰা সু-অভ্যাস গঢ়ি তুলিব লাগে। অভ্যাসে মানুহৰ কাম উজু কৰি তোলে।
৮) সৰুৰে পৰা বাতৰি কাকত, শিশু আলোচনী, কুইজ, সাঁথৰ আদি পঢ়াৰ অভ্যাস কৰোৱা উচিত কিয়নো আজৰি পৰৰ সৎ ব্যবহাৰে ধৈর্যশীল আৰু কৰ্মপটু হোৱাত সহায় কৰে।
৯) কোৱা হয় সৎ সঙ্গত থকা জন সৎ হয় আৰু অসৎ সঙ্গত থকা জন অসৎ হয়। যিমান পাৰি অতিশয় সজ আৰু সাধু ব্যক্তিৰ সান্নিধ্যলৈ আহি তেওঁৰ পৰা সজ আচৰণবোৰ শিকিব লাগে।
১০) ব্যবহাৰেই চৰিত্ৰৰ প্ৰতিফলন ঘটায়। সেইবাবে হয়তো কোৱা হয়–
” When money is lost, nothing is lost.
When health is lost, something is lost
But when character is lost, everything is lost.”
১১) কোনোবাই ক্ষুদ্রতকৈ ক্ষুদ্র উপকাৰ কৰিলে অথবা ভাল কাম কৰিলে কৃতজ্ঞতা স্বীকাৰ আৰু ধন্যবাদ জ্ঞাপন কৰাটো অভ্যাসত পৰিণত কৰিব লাগে।
 “ৰজনজনা সৱতে আজি
নৱৰূপে নিতৌ সাজি-কাচি
মধুৰ বচনে আনে জীৱনৰ মাদকতা
উষ্ণ মৰুভূমিতো বোলে শীতল বতাহ।”
“কথাতেই কটা যায় কথাতেই বঁটা পায়।” কথাৰে মানুহে মানুহৰ মৰম-চেনেহ আদায় কৰি যি দৰে প্ৰিয়-পাত্র হ’ব পাৰে, ঠিক একেদৰেই কথাৰ বাবেই আনৰ বিৰাগ ভাজন বা ঘৃণাৰ পাত্রও হ’ব পাৰে। আমি সদায় কথা কওঁতে সাৱধান হ’ব লাগে। পৰিবেশ আৰু পৰিস্থিতি বুজি সকলো সময়তে আনৰ অসন্তোষৰ কাৰণ নোহোৱা ধৰণে হে সংযতভাৱে কথা-বতৰা ক’ব লাগে। সদায় মনত ৰাখিব লাগে অপ্রিয় কথাই শত্রু বঢ়ায় আৰু জুখি-মাখি কোৱা কথাই আনৰ ওচৰত নিজৰ গুৰুত্ব আৰু আদৰ বঢ়ায়। হুটা আৰু টান কথাই সকলােৰে মনত আঘাত কৰে। সেয়ে তেনে কথা কোৱা লােকক, কোনেও ভাল নাপায়। আনহাতে, মিঠা মাত মাতি সহজ-সৰলভাৱে কথা কোৱা বিনয়ী নম্র লােকে সকলােৰেপৰা আদৰ- সন্মান পােৱাৰ উপৰিও তেনে লােক সকলােৰে প্রিয়পাত্র হয়।
কোৱা হয় “ভাতৰ তিতা সহিব পাৰি, মাতৰ তিতা সহিব নোৱাৰি।'” তিতা মাতৰ মানুহে জানি কাৰোঁ অহিত নকৰিলেও, কেৱল কঠুৱা মাতৰ দোষতেই সকলোৰে চকুৰ কুটা যেন হৈ পৰে। সিহঁতৰ গাত লক্ষ্যগুণ থাকিলেও অকল তিতা মাতেই সকলোকে ঢাকি পেলায়। তিতা মুখে মাতিলে সহস্ৰ উপকাৰ মানুহে এক তিলে পাহৰে, অৰ্বুদ দানৰ ফল নিমিষতে লয় হয়। আনহাতে, “বিনয় পৰম ভূষণ।”  সি কৰিব নোৱাৰা একো নাই। বিনয়ীক সকলোৱে ভাল পায় আৰু ক্ষমা কৰে। নম্ৰভাৱে আৰু যুক্তিৰে কব জানিলে দুখৰ কথা কলেও মানুহ অসন্তুষ্ট নহয়। অৱশ্যে কিছুমান মানুহৰ বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী। তেনে ধৰণৰ লোক বেছি ভয়ংকৰ হৈ মনুষ্যত্বত কালিমা সানে।
আজিৰ যুগত সজ আচৰণ, ভাল ব্যবহাৰ, ডাঙৰক সন্মান /শ্ৰদ্ধা কৰা, সৰুক মৰম-স্নেহ কৰা, ধৈর্য, সহ্য ইত্যাদি মানৱীয় গুণবোৰ সমাজৰ পৰা নাইকীয়া হ’ব ধৰিছে। যাৰ ফলত সমাজত হিংসা- বিদ্বেষ,হত্যা-লুণ্ঠন,ধৰ্ষণ ইত্যাদি অমানৱীতাই ছানি ধৰিছে। আটোম-টোকাৰি মানৱৰ সমাজ আজি দানৱৰ সমাজত পৰিণত হ’ব ধৰিছে। জগতত যিমানেই কাজিয়া, হত্যা-লুণ্ঠন হয় হয়তো বেছিভাগ কাৰণেই মুখৰ অশ্লীল কথা অথবা জিভাৰ বকবকনি। জিভাক নিয়ন্ত্রণ কৰিব পৰা জন শীঘ্রেই সকলোৰে প্ৰিয় পাত্র হ’ব পাৰে বিপৰীতে থকাজন বৈৰী হৈ বিচৰণ কৰে। ইয়াক নিৰ্মল কৰাৰ ঘাই উপায় হ’ল নৈতিকতাৰ শিক্ষা গ্রহণ কৰা আৰু আনক প্ৰদান কৰা লগতে সেয়া কৰ্ম ক্ষেত্রত পৰিণত কৰা। সচেতন মহল সাৱধান নহলে অনাগত দিনত জীৱশ্ৰেষ্ঠই ভুগিব লাগিব অশেষ নিৰ্যাতন, যুদ্ধৰ বাতাৱৰণত হাবুডুবু কৰিব লাগিব হয়তো বিষাদৰ সাগৰত।