মানুহে মানুহৰ বাবে …
কবিতা শৰ্মা ৷
কোনো মানুহ অমৰ নহয় ৷ অবধাৰিত মৃত্যুক হাতৰ মুঠিত লৈয়েই এই পৃথিৱীত মানুহৰ জন্ম হয় ৷ জন্ম হোৱাৰ মুহুৰ্তৰ পৰাই আৰম্ভ হয় মৃত্যুমুখে আমাৰ এই অবিৰত যাত্ৰা ৷ জীৱন কালত আমি লাভ কৰা সম্পৰ্কবোৰ , টকা পইচা ,মান-সন্মান , খ্যাতি – যশস্যা এই সকলোবোৰৰ একোৱেই স্থায়ী নহয় ৷
স্থায়ী যদি কিবা আছে তেতিয়াহলে সেয়া কেৱল মাত্ৰ আমাৰ কৰ্ম … . কেৱল মাত্ৰ সজ কৰ্মৰ দ্বাৰাহে এই পৃথিৱীত মানুহে অমৰত্ব লাভ কৰিব পাৰে ৷ মৃত্যুৰ লগে লগে কিছুমান মানুহৰ অস্তিত্ব পৃথিৱীৰ বুকুৰ পৰা চিৰদিনৰ বাবে হেৰাই যোৱাৰ বিপৰীতে ,অন্য কিছু ব্যক্তি নিজৰ সজ গুণ আৰু সজ কৰ্মৰ দ্বাৰা চিৰকালৰ বাবে সকলোৰে অন্তৰত ৰৈ যায় ৷ মানুহ হিচাপে জীয়াই থকাৰ সাৰ্থকতা তাতেই ৷
অজস্ৰ ধন- সম্পত্তি , টকা-পইচা , বিলাসী জীৱন -যাপন , নাম -যশ , জীৱন যোৰা খ্যাতি কেৱল মাত্ৰ এয়াই সফলতাৰ মাপকাঠি নহয় ৷ এই সকলোবোৰ থকাৰ পাছতো এজন মানুহক প্ৰকৃতাৰ্থত সফল বুলি কব নোৱাৰি যদিহে তেওঁ নিজৰ লাভৰ বাবে আনৰ লোকচান বা নিজৰ সুৰক্ষাৰ বাবেআন দহজনক বিপদত পেলাবলৈকো কুন্ঠা বোধ নকৰে ৷ পৃথিৱীৰ বেছিভাগ মানুহে অকনমান সুখ প্ৰাপ্তিৰ আশাত হাবাথূৰি খাই ফুৰে , কিন্তু বিনিময়ত লাভ কৰে মাথোঁ সীমাহীন দুখ ৷ কাৰণ তেওঁলোকে নাজানে সুখৰ পৰিভাষা … টকা-পইচা ,ধন- সম্পত্তি এইবোৰেই সুখৰ কাৰণ হোৱাহেতেন পৃথিবীৰ আটাইতকৈ ধনী ব্যক্তিজনেই আটাইতকৈ সুখী ব্যক্তি হ’লহেতেন ৷ কিন্তু বাস্তৱত সেয়া নহয় ৷ আনৰ পৰা কাঢ়ি আনি পোৱা সুখ আচল সুখ নহয় ৷ কাঢ়ি আনি পোৱা সুখ আৰু দান কৰি পোৱা সুখৰ মাজত আকাশ পাতাল প্ৰাৰ্থক্য ! য’ত অজস্ৰ টকা পইচাৰ গৰাকী এজনেও বিপদৰ সময়ত আনক সহায় কৰিবৰ সময়ত দহবাৰ ভাবিবলগীয়া হয় , তেনে ক্ষেত্ৰত দুবেলা দুসাজ পেট ভৰাই খাবলৈ নোপোৱা দৰিদ্ৰ লোক এজনেও বিপদত পৰা লোকক সহায় কৰিবলৈ এক মুহুৰ্তও চিন্তা নকৰে ৷ আনৰ কথা ভাবিবলৈ , আনক সহায়
কৰিবলৈ অজস্ৰ টকা-পইচাৰ নহয় , মানবীয় গুণৰহে প্ৰয়োজন ৷ প্ৰয়োজন এখন বিশাল হৃদয়ৰ …
দেৱতা আৰু দানবৰ কোনো বেলেগ লোক নাই ৷ এই পৃথিৱীতে কিছু এনে মানুহ আছে যি দেবতুল্য , আন এজনৰ আচৰণ আকৌ দানব সদৃশ ৷ এজনৰ যদি আনক সহায় কৰিবৰ মন , আনজনৰ মন আনৰ অপকাৰ কৰাৰ ৷ সকলোৰে মনবোৰ যদি নিকা আৰু পবিত্ৰ হয় এই পৃথিবী খন কিমান সুন্দৰ হৈ পৰিব ! সকলো মানুহে যদি কেৱল নিজৰ কথা চিন্তা নকৰি কিছু হলেও আনৰ কথা চিন্তা কৰে , তেতিয়াহে হয়তো পৃথিৱীৰ পৰা ধনী – দুখীয়া , উচ্চ- নীচৰ বৈষম্য আঁতৰিব ৷ কোনো মানুহ ভোক বা কষ্টত থাকিব লগীয়া নহব — তেতিয়াহে হয়তো পৃথিৱীৰ বুকুৰ পৰা দুখবোৰো আঁতৰি যাব ৷
জীৱন নামৰ পথটোৰ শেষ স্থান যিহেতুকে মৃত্যু , আমি সকলোৱে এই যাত্ৰাৰ সহযাত্ৰী ৷ কোনো এজন যাত্ৰী যদি আদবাটতে ৰৈ যাব খোজে , যদি আগবাঢ়ি যোৱাত অপাৰগ হয় ,তেন্তে সহযাত্ৰী হিচাপে আমি যিমান দূৰ পাৰো তেওঁকো আমাৰ লগত আগুৱাই নিয়াৰ চেষ্টা কৰা উচিত ৷ তেতিয়াই হব মানৱতাৰ বৃহৎ জয় … সমাজৰ পৰা সকলো দুখ আঁতৰি যাবলৈ বাধ্য হব ৷ তেতিয়াই আমাৰ এই পৃথিৱীখনেই হৈ পৰিব সৰগ সদৃশ …