মানুহে সন্মান সদায় অকলশৰীয়াকৈ আয়ত্ব কৰিব বিচাৰে
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
গোটেই বিশ্বতে বিৰাজমান সকলোবোৰ মানুহৰ মাজতে কিছুমান একেধৰণৰ মানসিক প্ৰবৃত্তি অন্তৰ্নিহিত হৈ থকা দেখা যায়। সেয়েহে কিছুমান সত্য কথা বা ঘটনাবোৰ আমি অনিচ্ছাকৃত হ’লেও স্বিকাৰ কৰিবলৈ বাধ্য হ’বলগীয়া হয়। আমাৰ মাজত বিৰাজমান প্ৰত্যেক জন ব্যক্তিয়ে সন্মান প্ৰাপ্তিৰ প্ৰতি সদায়ে উৎসাহিত হৈ থাকে নহয়নে ? এজন ভিক্ষাৰীৰ পৰা আৰম্ভ কৰি একেবাৰে সফলতাৰ শিখৰত আৰোহণ কৰা ব্যক্তিৰো সন্মান প্ৰাপ্তিৰ প্ৰতি প্ৰবল মানসিক লালসা উৎপন্ন হৈ থাকে। আচলতে আত্ম সন্মান বৃদ্ধিৰ লগে লগে আমাৰ মনোবল অত্যধিক ৰূপত বৃদ্ধি হবলৈ ধৰে। বহুতো লোকৰ মাজত সন্মানিত হ’লে সন্মানিত হোৱা ব্যক্তিগৰাকী মনৰ মাজত আনন্দৰ জোৱাৰ উঠে। আত্ম সন্মান বৃদ্ধি হোৱাৰ লগে লগেই সকলো মানুহে নিজকে লৈ বহু গৰ্ব অনুভৱ কৰিবলৈ ধৰে। সঁচা অৰ্থত কবলৈ গ’লে আত্মসন্মান বা আত্মগৌৰব বৃদ্ধিয়ে শাৰীৰিকভাৱে এজন অক্ষম ব্যক্তিৰ জীৱনতো প্ৰাণৰ সঞ্চাৰ কৰি তোলে।এতিয়া কথা হ’ল আমি সচৰাচৰ লক্ষ্য কৰিলে এটা কথা গম পাম যে মানুহে সন্মান সদায় অকলশৰীয়াকৈ আয়ত্ব কৰিব বিচাৰে। কাৰণ চাৰি পাঁচ জুৱাৰিয়ে একলগে মিলি জুৱাখেলাত বহিবলৈ মান্তি হয়। নাইবা চাৰি পাঁচ জন মদাহী একলগে বহি মদ্যপান কৰিবলৈ মান্তি হোৱা দেখা যায়। কিন্তু চাৰি পাঁচ জন বিদ্বান মানুহ একগোট হৈ থাকিবলৈ পৰাপক্ষত প্ৰস্তুত নহয়। ইয়াৰ প্ৰকৃত কাৰণ কি আপোনালোকে কেতিয়াবা উপলদ্ধি কৰিবলৈ সক্ষম হৈছেনে ? আচলতে চাৰি, পাঁচ জন জুৱাৰি বা মদাহী সকলোৱে একলগ হৈ অপমানবোৰ সহ্য কৰাৰ বাবে সদায় প্ৰস্তুত হৈ থাকে। কিন্তু সন্মান প্ৰাপ্তিৰ সময়ত বা ভাল কাম কৰাৰ সময়ত সকলো মানুহে কেবল অকলশৰীয়াকৈ থাকিব বিচৰা। অৰ্থাৎ চাৰি,পাঁচ জন বিদ্বান একলগে লগলাগিলে নিজৰ আত্মগৌৰব আনতকৈ কমি যোৱাৰ ভয়তে পৰাপক্ষত সকলো বিদ্বান বা জ্ঞানী মানুহে অকলশৰীয়াকৈ থাকিব বিচাৰে। আমাৰ প্ৰত্যেকজন মানুহৰে সহজাত প্ৰবনতা হ’ল মানুহে বেয়া কামত আনকো লিপ্ত কৰাব বিচাৰে । কিন্তু ভাল কামত বা সন্মান প্ৰাপ্তিৰ সময়ত মানুহে অকলশৰীয়াকৈ থাকিবলৈ বিচাৰে।